সাম্প্ৰতিকঃ প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
গুগল ট্ৰেণ্ডত অস্বস্তিকৰ দিশ উন্মোচন
ধর্ষণে সাধাৰণ ঘটনাৰ মান্যতা পাইছে নেকি ক্ৰমশঃ
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক , ইংৰাজী বিভাগ, জে ডি এছ জি মহাবিদ্যালয়৷
কলকাতাৰ এখন হাস্পতাল পৰিসৰৰ ভিতৰত স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসক গৰাকীৰ সৈতে হোৱা ঘটনাত দেশ উত্তাল হৈ থকাৰ সময়তে মানুহৰ মন-মগজুৰ অন্য এক দিশে সংবেদনশীল সকলোকে নতুনকৈ ভৱাই তুলিছে — ধর্ষণে দেশৰ সামাজিক মনস্তত্বত মান্যতাই পালে নেকি বাৰু? এই প্ৰশ্নৰ লগতে অন্য বহু আহুকলীয়া, অস্বস্তিকৰ আৰু তৎকালীনভাৱে উত্তৰ বা সমাধান নোহোৱা কথাই বহুতক উদ্বিগ্ন কৰি তুলিছে৷
এনে অস্বস্তিকৰ প্ৰশ্নবোৰৰ এটা ডাঙৰ প্ৰশ্ন হ’ল — বহুত মানুহে ধর্ষণৰ দৰে ঘটনাকো গোপনে ‘উপভোগ’ কৰে নেকি? কোনোবাই আঘাত পালে, কাৰোবাক কষ্ট দিওঁতে চাই চাই আনন্দ লভা মানসিকতাক ইংৰাজীত কোৱা হয় sadism৷ আনহাতে, অন্তৰংগ মূহূর্তৰ কার্য, যেনে যেনে কাপোৰ খোলা, যৌন কাৰ্যকলাপ, বা ব্যক্তিগত প্ৰকৃতিৰ অন্যান্য কাৰ্যকলাপত লিপ্ত আনক গোপনে চাই উত্তেজনাৰে গঢ়ি তোলা যৌন আগ্ৰহ বা অভ্যাসক কোৱা হয় vourerism৷ এই vourerismআৰু sadism-ত নিজকে হেৰুৱাই পেলাইছে নেকি সমাজৰ কিছু ব্যক্তিয়ে? তথ্য আৰু ধর্ষণ কাণ্ডটো হোৱাৰ পিছৰ বহু ব্যক্তিৰ কিছু ডিজিটেল আচৰণে এনে কথাৰেই ইঙ্গিত বহন কৰিছে৷
ওপৰত উল্লেখ কৰা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ পৰিসৰৰ ভিতৰত ২০২৪ চনৰ ৯ আগষ্টত মৃত অৱস্থাত উদ্ধাৰ হোৱা ৩১ বছৰীয়া চিকিৎসক-প্ৰশিক্ষাৰ্থী গৰাকীৰ নিৰ্মম হত্যাকাণ্ডই দেশ এতিয়াও কঁপাই আছে৷ উপৰিউক্ত ধর্ষণ-হত্যাৰ চিকাৰ হোৱা চিকিৎসকগৰাকীৰ নামৰ অনুসন্ধান ঘটনাটোৰ পিছৰ কেইবাদিনলৈ গুগলত অনুসন্ধান কৰা বা বিচৰা বিষয়বোৰৰ ভিতৰত শীৰ্ষত আছিল৷ হয়তো এই মূহূর্ততো আছে৷ বহুতেতো গুগল ব্যৱহাৰ নকৰি অন্য চার্চ ইঞ্জিন বা ব্ৰাউজাৰো ব্যৱহাৰ কৰে৷ তাত বিচৰা একে তথ্য হয়তো এই বিষয়ৰ চর্চালৈ অহাই নাই৷ বহুতে ভাৱিব যে চিকিৎসকগৰাকীৰ নাম অনুসন্ধান কৰাত কি অস্বাভাৱিকতা আছে? মানুহে গুগলত এনেকৈ বিচাৰিবই বা বিচাৰেইতো মানুহ বা বিষয়! ৰ’ব, কথাটো তেনেকুৱা সাধাৰণ একেবাৰেই নহয়৷ অনুসন্ধানৰ বাহিৰৰ পাতল আচ্ছাদনৰ আঁৰত লুকাই আছে ভয়ংকৰ, শিহৰণকাৰী দিশ৷ বহু ব্যক্তিয়ে গুগলত বিচৰা মূল বিষয় আছিল-“(চিকিৎসকগৰাকীৰ নাম)ধৰ্ষণ ভিডিঅ” আৰু “(চিকিৎসকগৰাকীৰ নাম)ধৰ্ষণৰ ফটো”৷ ঘটনাৰ পিছৰ কেইদিনমানত গুগল অনুসন্ধানৰ ক্ষেত্ৰত ট্ৰেণ্ড অনুসৰি উপৰিউক্ত বিষয় অনুসন্ধান কৰাৰ হাৰ প্ৰায় ১৫০-ৰ পৰা ২০০ শতাংশৰ ওচৰে পাজৰে আছিল৷
এই গুগল ট্ৰেণ্ড অনুসৰি যুৱতী গৰাকীৰ ধৰ্ষণৰ ভিডিঅ’ আৰু ফটোৰ বেছিভাগ অনুসন্ধান ১৭-২০ আগষ্টৰ ভিতৰত বৃদ্ধি পাইছিল বুলি কোৱা হৈছে৷
তদুপৰি, সমান্তৰালভাৱে যুৱতীগৰাকীৰ নাম আৰু ভিডিঅ’ পর্ণ ছাইটসমূহতো অনুসন্ধান কৰা হৈছিল৷ তথ্য মতে, এটা পৰ্ণ ছাইটত ধর্ষিতা যুৱতীগৰাকী নাম ৩০০০-বাৰতকৈয়ো অধিক অনুসন্ধান কৰা হৈছিল।
এনে উদ্বিগ্ন হ’ব লগা দিশবোৰ প্ৰসংগত এটা কথা স্পষ্ট যে কলকাতাৰ যুৱতীগৰাকীৰ ধর্ষণৰ ফটো বা ভিডিঅ’ বিচৰাটো কেৱল এটা একক, বিচ্ছিন্ন ঘটনা নহয়৷ সমকালীন সময়ৰ প্ৰায়বোৰ কৰুণ, নিলর্জ্জ ঘটনাৰ ফটো বা ভিডিঅ’ এইদৰে গুগুল কৰা হয়৷ অতীতৰ কাঠুৱা কাণ্ড, হায়দৰাবাদৰ এজন পশু চিকিৎসকৰ হত্যা কাণ্ডৰ অনুসন্ধানো পৰ্ণ ছাইটত ট্ৰেণ্ডিং টেগ হৈ পৰিছিল। ২০১৯ চনত এই পশু চিকিৎসক গৰাকীক ধৰ্ষণ আৰু হত্যা কৰাৰ ঘটনাটোৱেও পৰ্ণ’গ্ৰাফিক ছাইটত সন্ধানৰ ক্ষেত্ৰত একেই ট্ৰেণ্ড লৈছিল আৰু মহিলাগৰাকীৰ ধর্ষণৰ ভিডিঅ’ লাখ লাখবাৰ বিচৰা হৈছিল৷ এই অনুসন্ধানৰ ক্ষেত্ৰতো সমাজৰ একাংশৰ বিকৃত মানসিকতাৰ একেই ইঙ্গিত দেখা গৈছিল। যৌন হিংসা আৰু হত্যাৰ পিছত এনে অনলাইন কৌতুহলৰ বিস্ফোৰণ চকুৰে দেখাৰ দৰে ইমান সহজ কথা নহয়৷ এনেবোৰ ঘটনাই নিঃসন্দেহে সমাজত প্ৰচলিত মানসিকতা বা ব্যভিচাৰী সংস্কৃতিৰ এক নির্লজ্জ, কৰুণ প্ৰৱণতা প্ৰতিফলিত কৰে৷ হয়তো এয়া সমাজ স্খলনৰ এক আইচ-বার্গ মাত্ৰ৷ হয়তো মোবাইল-কম্পিউটাৰ নথকা বহু মানুহৰ অন্তৰতো গোপনে লালিত-পালিত হৈ আছে যৌনতাৰ দূর্বাৰ অনুসন্ধিৎসুতা আৰু ক্ষুধা৷ হয়তো আছে যৌনতাৰ অপাৰ ভাণ্ডাৰ মন-মগজুত বান্ধি লৈ কিছু শুই থকা হায়েনাও৷ মহিলাসকলৰ বাবে ন্যায় আৰু সুৰক্ষাৰ দাবীত সমগ্ৰ দেশজুৰি প্ৰতিবাদ চলি থকাৰ সমান্তৰালভাৱে অনলাইন প্লেটফর্মবোৰত সমাজৰ সংবেদনশীলতাক বিচলিত কৰিব পৰা ধর্ষণৰ ফটো আৰু ভিডিঅ’ৰ অনুসন্ধানৰ উদ্বেগজনক বৃদ্ধিয়ে সেই কথালৈকে ইঙ্গিত দিয়ে৷
ধৰ্ষণ হৈছে ভাৰতত মহিলাৰ বিৰুদ্ধে চতুৰ্থ সৰ্বাধিক সচৰাচৰ অপৰাধ। বেছিভাগ ধৰ্ষণৰ গোচৰ ওপৰত উল্লেখ কৰাৰ দৰেই নথি ভুক্ত নহয় কিয়নো ধৰ্ষণৰ ভুক্তভোগীসকলে ভাৰত আৰু সমগ্ৰ বিশ্বতে প্ৰতিশোধ আৰু অপমানৰ আশংকা কৰে। সেয়ে ভাৰতত ধৰ্ষণৰ গোচৰৰ সংখ্যা আৰু সমস্যাৰ যে অৱমূল্যায়ন কৰা হৈছে তাক অস্বীকাৰ কৰিব নোৱাৰি৷ শেহতীয়াকৈ অৱশ্যে অধিক ভুক্তভোগী ক্ৰমান্বয়ে ওলাই আহিছে আৰু ধৰ্ষণ আৰু যৌন আক্ৰমণৰ ঘটনা পঞ্জীয়ন কৰাইছে৷
চিন্তাৰ কাৰণ আৰু আছে৷ ধর্ষণ আৰু এনেবোৰ নৃশংস ঘটনাক ভালদৰে মোকাবিলা কৰিব নোৱাৰা চৰকাৰ, চৰকাৰী বিভাগ আৰু আনহে নালাগে এটা নির্দিষ্ট ৰাজনৈতিক দলৰ ‘একান্ত সেৱক কর্মীক” ৰক্ষণাবেক্ষণ দিবলৈ দেশৰ বাঘা বাঘা অধিবক্তাই দিন-ৰাতি একাকাৰ কৰি দিয়াটো আন এক উদ্বেগজনক কথা৷ বিশেষকৈ সেই অধিবক্তা যদি দেশৰ জনতাৰ ৰক্ষাৰ বাবে আইন-প্ৰণয়ন কৰা সাংসদ-অধিবক্তা হয়৷ আপাততঃ দোষ থকা বা দোষীক সকলো ধৰণৰ লজিষ্টিক সহায়-সাহায্য আগবঢ়োৱা দল-চৰকাৰৰ নেতা বা নেত্ৰীয়েও নিজে নির্যাতিতা বা ভিক্টিম কার্ড খেলিবলৈ যোৱাটো আন এক উদ্বিগ্নতাৰ বিষয়৷ ধর্ষণৰ প্ৰতিবাদ কৰিবলৈ অনলাইন মাধ্যমত বা শাৰিৰীকভাৱে সংগঠিত হোৱা বহুতকে চৰকাৰীভাৱে ভীতিগ্ৰস্ত কৰাটোও অন্য এক গভীৰ চিন্তাৰ দিশ৷ হয়তো কলকাতা কাণ্ডৰ ঢৌও এদিন মাৰ যাব, জাহ যাব সমাজৰ সমকালীন, সামূহিক মনস্তস্ত্বৰ পৰা৷ মচ খাই যাব অপৰাধৰ স’তে প্ৰত্যক্ষ-পৰোক্ষভাৱে জৰিত সকলোৰে কালিমা, সামাজিক গ্লানিৰ বোধ৷
চিন্তাৰ বিষয় ইও যে বহু মানুহৰ, অপৰাধীৰ আইনৰ প্ৰতি ভয় কমি আহিছে৷ অথবা, ক’ব পাৰি আইনৰ স’তে ‘খেলা-হ’বে’-ৰ মনোভাৱ বাঢ়িছে৷ বা মানুহ আইনৰ, সমাজৰ মনস্তত্বৰ সুৰুঙাবোৰৰ স’তে জল-কেলি কৰাত সিদ্ধহস্ত হৈ উঠিছে৷
অসমৰে ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক সৰিতা তচনিৱালক ধৰ্ষণ কৰি নৃশংসভাৱে কৰা হত্যাৰ অভিযুক্ত চিকিৎসকজন হেনো এতিয়া সেই কলকাতাতে ৰোগী চোৱাত ব্যস্ত। সহ অভিযুক্তজনো ঘুৰি আছে মুকলি, বিশাল আকাশৰ তলত৷ ধর্ষণ-হত্যাৰ গোচৰত অভিযুক্ত তথাকথিত ধৰ্মগুৰু ৰাম ৰহিমো হেনো মাজে-সময়ে দীঘলীয়া সময়ৰ বাবে পেৰলত ওলাই আহে। অনুগত, মোহগ্ৰস্ত, অনুৰগীৰ বৃহৎ কনভয় সহ তেখেতে হেনো আশ্ৰমত সোমাই শিষ্যক লগ ধৰাই নহয়, ক’ৰবাত কেতিয়াবা নিৰ্বাচনী প্ৰচাৰ-সভাতো অংশ লয়। গোচৰে-অগোচৰে আমাৰ দেশত আইনৰ সুৰুঙাৰে, ৰাজনৈতিক আর্শীবাদেৰে, ন্যায়ৰ তথাকথিত ডাঙৰ ডাঙৰ ধাৰণাবোৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই এনে ঘটনা ঘটিয়েই আছে৷ হয়তো ধনাঢ্য, কিছু ৰাজনীতিক, আইনৰ কিছু ঠিকাদাৰৰ টকা, বাহুবল, জনবল, ক্ষমতা আৰু ৰাজনীতি আৰু দৰবাৰী হোৱাৰ সু-ঘ্ৰাণ, সুবাদত আমি সমাজৰ সিংহভাগে হয় হুজুৰ কৰি থকালৈকে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ নহ’বই৷ ঘটিয়েই থাকিব এনে ঘটনা, অদূৰ বা সূদূৰ ভৱিষ্যতলৈও৷