যোৰহাটত আন্তঃজিলা আৰু অসম ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ

পাঁচ শতাধিকৰো অধিক প্ৰতিযোগীৰ যোগদান

জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজিৰে পৰা যোৰহাট কুশল কোঁৱৰ ইনডৰ ষ্টেডিয়ামত অসম টেবুল টেনিছ সংস্থাৰ সহযোগত যোৰহাট জিলা টেবুল টেনিছ সংস্থাৰ উদ্যোগত আয়োজিত ৭২ সংখ্যক আন্তঃজিলা আৰু অসম ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি আৰম্ভ হৈছে। উল্লেখ্য যে, ১১, ১৩, ১৫, ১৭ আৰু ১৯ বছৰ অনূৰ্ধ্ব শাখা, মেনছ আৰু অ’মেনছ শাখাৰ উপৰিও ১১ আৰু ১৭ বছৰ অনূৰ্ধ্ব শাখা দুটা ইণ্ডিভিজুৱেল ভাৱে অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ১৫খন জিলাৰ পৰা পাঁচ শতাধিকৰো অধিক প্ৰতিযোগীয়ে যোগদান কৰিছে আৰু আজি পুৱা ৮.৩০ বজাৰ পৰা প্ৰতিযোগিতসমূহ আৰম্ভ হৈছে। আনহাতে আজিৰ পৰা অহা দুই ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনি আজি বিয়লি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্ৰেতাং মিশ্ৰই। উদ্বোধনী অনুষ্ঠানৰ প্ৰাকক্ষণত অসম টেবুল টেনিছ সন্থাৰ পতাকা উত্তোলন কৰে অসম সন্থাৰ সম্পাদক কাৰফিউ ৰয়ে আৰু জিলাৰ পতাকা উত্তোলন কৰে জিলা সন্থাৰ সভাপতি ঈশ্বৰ প্ৰসাদ বৰঠাকুৰে। পায়ল শৰ্মাই আঁত ধৰা আৰু অসম টেবুল টেনিছ সন্থাৰ উপ-সভাপতি নয়ন জ্যোতি শৰ্মাই আদৰণি ভাষণেৰে আৰম্ভ হোৱা উদ্বোধনী সভাত সভাপতিত্ব কৰে যোৰহাট জিলা টেবুল টেনিছ সন্থাৰ সভাপতি ঈশ্বৰ প্ৰসাদ বৰঠাকুৰে। লগতে উদ্বোধনী সভাত উপস্থিত থাকে অসম টেবুল টেনিছ সন্থাৰ কোষাধ্যক্ষ ৰাজীৱ শৰ্মা, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, কুশল কোঁৱৰ ইনডৰ ষ্টেডিয়ামৰ সভাপতি ননী দত্ত, যোৰহাট ছুইমিং ছ’চাইটিৰ সভাপতি ৰক্তিম শইকীয়া, অ’ এন জি চি চিনামৰা শাখাৰ বেচিন মেনেজাৰৰ হৈ প্ৰতিনিধিত্ব কৰে মায়াধৰ চাহু, এচ বি আই ৰিজনেল মেনেজাৰ অনুৰাগ অৰ্পণ। প্ৰতিযোগী সকলৰ দ্বাৰা মাৰ্চ পাচেৰে জীপাল হোৱা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানৰ শলাগৰ শৰাই প্ৰদান কৰে যোৰহাট জিলা টেবুল টেনিছ সন্থাৰ উপ-সভাপতি দেৱজ্যোতি শ্ৰুতিকৰে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান