ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত গোলাঘাট জিলা পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী বিজ্ঞান সমাৰোহ
ৰাইজৰ খবৰ ডিজিটেল, ফৰকাটিংঃ অসমৰ প্ৰথম গৰাকী মৰণোত্তৰ ভাৱে নেত্ৰ আৰু দেহ দান কৰা ৩৪ বছৰীয়া মহিলাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ প্ৰতি লক্ষ্যৰাখি ২০০৪চন প্ৰতিষ্ঠা লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চ, গোলাঘাটৰ উদ্যোগত ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত গোলাঘাট জিলা পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী বিজ্ঞান সমৰোহ দিনাজোৰা কাৰ্যসূচীৰে ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ভাগত ইলোৰা বিজ্ঞান মঞ্চৰ পতাকা উত্তোলন কৰে গোলাঘাট জিলা সভাপতি ডাঃ কুমুদ কুমাৰ দত্তই, ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পতাকা উত্তোলন কৰে সঞ্চালক ড° লাচিত বৰুৱাই। ইয়াৰ পিছতেই উদ্ভিদ বিজ্ঞানী ড° পদ্মেশৰ গগৈ আৰু ডাইনী হত্যাৰ বিৰোধে মাত মতা পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ প্ৰতি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দুগ্ধ দত্তই। প্ৰদৰ্শনী দ্বাৰ উদ্ঘাটন কৰে- ডাঃ কুমুদ দত্তই। ইয়াৰ লগতে সংগতি ৰাখি গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত বিজ্ঞান আৰ্হি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয়। প্ৰতিযোগিতাত জিলা খনৰ ৩৯ টা গ্ৰুপে অংশ গ্ৰহণ কৰে। বিয়লি ১-০০বজাত কমলেশ্বৰ ৰাজখোৱা ন্যাসৰ উদ্যোগত আমন্ত্ৰিত বিজ্ঞানীৰ দ্বাৰা জনপ্ৰিয় বক্তৃতানুষ্ঠান “বিজ্ঞানক কেনেকৈ কেৰিয়াৰ হিচাপে লৈ আগবাঢ়িব পাৰি” শীৰ্ষক বিষয় বস্তুৰ ওপৰত যোৰহাট চি এচ আই আৰ – এন ই আই এচ টি অৱসৰ প্ৰাপ্ত বিজ্ঞানী ড° পিনাকী সেনগুপ্ত আৰু যুৱ বিজ্ঞানী ড° অচ্যুত কোঁৱৰ উপস্থিত থাকি বিভিন্ন বিজ্ঞানী সকলৰ বিষয়ে ভাষণ প্ৰদান কৰাৰ লগতে বিজ্ঞানৰ প্ৰতি আকষিত হব’লৈ অনুপ্ৰেৰণা জনায়। বিজয়ী প্ৰতিযোগী সকলক ধন, মান পত্ৰ আৰু গ্ৰন্থ টোপোলাাৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ আৰম্ভণিতে সমবেত সংগীত পৰিৱেশন কৰে ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰীয়ে। আদৰণি ভাষণ প্ৰদান কৰে ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্ৰী মানসী বৰুৱাই। শলাগৰ শৰাই আগবঢ়াই ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সঞ্চালক ড° লাচিত বৰুৱাই।