সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা

সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা

আই-অ’ হোটেলৰ ল’বীত এদিন

— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জেডিএচজি মহাবিদ্যালয়৷

চহৰখনৰ প্ৰাণকেন্দ্ৰতে থকা চিনাকি হোটেলখনত চৰকাৰী কামত মাজে মাজে আহি থাকোঁহি৷ মাত্ৰ কেইমাহমানৰ আগৰ পৰা আই-অ’-ৰ অধীনলৈ আহিছে৷ ছমাহমানৰ মূৰত সিদিনা আকৌ গ’লোঁ৷ শনিবাৰৰ আবেলি৷ দেওবাৰে হ’ব লগা এটা পৰীক্ষাৰ দায়িত্বৰ বাবে৷

ৰিচিপশ্যন ৰূমৰ সুদৃশ্য চোফা এখনত দেহাতো এৰি দিলোঁ৷ কোঠা পোৱালৈকে এচিৰ বতাহ অলপ লৈ দেহাতো অলপ শীতল কৰি লোৱাৰো লোভ এটা মনলৈ আহিল৷ কিন্তু চিনাকি মেনেজাৰজনে এক ৰাতিৰ বাবে মোক এইবাৰ ৰাখিব নোৱাৰাত খেদ প্ৰকাশ কৰিলে৷

“চেহঃ, বৰ বেয়া দিনত আহিল নহয়৷ আজি শনিবাৰে বহুত ভিৰ হয়৷ বজাৰ ভাল হয়৷ ৰাতিলৈ খালী হ’বও পাৰে৷ কিছুমানে আকৌ দুঘণ্টা বুলি কৈ ৰূম এৰিয়ে নিদিয়ে নহয়৷ টকা অৱশ্যে ঠিকেই আদায় দিয়ে৷ কিন্তু আপোনাক এনেকৈ ৰাখি নথওঁ৷ আজিলৈ বেলেগ এখন হোটেলেই বিচাৰি লওক৷ মোলৈ ইঙ্গিত কৰি ৰিণ্টু নামৰ ৱেইটাৰক ক’লে, চাৰলৈ একাপ চাহ লৈ আন চোন৷”

কথাখিনি কৈ থকাৰ মাজতে যুৱক এজন সোমাই আহিল৷ এঘণ্টাৰ বাবে কোঠা এটা লাগে৷ লগত এগৰাকী বোৱাৰী৷ মেনেজাৰৰ স’তে দৰদাম চলিল৷

“বাইছ শ টকা লাগিব”-মেনেজাৰজনে ক’লে৷

“কিয় যোৱা শনিবাৰে দেখোন দুহেজাৰ দিছিলোঁ”–যুৱকজনৰ উত্তৰ৷

“আজি বহুত ভিৰ৷ কাষ্টমাৰক ৰূম দিব পৰা নাই৷ লাগিলে লোৱা, নহ’লে মানুহ ঢেৰ আছে৷ এই মানুহজনক (মোলৈ আঙুলিয়াই) ৰূম এটাই দিব পৰা নাই, বহাই থৈছোঁ৷”— মেনেজাৰজনৰ নিৰুদ্দেগ, গা এৰাই চলা উত্তৰ৷

“লওক, এয়া বাইছ শ টকা৷ ওপৰৰ, আগৰ দৰে এচি ৰূম দিব আকৌ”৷ যুৱকজনৰ পৰা টকা লৈ ড্ৰয়াৰৰ পৰা চাবিপাত উলিয়াই দিলে মেনেজাৰজনে৷ বোৱাৰীজনীৰ স’তে ওপৰলৈ চিৰি বগাই উঠি গ’ল দুয়ো৷

আমি কথা পাতি থাকোঁতেই তিনিযোৰামান যুৱক-যুৱতী, প্ৰৌঢ়ৰ শাৰীত পৰা পুৰুষ আৰু বোৱাৰী কোঠাৰ চাবি চমজাই তাৰ পৰা ওলাই গ’ল৷ মেনেজাৰজনে মোৰ ফালে ঈষৎ হাঁহিৰে চাই ক’লে: “জানোৱেই, ইহঁতে পইচা দিবই৷ এই বোৱাৰীজনী চিনিয়েই পাওঁ৷ ভাল মক্কেলৰ লগতে আহে মাজে মাজে৷ এই চহৰৰে৷”

অংক কৰি চালোঁ৷ মই গোটেই ৰাতি থাকিলে তেওঁ মোৰ পৰা পাব পোন্ধৰশ টকা৷ আৰু বাৰ ঘণ্টাও যদি দুঘণ্টাকে ভগাই বাইছ শ টকাকৈ এনেদৰে পায়, মোক পোন্ধৰশ টকাত এদিনৰ বাবে কিয় দিব হোটেলৰ ৰূম?

বুজি গ’লোঁ৷ উঠি আহিলোঁ অন্য হোটেলৰ সন্ধানত, সন্ধ্যাৰ কাঁহি যেন হেঙুলীয়া বেলিটো গাড়ীৰ সন্মুখৰ গ্লাছত লৈ৷ আজিকালি আৰু একো মনত নেখেলায়৷ আদিম বাসনা, আদিম বৃত্তি৷ কিছুমানৰ বাবে বৃত্তিও নহয়, কেৱল শৰীৰ শৰীৰ খেল৷ আনন্দৰ নে বিষাদৰ হয়তো পিছতহে গম পায়৷ সকলোৱে সকলো জানে৷ আমাৰ সংস্কাৰৰ ধাৰণাই হয়তো এতিয়া নচলা সিকি এটাৰ দৰে৷ নল’ব লগা সান্ত্বনা এটাও ল’লোঁ মনে মনে: যি নহওক, হোটেলৰ মানুহবোৰ সব অসমীয়া৷ টকা আৰু যৌনতাইটো এতিয়া সকলো৷ ধৰণ, স্বীকৃতি, উৎস ইয়াত গৌণ, অপ্ৰাসঙ্গিক৷

“আই-অ’, তোক এৰিলোঁ৷ আজি আৰু সকলো দিনৰ বাবে”—অন্য কোনোবা এখন হোটেলৰ সন্ধানত গাড়ী চলাই গৈ থাকোঁতে নিজকে ক’লোঁ মনতে৷

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা