বোকাখাতত ইমাৰ্জেঞ্চি চলাই হিমাচলত মোহময়ী কংগনা

বোকাখাতত ইমাৰ্জেঞ্চি চলাই হিমাচলত মোহময়ী কংগনা

বুবুল দত্ত, বোকাখাতঃ ২০২২ চনৰ নৱেম্বৰত মাহত বোকাখাতত চলিছিল “ইমাৰ্জেঞ্চি”। গৰু গাড়ীৰ পৰা অত্যাধুনিক যান – বাহন, বৃহদাকাৰ যন্ত্ৰ পাতিৰে সমৰ সজ্জা চলিছিল ইমাৰ্জেঞ্চিৰ।
বোকাখাতৰ নিকৰিঘাটত স্থাপন কৰিছিল মূল শিৱিৰ। বালিজান আমটেঙাতো চলিছিল যুদ্ধৰ প্ৰস্তুতি। ইমাৰ্জেঞ্চিৰ ডাঁৰৰ বাতৰি ডাঁৰে সংগ্ৰহ কৰিবলৈ ব্যস্ত হৈ পৰিছিল বোকাখাতৰ সাংবাদিক।

এইয়া কাল্পনিক কথাও নহয়। এইয়া চৰকাৰে ঘোষনা কৰা ইমাৰ্জেঞ্চিও নহয়।

মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱতৰ বোলছবি “ইমাৰজেঞ্চি”ৰ ছুটিঙ চলিছিল বোকাখাতত।
কাজিৰঙাত বাহৰ পতা বলিউড কুইন কংগনাই বোকাখাতৰ নিকৰিঘাটত চলাইছিল” ইমাৰজেঞ্চি “ৰ ছুটিং। ইমাৰ্জেঞ্চিত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনাই।

কিন্তু এইবাৰ কংগনা ৰানাৱতৰ কাল্পনিক কাহিনীৰ ছুটিং নহয়। বাস্তৱ জীৱনক টানি আনিছে ৰাইজৰ মাজলৈ। এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে মোহময়ী কংগনা। হিমাচল প্ৰদেশৰ মাণ্ডি সংসদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰিছে কংগনা ৰাণাৱতে। বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজা ঘৰ মাটি গাড়ী এখনো নথকাৰ বিপৰীতে কংগনাৰ আছে ৯০ কোটিৰো অধিক টকাৰ সম্পত্তি আৰু তিনিখন বিলাসী গাড়ী।কংগনাই নিজৰ মনোনয়ন পত্ৰত গাঁঠি দিয়া শপতনামাত উল্লেখ কৰিছে এই তথ্য।


বলিউদৰ জনপ্ৰিয়তাক মূলধন হিচাপে লৈ ৰাজনৈতিক জগতত প্ৰৱেশ কৰা ৩৭ বছৰীয়া অভিনেত্ৰী গৰাকীৰ হাতত নগদ ধন আছে ২ লাখ। বেংকত আছে ১.৩৫ কোটি টকা।
৯০ কোটিৰো অধিক সম্পত্তিৰ গৰাকী কংগনাৰ আছে ২৮ কোটি ৭ লাখ টকাৰ অস্থাৱৰ সম্পত্তি। আছে ৬২ কোটি ৯ লাখ টকাৰ স্থাৱৰ সম্পত্তি। মুম্বাই,মনালি,পাঞ্জাৱত আছে তেওঁৰ সম্পত্তি।
বি এম ডব্লিউ আৰু মাৰ্চিডিজ কোম্পানীৰ তিনিখন গাড়ী আছে তেওঁৰ। শপত নামাত উল্লেখ থকা মতে মাৰ্চিডিচ “মেবেচ” গাড়ী খনৰ দাম ৩ কোটি ৯১ লাখ।

ৰ’ব! ইমানেই নহয়, ৰাজনীতিত খোজ দিয়া মোহময়ী কংগনাৰ আছে ৫ কোটি টকা মূল্যৰ ৬ দশমিক ৭ কিলোগ্ৰাম সোণৰ অলংকাৰ। তেওঁৰ হাতত থকা ৬০ কিলোগ্ৰাম ৰূপৰ অলংকাৰৰ মূল্য ৫০ লাখ টকা। আছে ৩ কোটি টকাৰ হীৰাৰ অলংকাৰ।জীৱন বীমা নিগমত আছে ৫০ টা পলিচি। অৱশ্য ৭ কোটিৰো অধিক টকাৰ ঋণ থকা বুলিও শপতনামাত উল্লেখ কৰিছে কংগনাই।
সৰ্বসাধাৰণৰ বাবে আকাশ কুসুম যেন লগা মোহময়ী অভিনেত্ৰী সকলে এনেকৈয়ে খোজ পেলাই বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতৰ ৰাজনীতিত।

Related Posts

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

অন্যান্য বাতৰি

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন