দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ভোজনালয় উদ্বোধন
জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভোজনালয় আজি উদ্বোধন কৰা হয়৷ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই পূৰ্বে ৰাজ্যসভাৰ সাংসদ হৈ থকা কালত আগবঢ়োৱা পুঁজিৰে এই ভোজনালয়টো আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হয়৷ সাংসদ তাছাৰ উপস্থিতিত নৱনিৰ্মিত ভোজনালয়টো উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা কবিতা ৰাজগুৰুৱে আৰু নৱনিৰ্মিত ভৱনৰ ফিটা কাটে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী প্ৰণিতা বৰুৱাই৷ অনুষ্ঠানত ভাষণ দি সাংসদ তাছাই কয় যে পৃথিৱীখন জ্ঞানে শাসন কৰে৷ সম্প্ৰতি মানুহক বিভিন্ন ধৰণৰ জ্ঞানৰ প্ৰয়োজন হৈছে৷ তেওঁ লগতে কয় যে, সাধাৰণতে ৰাজনীতিক সকলে পঢ়া শুনা কৰিব নালাগে, কেৱল ক্ষমতা আৰু অৰ্থৰ পাছত দৌৰি থাকে বুলি সমাজত ধাৰণাৰ সৃষ্টি হৈছে৷ কিন্তু সংসদলৈ নিৰ্বাচিত হোৱাৰ পাছত তেওঁ নিজে যথেষ্ট অধ্যয়ন কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ ছাত্ৰসকলক একাণপতীয়াকৈ জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়৷ সহযোগী অধ্যাপক পদ্মলোচন নাথে আঁত ধৰা অনুষ্ঠানত উদ্বোধক কবিতা ৰাজগুৰুৱে মহাবিদ্যালয়খনত অধ্যাপনা কৰা সময়ৰ ৰোমন্থন কৰাৰ লগতে কয় যে এখন শিক্ষানুষ্ঠানৰ উন্নয়নত জনপ্ৰতিনিধিসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ মহাবিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অধ্যক্ষা ড॰ জিনামনি ভূঞাই আদৰণী ভাষণ দি কয় যে মহাবিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাত উচ্ছতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰি এক পূৰ্ণ পৰ্যায়ৰ উচ্ছ শিক্ষানুষ্ঠানত পৰিণত হৈছে৷ মহাবিদ্যালয়খনত অধ্যয়ন কৰা বহু সংখ্যক ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে৷