গোলাঘাট জিলা ভিত্তিত চিত্রাংকন প্রতিযোগিতা

গোলাঘাট জিলা ভিত্তিত চিত্রাংকন প্রতিযোগিতা

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ বোকাখাত উপ-জিলাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়াস্থিত ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া সোঁৱৰণী পুথিভঁৰালৰ উদ্যোগত গোলাঘাট জিলা ভিত্তিত চিত্রাংকন প্রতিযোগিতা অয়োজন কৰা হৈছে। অহা ৫ জুলাইত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা শাখাত এই চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব। ‘ক’ শাখা-প্রাথমিক বিদ্যালয় পৰ্যায়ত আৰু ‘খ’ শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈকে। প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ হ’লঃ প্রথম ২০০০ টকা, দ্বিতীয় ১,৫০০ টকা আৰু তৃতীয় ১,০০০টকা। লগতে মানপত্ৰ আৰু অন্যান্য উপহাৰ থাকিব। ইচ্ছুক প্রতিযোগীয়ে সবিশেষ জানিবৰ বাবে ৯৮৫৪৩৮৪৯৬১ বা ৯৪০১১২৫১২৭ ফোন নম্বৰত যোগাযোগ কৰাৰ লগতে অহা ২৯ জুন তাৰিখৰ ভিতৰত এই নম্বৰত হোৱাটছএপ যোগে যোগদান নিশ্চিত কৰিব লাগিব বুলি প্ৰতিযোগিতা আয়োজক সমিতিৰ মুখ্য আহ্বায়ক যতীন কাকতিয়ে এক প্ৰেছ বিবৃতি যোগে জনাইছে। চিত্র অংকনৰ প্ৰতিযোগীক কেৱল কাগজৰ যোগান ধৰা হ’ব। প্রতিযোগিতাৰ দিনাই পুৰস্কাৰ প্ৰদানৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। ইচ্ছুক প্রতিযোগীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰিব বুলিও বিবৃতিত প্ৰকাশ।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা