অসম চাহ জনজাতি জাতীয় সন্মিলনী, গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় মুকলি অনুষ্ঠান
সোণেশ্বৰ বাঢ়ৈ, গোলাঘাটঃ অসম চাহ জনজাতি জাতীয় সন্মিলনী, গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় গোলাঘাট চহৰৰ ক’ৰ্ট ৰ’ডৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত আজি মুকলি কৰা হয়। অসমৰ চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ সহজ ভাবে আৰু সময়ত পাব পৰাকৈ সকলোৰ সুবিধাৰ্থে কাৰ্যালয়ৰ ব্যৱস্থা কৰা হয়। কাৰ্যালয়টিৰ শুভ উদ্ধোধন কৰে আটছা কেন্দ্ৰীয় সমিতিৰ সম্পাদক জগদীশ বৰাইক৷ সহযোগ কৰে অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সম্পাদক ঘনশ্যাম বাঢ়ৈ আৰু চাহ জনগোষ্ঠী সাহিত্য সভা গোলাঘাট জিলাৰ সভাপতি প্ৰতাপ কুমাৰ দলে। কাৰ্যালয় মুকলি অনুষ্ঠানৰ সভাপতি চহন লাল কুৰ্মীৰ সভাপতিত্ব আৰম্ভ হোৱা সভাত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক, চাহ জনগোষ্ঠী সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ সম্পাদক সোণেশ্বৰ বাঢ়ৈ, জাতীয় মহাসভা গোলাঘাট জিলা সমিতিৰ সভাপতি কৃষ্ণ বাঢ়ৈ, সম্পাদক চিমচন লোহাৰ, প্ৰাক্তন আটছা সত্যদেৱ চাহু, বোকাখাতৰ অৰুণ মিৰ্ধা, আটুৱা কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদিকা লেখামণি কালিন্দী, জিলাৰ সম্পাদিকা মনোৰমা নাগ, আটছা কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া অনিত গড় আৰু আটছা জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দী, আটছা গোলাঘাট শাখাৰ সভাপতি সুমিত দীপ, সম্পাদক অনুৰাজ কুৰ্মী, আটছা দেৰগাঁও শাখা, বোকাখাত শাখাৰ সভাপতি সম্পাদক আৰু আটছা গোলাঘাট জিলাৰ অন্তৰ্গত থকা প্ৰাথমিক গোটৰ বিষয় ববীয়াসকল। জগদীশ বৰাইকে বক্তব্যত কয় বহুত দিনীয়া সপোন এটা আজি সাৰ্থক হ’ল। নৱ নিৰ্বাচিত অসম চাহ জনজাতি জাতীয় সন্মিলনী গোলাঘাট জিলা সমিতিৰ অধ্যক্ষ খুমটাই বৰুৱাখাট অঞ্চলৰ নিবাসী অৱসৰ প্ৰাপ্ত শিক্ষক, সমাজ কৰ্মী চহন লাল কুৰ্মীদেৱে আজি আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি তেখেতে জগদীশ বৰাইকক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি কয়, জগদীশ বৰাইকৰ সবল নেতৃত্বত অশেষ কষ্ট কৰাৰ ফলত আজি জাতীয় সন্মিলনী গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় আৰু কাম সমূহ আৰম্ভ কৰিব পৰা গৈছে৷ নৱ নিৰ্বাচিত অধ্যক্ষ কুৰ্মীদেবে সকলোৰে সহায় সহযোগ আৰু দিহা পৰামৰ্শ কামনা কৰিছে৷