ন-মাটিত নাজিৰা কবি সন্মিলনৰ উদ্যোগত চোতাল অনুষ্ঠান সফলতাৰে সম্পন্ন
মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ নাজিৰা ন-মাটিৰ নিবাসী কবি আয়েছা খাতুনৰ বাসগৃহৰ চোতালত নাজিৰা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ অন্যতম মননশীল কেন্দ্ৰীয় কাৰ্যসূচী চোতাল অনুষ্ঠান সফলতাৰে সম্পন্ন হয়৷ শাখা সম্পাদক হৰেন চন্দ্ৰ নাথে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটি সঞ্চালনা কৰে শাখাৰ সভাপতি অৰুণা চেতিয়া খাটনিয়াৰে। যোৱা ১৮ আগষ্টত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত কবি ৰবীন্দ্ৰ বৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-কবি ভূপেন্দ্ৰ বৰগোহাঁইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰবীন্দ্ৰ বৰাৰ স্মৃতিচাৰণ কৰে মেজেঙা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বিচিত্ৰা বৰা ভূঞাঁই৷ নাজিৰা কবি সন্মিলনৰ কাব্য-পত্ৰিকা ‘প্ৰতীতি’ৰ আগষ্ট সংখ্যাটি উন্মোচন কৰে শাখাৰ প্ৰাক্তন সভাপতি অজিত খাটনিয়াৰে৷ অনুষ্ঠানত কণমানি ছাত্ৰ অবিয়াজ আব্দুল হাডিয়ে কবিতা আবৃত্তি, নিবেদিতা ফুকনে গীত পৰিৱেশন আৰু বিশিষ্ট সমাজকৰ্মী লিয়াকৎ আলিয়ে অনুভৱ প্ৰকাশ কৰি বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত গীতামণি গোহাঁই, চায়েৰা বেগম, মিতালী শমাৰ্, দিতিমণি বুঢ়াগোহাঁই, মিতালী দত্ত, নিজৰা সন্দিকৈ ফুকন, কবিতা বৰগোহাঁই, আয়েছা খাতুন, মঞ্জু শইকীয়া, মঞ্জু ঘৰফলীয়া, আনোৱাৰা বেগম, উমেশ গগৈ, নাৰ্জী ইছলাম, বিচিত্ৰা বৰা ভূঞা, অজিত খাটনিয়াৰ, হৰেন চন্দ্ৰ নাথকে ধৰি বহুসংখ্যক কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰাৰ উপৰিও পৰস্পৰে পঠিত কবিতাৰ চমু আলোচনা আগবঢ়াই চোতাল অনুষ্ঠানৰ মজিয়া ৰসাল কৰি তোলে৷ নাজিৰা কবি সন্মিলনৰ তৰফৰ পৰা চোতাল অনুষ্ঠানৰ পৰম্পৰা অনুসৰি গৃহস্থ আয়েছা খাতুনক সম্বৰ্ধনা জনোৱা হয়৷ কবিতাক জনসাধাৰণৰ নিচেই কাষ চপাই নিয়া আৰু গাঁৱে-ভূঞে লুকাই থকা সুপ্ত প্ৰতিভাসমূহ বিকাশৰ বাবে এই চোতাল অনুষ্ঠানৰ যোগেদি কৰি অহা সদৌ অসম কবি সন্মিলনৰ এই মহৎ প্ৰয়াসক অঞ্চলটিৰ সচেতন ৰাইজে ভূয়ঁসী প্ৰশংসা কৰে। সদৌশেষত, কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি কৰে ৷