প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ যোৰহাটৰ সাংবাদিক জিতু কলিতাৰ
নিউজ ডেস্ক, ৰাইজৰ খবৰ ডিজিটেলঃ নতুন দিল্লীত ৰাষ্ট্ৰীয় মেডিয়া চেণ্টাৰত ৫ আগষ্টত নিয়মীয়া বাৰ্তাৰ সাংবাদিক জিতু কলিতাক প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে৷ যোৰহাট নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকর্মী জিতু কলিতাক প্রেছ কাউন্সিল অৱ ইণ্ডিয়াই ২০২৩ বৰ্ষৰ বঁটা প্ৰদান কৰে৷ নতুন দিল্লীৰ National Media Centreত আয়োজন কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ ২০২৩ বৰ্ষৰ বাবে জিতু কলিতাক গ্রাম্য সাংবাদিকতাত উৎকৃষ্টতাৰ বাবে নিৰ্বাচন কৰে৷ উল্লেখযোগ্য যে প্রেছ কাউন্সিল অৱ ইণ্ডিয়াই বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা প্ৰিণ্ট মিডিয়াৰ উৎকৃষ্ট সাংবাদ সমূহৰ পৰা নিৰ্বাচন কৰি বিগত বৰ্ষসমূহৰ দৰে এই ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰি আহিছে। গ্রাম্য সাংবাদিকতাত উৎকৃষ্টতা প্ৰদৰ্শন কৰা বাবে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ হৈ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশায়ে অধ্যক্ষ কৰা সভাত দেশৰ প্ৰবীণ সাংবাদিক অশোক টেণ্ডনে এই বঁটা প্ৰদান কৰে৷ এই বঁটাত আছে ৫০ হাজৰ টকাৰ চেকসহ এখন মানপত্ৰ আৰু স্মাৰক৷ কলিতাই ২০২২ চনৰ ৪ এপ্রিলত প্রকাশিত ‘পানী উত্তোলন-পৰিশোধনৰ নামত লুণ্ঠন বহিৰাগত কোম্পানীৰ’ শীর্ষক বাতৰিৰ দ্বাৰা এই বঁটাটো পাবলৈ সক্ষম হয়। যোৰহাটৰ উপকণ্ঠ ৰংদৈ দ-গাঁও নিৱাসী প্রয়াত ভোগেশ্বৰ কলিতা আৰু গোবান্ধী কলিতাৰ কনিষ্ঠ পুত্র জিতু কলিতাই বিগত কুৰি বছৰ ধৰি অসমৰ লগতে দেশী-বিদেশী বহু সংবাদ প্রতিষ্ঠানসমূহত বাতৰি প্ৰকাশ কৰি আন্তৰ্জাতিক ভাৱে খ্যাতি অৰ্জন কৰি আহিছে। কলিতাই অসম তথা উত্তৰ- পূর্বাঞ্চললৈ প্ৰেছ কাউন্সি ইণ্ডিয়াৰ পৰা ৰাষ্ট্ৰীয় বঁটা পোৱা প্ৰথমজন প্ৰিণ্ট মেডিয়াৰ সাংবাদিক৷ ইতিমধ্যে কলিতাৰ ভাৰতৰ প্ৰেক্ষাপটত বহু কেইটা বাতৰিৰ যোগেদি ফ্ৰাঞ্চ, টাইৱান, কম্বোডিয়া আদি দেশৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিগত সময়ত সুখ্যাতি অৰ্জন কৰি আহিছে৷ ইয়াৰ পূৰ্বে কলিতাই পক্ষীবিদ চেলিম আলিৰ গ্ৰুপ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° ৰবিশংকৰণ সোঁৱৰণি বঁটা আৰু মাজুলী দত্তদেৱ গোস্বামীৰ সোণৰ পদক আদি বহুকেইটা গুৰুত্বপূৰ্ণ সন্মানীয় বঁটা লাভ কৰিছে৷ শেহতীয়াকৈ সাংবাদিকগৰাকীৰ সফলতাত অসম ৰাজ্যিক সাংবাদিক সন্থা, ইণ্ডিয়ান জার্ণেলিষ্ট ইউনিয়ন নতুন দিল্লী আৰু নৰ্থ ইষ্ট জাৰ্ণেলিষ্ট ইউনিয়, পূৱ-যোৰহাট সাংবাদিক সন্থা, যোৰহাট জিলা সাংবাদিক সন্থা আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সদস্য সকলে শুভেচ্ছা জ্ঞাপন কৰা লগতে কলিতাই অসমৰ বাবে এক ইতিহাস গঢ়াত উৎফুল্লিত হৈ পৰিছে৷