অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী, সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি

অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী, সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি


— মৃদুস্মিতা শৰ্মা, বোকাখাত

অসমৰ সাহিত্য-সংস্কৃতি আৰু শিক্ষা জগতৰ অন্যতম মহীৰূহ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ আজি মৃত্যু বাৰ্ষিকী। অতুলনীয় কৰ্মৰাজিৰে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি যোৱা ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। পিতৃ বিদূৰ শইকীয়া আৰু মাতৃ চম্পাৱালা শইকীয়াৰ ঔৰষত জন্ম লাভ কৰা সাহিত্যিকগৰাকীয়ে ১৯৪৮ চনত ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰা ভবেন্দ্ৰ নাথ শইকীয়া অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কৰ্মৰত আছিল ৷

অসমীয়া শিশু-সাহিত্যলৈ ড° শ‍ইকীয়াৰ অৱদান অনস্বীকার্য। বিশেষকৈ শিশু আৰু কিশোৰৰ উপযোগী মৰমৰ দেউতা’, ‘তোমালোকৰ ভাল হওক’, শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট’, মহাদুষ্টৰ’দুষ্ট বুদ্ধি’আদি গ্ৰন্থৰ বাবেই তেওঁ স্মৰণীয় হৈ ৰ’ব। সঁফুৰা’ নামৰ শিশু আলোচনীখনৰ সম্পাদনা তেওঁৰ জীৱনৰ এক বিশেষ কীর্তিস্তম্ভ।
অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ভবেন্দ্ৰনাথ শইকীয়াই ১৯৭৬ চনত ‘শৃংখল‘ নামৰ চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ৰ লগতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল।

ইয়াৰ উপৰি ৰেডিঅ’ নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল শইকীয়াদেৱে। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। শইকীয়াই নিৰ্মাণ কৰি উলিওৱা বোলছবি কেইখন হ’ল : সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেওঁ লাভ কৰিছিল ভাৰত চৰকাৰৰ ৰজত কমল বঁটা।
ড° ভবেন্দ্রনাথ শইকীয়া কেৱল ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান । বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ অসমীয়া ড° ভবেন্দ্রনাথ শ‍ইকীয়াক আমাৰ সকলোৰে প্ৰিয় সাহিত্যিক ৷ এজন জীৱন শিল্পী, প্রতিভাশালী অথচ নিৰহংকাৰী, সততা আৰু কৰ্মনিষ্ঠাৰ প্ৰতিভূৰুপে ড°শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বর্ণিল অধ্যায় সৃষ্টি কৰি গৈছে ৷
এইগৰাকী সূক্ষ্মদৃষ্টিগুণসম্পন্ন মানসিকতাৰ সাহিত্যিকে ২০০৩ চনৰ ১৩ আগষ্ট তাৰিখে নশ্বৰ দেহ ত্যাগ কৰে। সাহিত্য সৃষ্টিৰপৰা চলচ্চিত্ৰ নিৰ্মাণলৈ, শিক্ষকতাৰ পৰা ভ্ৰাম্যমাণৰ মঞ্চলৈ- বহুমুখী প্ৰতিভাধৰ, অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী শইকীয়াদেৱৰ অতুলনীয় সৃষ্টিৰাজিয়ে নতুন প্ৰজন্মক সদায়ে অনুপ্ৰেৰণা যোগাই থাকিব৷

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস