যোৰহাটত আৰক্ষীৰ পদপথ তহল অভিযান অব্যাহত
জিতুল কুমাৰ গগৈ, যোৰহাটঃ সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিভিন্ন ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা- প্ৰশাসন আৰু আৰক্ষী – প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে।
জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিৰ্দেশনা আৰু তত্বাৱধানত জিলাখনৰ বিভিন্ন প্ৰান্তত যোৰহাট আৰক্ষীৰ ব্যাপক পদপথ তহল অভিযান অব্যাহত আছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বাসিন্দাসকলৰ মাজত নিৰাপত্তাৰ ভাৱ বৃদ্ধিৰ উদ্দেশ্যে জিলাখনত আইন-শৃংখলা বজাই ৰখা, অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰা, প্ৰতিজন নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত যোৰহাট আৰক্ষী- প্ৰশাসনে নিষ্ঠাবানভাৱে এই তহল অভিযান অব্যাহত ৰাখিছে।
জিলাখনৰ জে বি ৰোড, ৰজামৈদাম, হৰিজন কলনি, এ টি ৰোড, ভোগদৈ, অজন্তা বাইপাছ আদিত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু আৰক্ষীসকলে পদপথ তহল অভিযান সক্ৰিয় ৰাখিছে।
ইয়াৰোপৰি মৰিয়নি, টীয়ক আৰু বৰহোলাৰ বিভিন্ন প্ৰান্তৰ লগতে পৌৰসভা এলেকাসমূহত জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাত লক্ষ্যৰে অতিৰিক্ত জিলা আয়ুক্ত, দণ্ডাধীশ, চক্ৰ বিষয়া প্ৰমুখ্যে আৰক্ষীৰ তহল অভিযান অব্যাহত আছে।
উল্লেখ্য যে জিলাখনত আইন- শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত জিলাখনৰ অন্তৰ্গত সকলো আৰক্ষী থানাতে একোটিকৈ টাস্ক ফৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে যিকোনো পৰিস্থিতি সন্মুখীন হ’লে যোগাযোগ কৰিব পাৰিব।