বিবিধা
আপোনাৰ সন্তানক মানুহ হ’বলৈ দিয়ক
— কুমাৰ বিভূতি, নগাঁও, মবাইলঃ ৯৪০১৭২৩৯৬৬
উত্তৰ আধুনিক চিন্তাৰে পৰিপুষ্ট আমাৰ সমাজ ব্যৱস্থা আজি এনে এক ক্ষণত উপনীত হৈছেহি যে আমি এই সময়চোৱাত যেন কাৰো কথা বা হিতোপদেশ শুনাৰ পৰিবেশ নাই। ক্ৰমাগত ভাৱে বাঢ়ি অহা শৈক্ষিক উত্তৰণৰ বাতাবৰণত আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি উপদেশ দিবলৈ গৈ হিতে বিপৰীত হোৱাৰ কথাহে চকুত ধৰা পৰে। এয়া শিক্ষাৰ নামত পৰ্বতাৰোহণ নে জ্ঞানৰ অৱনমন সেয়া আমাৰ বাবে এক নুবুজা সাঁথৰ। শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞাৰ ধাৰণা আমাৰ সমাজত বৰ এটা স্পষ্ট নহয় যেন লাগে। শিক্ষিত মানেই জ্ঞানী বুলি ভবাৰ অৱকাশ আছে জানো? সামাজিক স্থিতিৰ সুৰক্ষিতকৰণ আৰু মানৱীয় প্ৰমূল্যবোধৰ আধাৰ নিৰ্ণয়ৰ বিষয়টোৰ আলোচনা আমাৰ সমাজত বৰকৈ হোৱা দেখা নাযায়। এষাৰ কথা আছে আদাক দেখি উঠিল গা কেঁতুৰিয়ে বোলে মোকো খা। প্ৰচলিত সমাজ ব্যৱস্থাত আমাৰ অভিভাৱক সকলে শিশু এটাই মাতৃ গৰ্ভত ভ্ৰুণ হৈ স্থিতি লোৱাৰ সময়ৰ পৰাই এনে কিছুমান আচহুৱা পৰিবেশ দিয়াৰ প্ৰয়াস কৰে যিটো দেখিলে আচৰিত নহৈ নোৱাৰি। অভিভাৱক সকলৰ অধিকাংশই ভাৱে আনৰ লৰা ছোৱালী যি হয় হওক আমাৰটো কিন্তু ডাক্তৰ , ইঞ্জিনীয়াৰ বা প্ৰবক্তা হবই লাগিব। এই ডাক্তৰ , ইঞ্জিনীয়াৰ বা প্ৰবক্তাৰ সপোন দেখি অভিভাৱক সকলে এনেকৈ প্ৰতিযোগিতাত নামি পৰে যে এপোৱা ধৰা গিলাচটোত একলিটাৰ গাখীৰ ভৰাইহে এৰিব। পাছে সেয়া জানো সম্ভৱ ? এপোৱা আয়তনৰ গিলাচত এপোৱা গাখীৰেই ধৰিব। তাতকৈ অধিক বাকিবলৈ গলে কি হ'ব সেয়া সকলোৰে জ্ঞাত । সন্তান এটাৰ বুদ্ধিদীপ্ত জ্ঞানৰ পৰিসীমা বুজিবলৈ অভিভাৱকসকলে অকণো যত্ন নকৰে। মাছ এটাক হাবিৰ মাজত বাঘৰ দৰে দৌৰিবলৈ দিলে সি জানো পাৰিব? বা বাঘ এটাক পানীত নমাই দিলে মাছৰ দৰে আচৰণ কৰিব পাৰিব জানো? এইকথা আমাৰ অভিভাৱক সকলে বুজিও নুবুজোঁ। আমাক লাগে গ্লেমাৰ, আমাৰ লাগে সস্তীয়া জনপ্ৰিয়তা, আমাক লাগে আয়াসত ধন ঘটাৰ কৌশল। কথাখিনি এইকাৰণেই পাতনি মেলিব লগা হৈছে যে আজিৰ লেখাৰ বিষয়টোৱেই অলপ বেলেগ। গতিকে এই ব্যতিক্ৰমী যাত্ৰাত কিছু আচহুৱা কথাৰ প্ৰসংগ অহাটো তেনেই স্বাভাৱিক। নতুন প্ৰজন্মৰ শিশু সকলৰ বিপথগামীতাৰ বাবে প্ৰকৃততে দায়ী কোন? অহৰ্নিশে নতুন প্ৰজন্মক দোষাৰোপ কৰি থাকিলেই সমস্যাৰ সমাধান হ'বনে? আমি অভিভাৱক সকলে সন্তানৰ পৰা কি বিচাৰোঁ? উচ্চ শিক্ষাৰে শিক্ষিত হওক, ভাল এটা চাকৰি পাওঁক, সুখৰ এখন সংসাৰ কৰক, নাতি পুতিৰে ঘৰ ভৰক, বিদেশত ঘৰ হওক, সম্পত্তিৰ উপৰি সম্পত্তি হওক ইত্যাদি ইত্যাদি। কিন্তু প্ৰকৃততে ভবাৰ দৰেই জীৱনৰ সপোনবোৰ ফলিয়াই জানো? জীৱনৰ বাটত আগুৱাই যোৱাৰ পৰত জীৱনটোক কোনো সংজ্ঞাৰে সজাই ল'ব পৰা যায় জানো? এনে অভিভাৱক হয়তো খুবেই কম ওলাব যিয়ে তেওঁৰ সন্তানক মানুহ কেৱল মানুহ গঢ়াৰ কাৰণে যত্ন কৰে। অথবা জ্ঞান অৰ্জনৰ কাৰণে সন্তানক আগুৱাই দিয়ে। সকলোৱে ভগৎ সিঙৰ কাহিনী পঢ়ে, কিন্তু নিজৰ সন্তানক ভগৎ সিং হোৱাৰ সপোন নেদেখে। সিদ্ধাৰ্থৰ পৰা গৌতম বুদ্ধ হোৱাৰ কাহিনী সকলোৱে পঢ়ে কিন্তু নিজৰ সন্তানক তেনে সন্যাস লবলৈ দিব নোখোজে। সকলোৱে মাথোন ভাৱে আমাৰ সন্তান ডাক্তৰ হওক, ইঞ্জিনীয়াৰ হওক, প্ৰবক্তা হওক, অধ্যাপক হওক,ডাঙৰ মানুহ হওক, বিদেশত থাকক ,অগাধ সম্পত্তিৰ মালিক হওক। মানুহ হোৱাৰ মন্ত্ৰ কিন্তু কোনেও নিশিকে, কোনেও নিশিকাই। কাগজে কলমে নিয়ম শিকাই এটা আৰু বাস্তৱত তাৰ ওলোটা ছবি । কথাবোৰ কিবা দেখোন আউল লগা। যদি এয়েই হয় তেন্তে আমি বাসকৰা সমাজখন সুন্দৰ হব কেনেকৈ? বৃদ্ধাশ্ৰমবোৰ বন্ধ হব কেনেকৈ? সমাজত ঘটি থকা অন্যায়, অনীতিৰ প্ৰতিবাদ কৰিব কোনে? সকলো যদি সুবিধাবাদীয়েই হয় তেন্তে জীৱনৰ মহামন্ত্ৰ শিকিম কাৰপৰা ? শিকাব কোনে ? শিশুক সৰুৰে পৰা এনে উপদেশ দিয়া হয় যিবোৰ ডাঙৰে নকৰিলেও হয়, সৰুৱেহে কৰিব লাগে। এই ডাঙৰ-সৰুৰ সীমাৰেখাডাল ক'ত সেই কথা অকণো নুবুজোঁ। মাথো ইজনে সিজনক হোৱাই নোহোৱাই দিব বিচাৰে উপদেশ ,উপদেশ আৰু উপদেশ। হজৰতে মিঠাই নোখোৱাকৈ থাকি চেনী খাবলৈ মানা কৰাৰ লেখীয়া উপদেশ দিওঁতাৰ যেন আজি অভাৱ। নীতিহীন উপদেশে কাৰ কামত আহিব?
এটা সময় আছিল অসমৰ গাওঁসমূহৰ প্ৰতি গাঁৱত একোটাকৈ নামঘৰ আছিল আৰু সেই নামঘৰসমূহ ধৰ্মীয় উপাসনাৰ লগতে সংস্কৃতিৰ চোঁ ঘৰ আছিল। অঞ্চলটোত একো একোজন মুখীয়াল লোক আছিল আৰু তেওঁৰ কথামতেই গোটেই সমাজখন এক হৈ আছিল। কিন্তু এতিয়া? গাওঁবোৰত শিক্ষিতৰ সংখ্যা বাঢ়িল। নামঘৰ একোখন গাঁৱত চাৰিটা পাঁচটা হল, একোটা নামঘৰত ছয় সাতটা খেল হল। মুঠতে সকলো ফালেই জাতিস্কাৰ। এয়া শিক্ষিতৰ সংখ্যা বঢ়াৰ ফল নে জ্ঞানী লোকৰ সংখ্যা কমাৰ ফল বুজিবলৈ টান। এটা কথাত আচৰিত হওঁ কাৰোবাক কুকুৰৰ পোৱালি বুলি কলে খঙত অগ্নিশৰ্মা হৈ পৰে আৰু বাঘৰ পোৱালি বুলি কলে বুকু ফুলি উঠে । অথচ দুয়োটাই কিন্তু জন্তু। কথাবোৰ আচৰিত নালাগেনে বাৰু? সঁচা অৰ্থত কবলৈ গলে আমি মানুহ হবলৈ শিকা নাই। শিক্ষিত হৈছোঁ ,ধনী হৈছোঁ , অট্টালিকা সাজিছোঁ, গাড়ী কিনিছোঁ, দামী মবাইল ফোনত কথা পাতিছোঁ, ৰিলছ্ বনাইছোঁ, টেক্স দিছোঁ সমান্তৰাল ভাৱে আচৰিত ধৰণেৰে আকৌ চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে দিয়া বিনামূলীয়া আঁচনিত নাম ভৰাবৰ কাৰণে হেতা ওপৰা লগাইছোঁ, ক্ষুদ্ৰ ক্ষুদ্ৰ -চিন্তাৰে পৰস্পৰে পৰস্পৰক হনা বিন্ধা কৰিছোঁ। দৰিদ্ৰ দৰিদ্ৰ হৈয়েই ৰৈছে আৰু ধনীবোৰ ধনী। আমাৰ কৰ্মৰ মাজেৰেই আমাৰ মানসিকতা দেখুৱাই আহিছোঁ । আমি -ভাবোঁ আমাক কোনেও দেখা নাই, বুজা নাই। অথচ প্ৰত্যেকেই প্ৰত্যেকৰ চকুত জলজল পটপটকৈ ধৰা পৰি আছোঁ।
যি কি নহওঁক এটা কথা অনুভৱ কৰোঁ যে জীৱন সম্পৰ্কীয় জটিল বিষয়ৰ গভীৰতালৈ নোযোৱাকৈয়ো আমি উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ সমান্তৰালভাৱে শৈশৱৰে পৰা আধ্যাত্মিক চিন্তা চেতনাৰে পুষ্ট হৈ একোজন ভাল মানুহ হোৱাৰ সংকল্প লোৱা উত্তম । নতুন প্ৰজন্মক জ্ঞান , প্ৰজ্ঞা আৰু শিক্ষাৰ সঠিক বিশ্লেষণৰ সুবিধা দিয়াৰ প্ৰয়োজন। পৰীক্ষাত নম্বৰ প্ৰাপ্তিৰ অঘোষিত প্ৰতিযোগিতাত নমাই ছাত্ৰ ছাত্ৰী সকলৰ কোমল মনত জোৰকৈ ডাঙৰ সপোন দেখুওৱাৰ সলনি সিহঁতৰ নিজা বুদ্ধিমত্তাৰ জোখেৰে সপোন দেখি আগুৱাই যোৱাৰ সুবিধা দিয়া উচিত বুলি ভাবোঁ। লগতে তেওঁলোকক আধ্যাত্মিক চিন্তাৰ পৰিবেশ এটাও দিব লাগে। কাৰণ এনে চেতনাই মানুহক সংস্কাৰী পথৰ সন্ধান দিয়ে। এইটো উপদেশ বা পৰামৰ্শ বুলি নাভাবি সকলোৱে নিজৰ চিন্তা বুলি গ্ৰহণ কৰিলে আমি বাস কৰা সমাজখন স্বত:স্ফুটভাৱেই সুস্থিৰ হৈ উঠিব বুলি আমাৰ বিশ্বাস।