লাওখোৱাত আপকুৰ সৈতে স্থানীয় নাগৰিকৰ অন্তৰংগ আলাপ অনুষ্ঠান সম্পন্ন
“চৰকাৰে লাওখোৱা বাসীৰ উন্নয়নলৈ পিঠি দিছে কিয় ” — প্ৰদীপ সাহা
ৰাইজৰ খবৰ ডিজিটেল, কলিয়াবৰঃ আসাম প্ৰেছ কʼৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ নগাঁও জিলা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা আজি লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। দুপৰীয়া বয়োজ্যেষ্ঠ সাংবাদিক কামপুৰৰ সভাৰাম মজুমদাৰৰ সঞ্চালনাত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান “অন্তৰংগ আলাপ” । আপকুৰ সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত স্থানীয় বিশিষ্ট সমাজ কৰ্মী প্ৰদীপ সাহাই পঞ্চাশ হাজাৰৰো অধিক জনসংখ্যাই বাস কৰা বৃহত্তৰ লাওখোৱা অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ খনে মাহী আইৰ দৃষ্টি ভংগীৰে চাই অহা বুলি অভিযোগ কৰে। তেওঁ কয় যে, লাওখোৱা অঞ্চলত এখন আৰক্ষী থানাৰ প্ৰয়োজন আছিল যদিও আজি পৰ্যন্ত নহ’ল। এখন পূৰ্ণাংগ চিকিৎসালয় হৈ নুঠিল, এখন চৰকাৰী কলেজ প্ৰতিষ্ঠা নহ’ল। লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয় খনক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আজি পৰ্যন্ত চাৰকাৰে উন্নতিকৰণত লেশমানো গুৰুত্ব নিদিলে বুলি সাংবাদিকৰ সন্মুখত অভিযোগ কৰে। ইয়াৰোপৰি বৰ্তমানৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তকো উন্নয়নৰ ক্ষেত্ৰত হাত উজান দিবলৈ স্থানীয় ৰাইজে বহু বাৰ আবেদন নিবেদন কৰিছে যদিও আজি কোপতি বিধায়ক মহন্তই লাওখোৱা বাসীলৈ পিঠি দিয়া বুলিহে সাহে অভিযোগ কৰা শুনা গ’ল। সভা খনত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ কনক হাজৰিকা,
জ্যেষ্ঠ নাগৰিক শচিন্দ্ৰ সিংহ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিৰাজ কুমাৰ নন্দী, সমাজ কৰ্মী ফণীৰাজ শৰ্মা , বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰ্মন, প্ৰসন্ন হাজৰিকা, অতুল শইকীয়া আৰু আপকুৰ জিলা সভাপতি অপূৰ্ব হাজৰিকা আদিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি দুআষাৰ কয়। সভাত বিদ্যালয় খনৰ দহ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। স্থানীয় শিশু শিল্পীৰ নৃত্যৰে আৰম্ভ হোৱা সভা খনিত কলিয়াবৰ, ৰূপহী, বঢ়মপুৰ, চামগুৰি, পুৰণিগুদাম , নগাঁও, কামপুৰ, ধিং আৰু লামডিং অঞ্চলৰ সংবাদ কৰ্মী সকলে অংশগ্ৰহণ কৰে। পুৱা জিলা সভাপতি অপূৰ্ব হাজৰিকাৰ সভাপতিত্ব এখনি কাৰ্যনিৰ্বাহক সভা
অনুষ্ঠিত হ্য়। সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভা খনিত সাংবাদিক সকলৰ অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি এটি “সাংবাদিক কল্যাণ নিধি” গঠনৰ সিদ্ধান্ত লোৱা হয়। লগতে নগাঁৱৰ তিনি গৰাকী প্ৰয়াত জ্যেষ্ঠ সাংবাদিকৰ নামত একোটাকৈ বঁটা প্ৰচলনৰ সিদ্ধান্ত লোৱা হয়। সভাখনত কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ, সাংবাদিক নিপুল বৰা, মিন্টু দাস আৰু প্লাৱিতা হাজৰিকা আদিয়ে বক্তব্য আগবঢ়ায়।