গৃহহীন দেশৰ প্ৰধানমন্ত্ৰী

গৃহহীন দেশৰ প্ৰধান মন্ত্ৰী
নগদ ধন মাত্ৰ ৫২,৯২০ টকা

বুবুল দত্ত, বোকাখাতঃ
ৰাজনীতিৰ পথাৰত ভৰি দিলেই নাৰী-বাড়ী-গাড়ী গোটোৱাটো যেন একপ্ৰকাৰ ফেশ্বনত পৰিণত হৈছে৷ বহু ৰাজনৈতিক নেতা আকৌ মাটি-সম্পত্তি গোটোৱাৰ সমান্তৰালভাৱে দ’মে দ’মে টকাও গোটায়৷ বিপৰীতে গৃহহীন আমাৰ দেশৰ প্ৰধানমন্ত্ৰী।

বিশ্বৰ ৰাজনীতিত সবল শক্তিশালী ৰাজনৈতিক নেতৃত্বৰ আগশাৰীত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ থাকিবলৈ এটা ঘৰ নাই। বিশ্বৰ বৃহৎ জনসংখ্যাৰ দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী গৃহহীন। এতিয়ালৈকে তেখেতৰ নামত নাই এখনো গাড়ী। টকা পইচাৰ ফালৰ পৰাও সবল নহয় আমাৰ প্ৰধানমন্ত্ৰী গৰাকী। নগদ ধন আছে মাত্ৰ ৫২,৯২০ টকা।

মঙলবাৰে অন্তিম পৰ্যায়ৰ সংসদীয় নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে।বাৰানসী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়নৰ সৈতে গাঁথি দিয়া শপতনামাত উল্লেখ কৰিছে এই তথ্য। প্ৰসিদ্ধ বেদ বিশাৰদ গণেশ্বৰ শাস্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিয়া শুভক্ষণত মঙ্গলবাৰে মনোনয়ন দাখিল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অৱশ্যে ঘৰ-মাটি-গাড়ী নেথাকিলেও সাংসদ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ আছে ৩.০২ কোটি টকাৰ অস্থাৱৰ সম্পত্তি। আনহাতে, শপতনামাত উল্লেখ কৰা মতে, মোদীৰ ২০২২-২৩ বৰ্ষত কৰ যুক্ত উপাৰ্জনৰ পৰিমাণ ২৩ দশমিক ৫ লাখ টকা হৈছেগৈ। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গান্ধী নগৰ শাখাত থকা তেখেতৰ একাউন্টত ৭৩,৩০৪ টকা, এচ বি আইৰ বাৰানসী শাখাত মাত্ৰ ৭ হাজাৰ টকাহে জমা আছে। ষ্টেট বেঙ্ক অৱ ইণ্ডিয়াত প্ৰধানমন্ত্ৰী গৰাকীক স্থায়ী জমা ধনৰ পৰিমান ২,৮৫,৬০,৩৩৮ টকা থকাৰ কথা শপতনামাত উল্লেখ আছে। উল্লেখ থকা মতে ২,৬৭,৭৫০ টকা মূল্যৰ ৪ টা সোণৰ আঙুঠিও আছে মোদীৰ৷ দুবাৰকৈ বাৰানসী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আয়, উপাৰ্জন আৰু সম্পত্তিৰ দিশ চকুত লগা ধৰণৰ।

মঙলবাৰে মনোনয়ন দাখিলৰ সময়ত দেশৰ বিজেপি শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলে মোদীক সংগ দিছিল।অসমৰ পৰা এন ডি এ মৰ্চাৰ সহযোগী দল অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই সংগ দিছিল মোদীক।

Related Posts

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

অন্যান্য বাতৰি

জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ