শংকৰদেৱ শিশু নিকেতন ৰজাবাৰীত দবা খেলৰ প্ৰস্তুতি শিৱিৰ
ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীৰে যোৱা ৩ আগষ্টৰ পৰা শংকৰদেৱ শিশু নিকেতন, ৰজাবাৰীত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ আৰু প্ৰস্তুতি শিৱিৰ সামৰণি পৰে৷ অনুষ্ঠানৰ প্ৰথম দিনা প্ৰস্তুতি শিৱিৰৰ শুভাৰম্ভ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ শিশু নিকেতন ৰজাবাৰীৰ পৰিচালনা সমিতিৰ সভাপতি পুহেশ্বৰ গগৈৰ লগতে প্ৰস্তাৱিক ভাষণ আগবঢ়ায় বিদ্যাভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ সহ খেল প্ৰমুখ ভাৰ্গৱজ্যোতি গগৈ৷ ইপিনে, নিকেতনৰ প্ৰধানাচাৰ্য মানিক চন্দ্ৰ শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা শিৱিৰটিত প্ৰশিক্ষকসকলৰ হৈ বক্তব্য আগবঢ়ায় ৰাষ্ট্ৰীয় নিৰ্ণায়ক সঞ্জীৱ গগৈ আৰু আশীষ বচন ৰাখে শিশু শিক্ষা সমিতি, অসমৰ কাৰ্যকৰী পৰিষদৰ সদস্য তথা প্ৰান্তীয় খেল পৰিষদৰ অধ্যক্ষ সুবোধ বৰাই৷ এই প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰে ইতিপূৰ্বে ধেমাজিত অনুষ্ঠিত হোৱা বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰ দবা প্ৰতিযোগিতাত ল’ৰা আৰু ছোৱালীৰ বিভিন্ন বয়সৰ শাখাত প্ৰথম স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে৷ দুদিনীয়া প্ৰশিক্ষণ শিৱিৰটোত বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ দবা খেলৰ সংযোজক আচাৰ্য উমাকান্ত উপাধ্যায়, গোলাঘাট জিলা দবা সন্থাৰ সভাপতি দায়েৰী প্ৰসাদ উপাধ্যায়, বিশিষ্ট দবাৰু অৰুণজ্যোতি দাস আৰু আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটেড দবাৰু ধ্ৰুৱজ্যোতি সাহাই প্ৰশিক্ষণ প্ৰদান কৰে৷ মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী, ৪ গৰাকী তত্ত্বাৱধায়ক আচাৰ্য-আচাৰ্যা আৰু ৩ গৰাকী খেল পৰিচালকক লৈ গঠিত এই দলটো অহা অক্টোবৰ মাহত বিহাৰৰ পাটনাত অনুষ্ঠিত হ’ব লগীয়া বিদ্যাভাৰতীৰ ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত পূৰ্বোত্তৰ ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰিব৷