ঐতিহাসিক চিনাতলী বৰনামঘৰত বাৰ্ষিক বৰসবাহ মহোৎসৱ
প্ৰকাশ শৰ্মা, গোলাঘাটঃ গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলী বৰনামঘৰত অনুষ্ঠিত হৈছে বাৰ্ষিক বৰসবাহ মহোৎসৱ। ৭৫০ ঘৰ গৃহস্থৰ অংশীদাৰ থকা বৰনামঘৰটিত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হৈছে বাৰ্ষিক বৰসবাহ মহোৎসৱ। দুশ বছৰৰ অধিক পুৰণি নামঘৰটিত বৰসবাহ মহোৎসৱৰ বাবে সমগ্ৰ গাঁওখনতে উদুলি-মুদুলি পৰিবেশ। পৰম্পৰাগত ভাৱে বৰসবাহৰ লগত সংগতি ৰাখি পানী তোলা শোভাযাত্ৰা কাৰ্যসূচীত আহ্লাদিত হোৱা পৰিবেশ। পানীতোলা শোভাযাত্ৰাত অনুষ্ঠিত হৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা। চিনাতলী গাঁৱৰ ৬০ টা বংশই অংশগ্ৰহণ কৰিছে পানীতোলা শোভাযাত্ৰাৰ প্ৰতিযোগিতাত। প্ৰথমে গজৰাজেৰে আৰম্ভ কৰা শোভাযাত্ৰাত গায়ন বায়ন, ভাওনা, চহা কৃষক, মহিলাৰ আই নাম, বিহুনাম , নাগাৰা নাম আদি উপস্থাপন কৰিছে চিনাতলী গাঁৱৰ লোকসকলে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এম্বেছেদৰ লৈ অংশগ্ৰহণ কৰিলে শোভাযাত্ৰাত। ধৰ্মীয় পানীতোলা শোভাযাত্ৰাক গাঁওখনৰ ৰাইজে ঠায়ে ঠায়ে আদৰি সেৱা ল’লে পথতে। বৰসবাহলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগীয়া অগনন ভকতক আজি আদৰিব চিনাতলীবাসীয়ে। ভকতক আপ্যায়নৰ বাবে আহৰি নাই গাঁওবাসীৰ।
চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বৰ্ষৰ বৰসবাহ মহোৎসৱৰ বাবে এতিয়া চিনাতলীত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।