ধূমপান আৰু হৃদৰোগ

অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰতি শনিবাৰে স্বাস্থ্য বিশেষ লেখা


ধূমপান আৰু হৃদৰোগ

— ডাঃ বিকাশ ৰায় দাস
হৃদ শল্য বিশেষজ্ঞ

চিগাৰেট সেৱন কৰিলে যিবোৰ সমস্যাৰ সৃষ্টি হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল হৃদৰোগ । শেহতীয়াভাৱে ধূমপানৰ ফলত হৃদৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা অস্বাভাৱিকভাবে বৃদ্ধি পাবলৈ ধৰিছে । এক সমীক্ষা অনুসৰি ভাৰতত প্রতি ১০ গৰাকী লোকৰ ভিতৰত এগৰাকীৰ মৃত্যুৰ কাৰণ হৈ পৰিছে চিগাৰেট । এই ঘটনা প্রতিৰোধ কৰিব পাৰি কেৱল চিগাৰেট সেৱনৰ পৰা আঁতৰি থাকি ।

শেহতীয়াভাৱে বিশ্বত যিবোৰ ৰোগৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেইবোৰৰ ভিতৰত অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে ধূমপানৰ অভ্যাস । এক সমীক্ষা অনুসৰি ভাৰতত ১০ জনৰ ভিতৰত এজনৰ মৃত্যু হয় ধূমপানজনিত কাৰণত সৃষ্টি হোৱা ৰোগৰ বাবে। ধূমপানৰ বাবে সাধাৰণতে যিবোৰ সমস্যাই গা কৰি উঠে সেইবোৰৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হৈছে হহৃদযন্ত্রৰ ৰোগ। এইখিনিতে উল্লেখ কৰিব পাৰি যে আধুনিক জীৱন-যাপনৰ ক্ষেত্রত ধূমপানে প্রভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। সবাটোকৈ চিন্তনীয় বিষয় এয়ে যে সম্প্রতি কম বয়সীয়া ধূমপায়ী ল’ৰা-ছোৱালীৰ সংখ্যা অভাবনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । এয়া এতিয়া কেৱল ভাৰতৰ দৰে দেশৰেই সমস্যা নহয়, অধিকাংশ উন্নয়নশীল তথা অনুন্নত দেশৰ সমস্যা হৈ পৰিছে। ধূমপানৰ ফলত শ্বাস- প্রশ্বাসজনিত সমস্যাই গা কৰি উঠে বুলি ভবা হয় যদিও হৃদৰোগ বৃদ্ধিতো সহায় কৰে বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে । কিছুদিন দিন আগলৈকে ধূমপানৰ ফলত হাওঁফাওঁৰ ককট ৰোগ হয় বুলি সকলো নিশ্চিত আছিল । তেতিয়া ধূমপানৰ প্রভাৱ যে হৃদযন্ত্রৰ ওপৰত পৰিব পাৰে সেই বিষয়ে জ্ঞাত নাছিল। কাৰণ তেতিয়ালৈকে এই সন্দর্ভত বিশেষ গৱেষণা চলা নাছিল। এথোৰোস্কলেৰোছিছৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ধূমপান । দৰাচলতে এইবোৰে তেজ চলাচল কৰা সিৰাত চর্বী জমা কৰে । যেতিয়া সিৰাত চর্বী জমা হ’বলৈ ধৰে তেতিয়া ইয়াৰ ছালখন ডাঠ হৈ পৰে। যিমানেই চর্বী জমা হ’বলৈ ধৰে সিমানেই তেজ চলাচলত বাধা জন্মে । চিকিৎসা বিজ্ঞানত এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ’লে ‘প্লাগ’ বুলি কোৱা হয় । কৰোনাৰী আৰ্টৰীত এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ’লে হৃদযন্ত্রলৈ তেজ চলাচলত ব্যাঘাত জন্মে । তেজ হাদযন্ত্রই সময়মতে স্বাভাবিকভাৱে লাভ নকৰিলে বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে । বিশেষকৈ যেতিয়া কোনো ধৰণৰ কার্য সম্পাদন কৰে তেতিয়া হৃদযন্ত্রলৈ কম তেজ চলাচল হ’লে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । যেতিয়া অতিৰিক্ত কাম কৰাৰ বাবে হৃদযন্ত্রই বেছিকৈ কার্য সম্পাদন কৰিবলগীয়া হয় তেতিয়া লাহে লাহে বুকুখন বিষাবলৈ ধৰে । তদুপৰি আন লক্ষণেও দেখা দিব পাৰে । যেতিয়া এডাল বা বেছিকৈ সিৰা সম্পূর্ণভাৱে চৰ্বিৰ দ্বাৰা বন্ধ হয় তেতিয়া হার্ট এটেক হোৱাৰ শংকাও বৃদ্ধি পায় । ফলত হৃদযন্ত্রৰ পেশীসমূহৰ ক্ষতিসাধন হ’বলৈ ধৰে । এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’লে পৰৱৰ্তী সময়ত সমস্যাই জটিল ৰূপ ধাৰণ কৰিব পাৰে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে পেৰিফেৰেল আৰ্টাৰী ডিজিজ হ’লে যিবোৰ সিৰাই বাহু আৰু ভৰিলৈ তেজ কঢ়িয়াই নিয়ে সেই কার্যত ব্যাঘাত জন্মে । এনে হ’লে ভৰিৰ পেশীসমূহ অকামিলা হৈ পৰে । প্রচণ্ড বিষ অনুভব হয় । খোজ কঢ়াৰ সময়ত অস্বস্তি অনুভৱ কৰে । পেৰিফেৰেল আৰ্টৰী ডিজিজৰ ফলত স্ট্রোক হোৱাৰ শংকাও বৃদ্ধি পায় ।

এজন লোকৰ হার্ট এটেক হোৱাৰ শংকা বৃদ্ধি পোৱাৰ ক্ষেত্রত লোকজনে দিনটোৰ ভিতৰত কিমান বাৰ ধূমপান কৰিছে তাৰ ওপৰত ভালেখিনি নির্ভৰ কৰে । এইখিনিতে উল্লেখ কৰিব পাৰি যে ধূমপান কিমান কমকৈ কৰিলে এনে ধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই বিষয়ে কোৱাটো উজু নহয় । এই ক্ষেত্রত কোনো হানি নোহোৱা পৰিমাণৰ বিষয়ে উল্লেখ কৰা হোৱা নাই। অর্থাৎ দিনটোত এটা বা দুটা চিগাৰেট খাব পাৰি, তেনে কোনো কথা নাই । পাঁচটা খালেই যি হ’ব, এটা খালেও একে ধৰণৰ প্ৰভাৱেই পৰিব । অৱশ্যে ইয়াৰ পৰিমাণ বেছিকৈ বৃদ্ধি হ’লে হার্ট এটেকৰ শংকাও বৃদ্ধি পায় । এজন লোকে যদি দিনটোত এপেকেট চিগাৰেট সেৱন কৰে তেওঁৰ হার্ট এটেক হোৱাৰ শংকা চিগাৰেট নোখোৱা লোকতকৈ দুগুণ বৃদ্ধি পায় । ভাৰত, কানাডা আৰু ইংলণ্ডৰ নশ গৰাকী গবেষকে ১.১ নিযুত ভাৰতীয় লোকৰ ঘৰত এই সমীক্ষাটো চলাইছিল । যদিহে এই ক্ষেত্রত কোনো ধৰণৰ সতর্কতা অবলম্বন কৰা নহয় তেতিয়াহ’লে পৰৱৰ্তী সময়ত এই সংখ্যা অস্বাভাবিকভাবে বৃদ্ধি পাব । এই সমীক্ষাটোত আকৌ উল্লেখ কৰা হৈছে যে ২৪ শতাংশ পুৰুসৰ ধূমপানৰ বাবে মৃত্যু হোবাৰ বিপৰীতে পাঁচ শতাংশ মহিলাৰ মৃত্যু ঘটে একেই কাৰণত । ৩০-৬৯ বছৰৰ ভিতৰত এই পৰিসংখ্যা গণ্য কৰা হৈছে । আনহাতে, বিড়ি সেবনৰ ফলত পুৰুষৰ মৃত্যুৰ হাৰ অধিক । কিয়নো এটি চিগাৰেটৰ তুলনাত এটি বিড়িত থকা নিকটিনৰ পৰিমাণ এক তৃতীয়াংশ বেছি । সেয়েহে বিড়ি সেৱনকাৰীৰ ছবছৰ আয়ুস কম বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে । ইয়াৰ বিপৰীতে মহিলাসকলৰ আঠ বছৰ হ্রাস কৰে বুলি কোৱা হৈছে । শেওতীয়াভাৱে প্রকাশিত এক তথ্য অনুসৰি ভাৰতত ১২০ নিযুতৰো বেছি ধূমপায়ী লোক আছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসবি বিশ্বত প্রতি বছৰে ন নিযুত লোকৰ মৃত্যু ঘটে ধুমপানৰ কাৰণে । আনহাতে, ২০৩০ ত এই সংখ্যা আৰু অধিক বৃদ্ধি পাব । ২৫ বছৰ পূর্বে ৭০ শতাংশ হাওঁফাওঁৰ কেন্সাৰত আক্রান্ত আছিল অধিক আয় সম্পন্ন লোক । কিন্তু এতিয়া ৫০ শতাংশ হাওঁফাওঁৰ কেন্সাৰ ৰোগীয়ে হ’ল কম আয় সম্পন্ন । ২০৩০ৰ ভিতৰত এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি শংকা কৰা হৈছে । ইয়াৰ পৰাই অনুমান কৰিব পাৰি ধুমপানৰ ফলত বছৰি কিমান মৃত্যু ঘটে । শেহতীয়াভাৱে প্রকাশিত আন এক তথ্য অনুসৰি সমগ্ৰ বিশ্বতে ১.৩ বিনিয়ন ধূমপায়ী লোক আছে । ইয়াৰে পাঁচ নিযুতৰ মৃত্যু ঘটে ।

এটা কথা জানি থোৱা ভাল যে চিগাৰেট সেৱনৰ ফলত বা ধূমপানৰ ফলত যে কেৱল নিজৰেই ক্ষতি হয় তেনে নহয়, আনবো সমানেই ক্ষতি হয় । বিশেষকৈ শিশুসকল বেছি ক্ষতিগ্রস্ত হোৱা দেখা যায় । ধূমপানৰ পৰা নির্গত ধোঁৱাই ওচৰত থকা লোকসকলৰো সমানেই ক্ষতি কৰে । ইয়াক ‘পেছিভ স্ম’ক বা ছেকেণ্ড হেণ্ড স্ম’ক’ বুলি কোৱা হয় । এনেদৰে ধোঁৱা সেৱনৰ ফলত পেছিভ স্ম’কৰ কৱলত পৰাসকলৰ শ্বাস-প্রশ্বাসৰ সমস্যাই গা কৰি উঠাৰ লগতে আন বহুতো সমস্যাব সৃষ্টি হ’ব পাৰে । আমেৰিকান হার্ট এছ ‘চিয়েছনৰ তথ্য অনুসৰি প্ৰতি বছৰে ৫০ হেজাৰ লোকৰ হৃদযন্ত্র আৰু দিয়াৰ অসুখজনিত কাৰণত মৃত্যু ঘটে । ইয়াৰ বাবে দায়ী ধুমপান ।

কোনো এজন লোকে চিগাৰেট সেৱনৰ অভ্যাস সোনকালে ত্যাগ কৰিলে তেওঁৰ আয়ুস ছ-নবছৰ বৃদ্ধি হ’ব । ৩৫-৩৯ বছৰ বয়সৰ ভিতৰত যদি ধূমপানৰ অভ্যাস ত্যাগ কৰে তেতিয়াহ’লে ন-বছর পর্যন্ত আয়ুস বৃদ্ধি পায়। ইয়াৰ বিপৰীতে ৬৫-৬৯ বছবব ভিতবত এই অভ্যাস ত্যাগ কৰিলে বয়স চাৰি বছৰ বৃদ্ধি পায়। সৱাতোকৈ উল্লেখযোগ্য দিশ এয়ে যে চিগাৰেট সেৱনৰ অভ্যাস ত্যাগ কৰাৰ ফলত হার্ট এটেকৰ লোকেই মৃত্যুৰ পৰা হাত সাৰিব পাৰে।

Related Posts

ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে অনুষ্ঠিত সাপ্তাহিক পোষণ বজাৰত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যোগত বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ…

ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ

পঢ়ক প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ স্বাস্থ্য বিশেষ লেখা ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ — ডা° ৰূপম দাস, ডায়েবেট’ল’জিষ্ট বিশ্বত প্রতি ৩০ ছেকেণ্ডত বিভিন্ন কাৰণত এজন লোকে এখন…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস