শনিবৰীয়া স্বাস্থ্য বিশেষ
থাইৰয়ড প্ৰতিৰোধৰ বাবে কি খাব, কি কৰিব ?
—ডা° মানৱেন্দ্ৰ নায়ক, মেডিচিন বিশেষজ্ঞ
ফোন নম্বৰঃ ৯৪৩৫১৪৪৪৭৫
থাইৰয়ড হৈছে এটি সৰু গ্রন্থি। ডিঙিত থকা এই গ্রন্থিটোৱে নিঃসৰণ কৰা হৰম’নে শৰীৰৰ বিভিন্ন গুৰুত্বপূর্ণ অংগৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। শৰীৰৰ কেইবাটাও গুৰুত্বপূর্ণ কার্য সম্পাদনত বিশেষ ভূমিকা গ্রহণ কৰে। সেইবাবে এই হৰম’ন নিয়ন্ত্রণত থকাটো গুৰুত্বপূর্ণ বিষয়। শ্বাস- প্রশ্বাসৰ পৰা আৰম্ভ কৰি হৃদস্পন্দন, শৰীৰৰ ওজন, হজম হোৱাত সহায় কৰে। বিশ্বত অতি কমেও ১২ শতাংশ লোক থাইৰয়ডৰ সমস্যাত আক্রান্ত। এতিয়া বহুতো লোকে এই ৰোগত আক্রান্ত হয় যদিও প্রথম অৱস্থাত বিশেষ গুৰুত্ব প্রদান কৰিব নোখোজে। ৰোগে জটিল ৰূপ ল’লেহে চিকিৎসকৰ ওচৰলৈ যায়। থাইৰয়ড দুই ধৰণৰ- হাইপাৰ থাইৰয়ড আৰু হাইপ’ থাইৰয়ড । দুয়োবিধ থাইৰয়ডেই সমস্যাৰ সৃষ্টি কৰে। সেয়েহে কোৱা হয় থাইৰয়ড গ্রন্থিটোৱে নিঃসৰণ কৰা হৰম’নৰ পৰিমান বেছি হ’ব নালাগে অথবা কমো নোহোৱাটোৱেই মংগলজনক।
লক্ষণসমূহঃ
- এনে সমস্যাত ভোগা ৰোগীয়ে সঘনাই ক্লান্তিবোধ কৰে। অর্থাৎ সোনকালে ভাগৰ লাগে।
- থাইৰয়ডৰ আন এক লক্ষণ হৈছে কোনো কাৰণ নোহোৱাকৈ কেইবাদিন ধৰি ঠাণ্ডা অনুভৱ হোৱা।
- বিশেষ কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন হ্রাস পোৱাটো আন এক লক্ষণ হিচাপে গণ্য কৰা হয়।
- এনে হ’লে আক্রান্তজনৰ টোপনিত ব্যাঘাত জন্মে।
- এই ৰোগৰ আন এক লক্ষণ হৈছে পেশীৰ দুৰ্বলতা।
কেতিয়াবা হঠাতে পেশী দুৰ্বল হৈ পৰে। - হঠাতে শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে।
- আক্ৰান্তৰ চুলি বেছিকৈ সৰিবলৈ ধৰে।
- ছালখন শুস্ক হোৱাৰ লগতে খজুৱতি আৰম্ভ হয়।
- এনে হ’লে ডিপ্লেচন বা হতাশাই গা কৰি উঠে।
- কেতিয়াবা কাৰোবাৰ পাহৰণিৰ সমস্যা হ’ব পাৰে।
- হৃদস্পন্দন বৃদ্ধি পায়।
- মহিলাসকলৰ ঋতুস্রাব অনিয়মীয়া হয়।
- মাজে মাজে প্ৰচুৰ পৰিমাণে ঘাম ওলায়।
- উত্তেজনাও বৃদ্ধি হোৱা দেখা যায়।
- বুকুখন ধৰফৰ কৰিব পাৰে।
- বমি অথবা ওকালিৰ উপৰি হাত কঁপিব পাৰে।
- কিছুমানৰ এনে হ’লে যৌন উত্তেজনা হ্রাস পায়।
কোন বেছিকৈ আক্রান্তৰ আশংকা থাকে ?
- সাধাৰণতে মহিলাসকল এনে সমস্যাত আক্রান্ত হোৱাৰ আশংকা বেছি।
- তেজস্ক্রিয় ৰশ্মি বা ৰেডিয়েচন থেৰাপিয়ে মস্তিষ্কৰ কৰ্কট ৰোগ বৃদ্ধিৰ আশংকা থাকে।
- বংশগত কাৰণতো থাইৰয়ডৰ চিকাৰ হ’ব পাৰে। যদিহে পৰিয়ালৰ কোনো লোক এই ৰোগত আক্রান্ত তেতিয়াহ’লে আন সদস্যৰ হোৱাৰ আশংকাই অধিক।
- কিছুমান ৰোগত আক্রান্ত হ’লে বিশেষকৈ টাইপ- ১ ডায়েবেটিছ, ৰিউমেটইড আথ্রাইটিছ থাকিলেও এনে হ’ব পাৰে ।
- ৬০ ঊর্দ্ধৰ লোক বিশেষকৈ মহিলাসকলৰ হোৱাৰ আশংকা বেছি।
- চয়াবিনজাতীয় খাদ্য খালেও আশংকা থাকে।
আয়’ডিনৰ সৈতে সম্পৰ্ক
আয়োডিন হৈছে প্ৰকৃতিৰ বুকুৰ পৰা লাভ কৰা এবিধ গুৰুত্বপূর্ণ উপাদান যিয়ে স্বাস্থ্যৰক্ষাত সহায় কৰে। শৰীৰৰ স্বাভাৱিক বিকাশৰ লগতে মস্তিষ্ক আদিৰ গঠনত সহায় কৰে। আয়োডিনৰ অভাৱতেই শিশুৰ মানসিক বিকাশত ব্যাঘাত জন্মে। এগৰাকী পূৰ্ণ প্রাপ্তবয়স্ক লোকৰ শৰীৰত ৫০ মিলিগ্রাম আয়োডিন থাকে। এগৰাকী পূর্ণ প্রাপ্তবয়স্ক লোকক নিতৌ ০.১৪ মিলিগ্ৰামৰ বিপৰীতে এগৰাকী মহিলাক ০.১০ মিলিগ্রামৰ প্ৰয়োজন। ইয়াৰ অভাৱত থাইৰয়েডত ফুলি উঠা ৰোগ বা গৰল (Goiter) হোৱাৰ আশংকা থাকে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আয়োডিনযুক্ত নিমখ খাবই লাগিব।
কেইটিমান গুৰুত্বপূর্ণ বিষয়
- থাইৰয়ড হৰম’নে শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰখাত সহায় কৰে। চর্বি আৰু শৰ্কৰা গঠন প্রক্রিয়াতো সহায় কৰে । যেতিয়া থাইৰয়ড হৰম’নৰ পৰিমাণ হ্রাস পায় তেতিয়াহ’লে শৰীৰৰ ওজন বৃদ্ধি হয়। লগে লগে শৰীৰ মাপক সূচাংক অর্থাৎ ব’ডী মাস্ক ইনডে’স্ক (বি এম আই) বৃদ্ধি পায়। সামান্য পৰিমাণে হ্রাস পালেও মেদবহুলতাৰ সমস্যাই গা কৰি উঠিব পাৰে।
- থাইৰয়ডৰ সমস্যাৰ বাবে পুস্পিতা হোৱা আৰু মাহেকীয়া হোৱাত অনিয়মীয়া বা পলম হ’ব পাৰে।
- ডায়েবেটিছত আক্রান্ত যদি থাইৰয়ডৰ সমস্যাত ভোগে তেন্তে শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাটো কঠিন হয়।
- থাইৰয়ড হৰম’নৰ পৰিমাণ হ্রাস পালে হৃদযন্ত্ৰৰ সমস্যাই গা কৰিব পাৰে। হৃদস্পন্দন হ্রাস পোৱাৰ উপৰি হার্ট ফেইলিউৰ হোৱাৰো আশংকা নুই কৰিব নোৱাৰি।
- যদিহে দীর্ঘদিন ধৰি হাইপ’থাইৰয়েডিজম হয় তেতিয়া হ’লে পেৰিফেৰেল নিউৰ’পেথী হ’ব পাৰে।
- থাইৰয়ডৰ বাবে ভৰি দুৰ্বল অনুভৱ হোৱা, খামুচি ধৰা আদি সমস্যা হয়।
- শিশু অৱস্থাটো থাইৰয়ডৰ সমস্যাই গা কৰি উঠিব পাৰে। সেইবাবে উল্লেখিত লক্ষণৰ কোনো এটা লক্ষণো যদি ফুটি উঠে তেতিয়াহ’লে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰা উচিত।
- অৱহেলা কৰিলে বিপদ হ’বই। সেইবাবে যিকোনো লক্ষণ ফুটি উঠাৰ লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে। মনত ৰাখিব যিমানেই পলমকৈ চিকিৎসা কৰা হয় সিমানেই সমস্যাই জটিল ৰূপ ধাৰণ কৰিব ।
থাইৰডৰ পৰা হাত সাৰিবলৈ কি কৰিব?
- ধূমপায়ীসকলে ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব । কিয়নো ইয়াত থকা ৰাসায়নিকৰ প্ৰভাৱ এই গ্রন্থিৰ ওপৰত পৰে।
- এক্স-ৰে কৰাৰ সময়ত থাইৰয়ড কলাৰৰ দ্বাৰা থাইৰয়ড গ্রন্থিক সুৰক্ষা প্রদান কৰিব লাগিব।
- চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰি নিয়মীয়াকৈ ঔষধ সেৱন কৰা উচিত।
- প্রচেচেড ফুড বা সংসাধিত খাদ্য গ্ৰহণৰ পৰা যিমান সম্ভৱ আঁতৰি থকাটোরে মংগলজনক। ইয়াত থকা ৰাসায়নিক উপাদানে থাইৰয়ড হৰম’ন নিয়ন্ত্রণত ব্যাঘাত জন্মায়।
- নিয়মীয়াকৈ আয়োডিনযুক্ত আহাৰ খাব লাগে। বিশেষকৈ হাইপ’থাইৰয়ড অর্থাৎ কম পৰিমাণে আইৰয়ড হৰম’ন নিঃসৰণ হ’লে এনে আহাৰ খাবই লাগিব।
- জিংক বা দস্তাযুক্ত খাদ্য গ্রহণ কৰিলেও এইবিধ হৰম’ন সক্ৰিয় হৈ থাকে। থাইৰয়ড গ্রন্থি সুস্থ আৰু সক্রিয় হৈ থাকিবলৈ জিংক আৰু ছেলেনিয়ামৰ খুবেই প্রয়োজন।
- চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ সেৱন কৰিব নালাগে। আনে খোৱা ঔষধ চিকিৎসকৰ পৰামৰ্শ গ্রহণ নকৰাকৈ খোৱা অনুচিত। কিয়নো এনে ধৰণৰ ঔষধ খোৱাৰ ফলত হিতে বিপৰীত হোৱাৰ আশংকা অধিক।
- থাইৰয়ডত হৰম’ন কম পৰিমাণে নিঃসৰণ হোৱাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আয়োডিনযুক্ত নিমখ খাব লাগে। ছেলেনিয়ামযুক্ত খাদ্য বিশেষকৈ কণী, ভিটামিন ‘ডি’যুক্ত খাদ্য, ‘বি’ ভিটামিন, মেগনেছিয়ামযুক্ত খাদ্য গ্রহণ কৰিব লাগে। আইৰণ বা লৌহযুক্ত খাদ্য গ্রহণ কৰিলেও সুফল পোৱা যায়।
- হাইপ’থাইৰডেয় হ’লে ব্র’ক’লি, বন্ধাকবি, পাউৰুটী, পাষ্টা, চর্বিযুক্ত খাদ্য বিশেষকৈ বাটাৰ বা মাখন, মাংস, চকলেট, কেক আদি খাব নালাগে।