অভিৰুচি ক্ৰীড়া দিৱস

অভিৰুচি ক্ৰীড়া দিৱস

— সুব্ৰত পুৰকায়স্থ, বোকাখাত।

🔴 ৩ ছেপ্টেম্বৰ ১৯৪০

আজিৰ তাৰিখতে জন্ম গ্ৰহণ কৰিছিল আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমক প্ৰথম সফলতা আনি দিয়া মানুহজনে। আজি তেখেতৰ ৮৪ সংখ্যক ওপজা দিন। প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

🔴 ১৩ ডিচেম্বৰ ১৯৬৬

ইতিহাস ৰচনা হৈছিল বেংককত। বেংকক এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰৰ ফাইনেলত এক মিনিট ঊনপঞ্চাছ দশমিক চাৰি ছেকেণ্ডেৰে নতুন মিট ৰেকৰ্ড প্ৰতিষ্ঠা কৰি সোণৰ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰিছিল ভোগেশ্বৰ বৰুৱাই। ১৪ ডিচেম্বৰৰ The Assam Tribune কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত হৈছিল বাতৰিটো। Gold medal winners from Assam B S Baruah । কিন্তু কোনেও চিনি পোৱা নাছিল কোন এই বি এছ বৰুৱা !!!

🔴 ৩ ছেপ্টেম্বৰ ১৯৮৪

বলেন্দ্ৰমোহন চক্ৰৱৰ্তীৰ ঐকান্তিক প্ৰচেষ্টাত অভিৰুচি ক্ৰীড়া আলোচনীৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্মদিনটো #অভিৰুচিক্ৰীড়াদিৱস হিচাপে পালন কৰি আহিছে। এজন ক্ৰীড়াবিদৰ জীৱিত অৱস্থাতেই তেখেতৰ প্ৰতি সন্মান প্ৰদৰ্শন এক বিৰল পৰিঘটনা। প্ৰথম অভিৰুচি ক্ৰীড়া দিৱসৰ মুখ্য অতিথি আছিল বিশিষ্ট ক্ৰীড়া সংগঠক নুৰুল আমিন ডাঙৰীয়া। পৰৱৰ্তী সময়ত দেশৰ বিশিষ্ট ক্ৰীড়াবিদে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে। অভিৰুচি ক্ৰীড়া দিৱসে এইবছৰ ৪১ সংখ্যক বৰ্ষত ভৰি দিলে। অসমৰ বিভিন্ন স্থানত উলহ মালহেৰে অনুষ্ঠিত হ’ব অভিৰুচি ক্ৰীড়া দিৱস। এই বৰ্ষৰ অভিৰুচি ক্ৰীড়া দিৱসৰ মুখ্য অতিথি অলিম্পিক পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁই আৰু হকী অলিম্পিয়ান অনুৰাধা দেৱী।

৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ ৰাধা গোৱিন্দ বৰুৱা বিশিষ্ট ক্ৰীড়া সংগঠক বঁটা প্ৰদান কৰা হ’ব ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যক; চিদানন্দ দাস শ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা প্ৰদান কৰিব বাণীব্ৰত দাসক (জুডো); চন্দ্ৰ নাথ চক্ৰৱৰ্তী শাৰীৰিক শিক্ষাৰ উৎকৰ্ষ বঁটা প্ৰদান কৰিব খগেন চন্দ্ৰ নাথক; যোগেশ শৰ্মা ক্ৰীড়া উদ্যোগী বঁটা প্ৰদান কৰিব উদয় মজুমদাৰক; গোপাল বৰুৱা উদীয়মান খেলুৱৈ বঁটা প্ৰদান কৰিব দিবিজা পাল (টেবুল টেনিছ) আৰু কস্তুৰী গগৈক (সাঁতোৰ)। বিশেষ ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে সোমা বিশ্বাস, ছায়া ৰাম বড়ো, যুগল কুমাৰ শইকীয়া আৰু শান্তি কুমাৰ জৈনলৈ।

ইয়াৰ লগতে অভিৰুচি গোষ্ঠীয়ে ২৪ গৰাকী ক্ৰীড়াবিদক সম্বৰ্ধনা জনাব। তেখেত সকল হ’ল – বক্সিং : লাভলীনা বৰগোহাঁই; বেডমিণ্টন : অস্মিতা চলিহা, ইশাৰাণী বৰুৱা আৰু সুৰজ গোৱালা; ভাৰোত্তোলন : বেদব্ৰত ভৰালী; ফুটবল : মনবীৰ বসুমতাৰী আৰু গগৱমছৰ গয়াৰী; ক্ৰিকেট : ৰিয়ান পৰাগ আৰু উমা চেত্ৰী; সাঁতোৰ : জাহ্নবী কাশ্যপ আৰু জঞ্জজয় জ্যোতি হাজৰিকা; হেণ্ডবল : আকাশ বাৰ্মা; টাইকোৱাণ্ডো : হৰ্ষিতা সিনহা আৰু ৰ’দালি বৰুৱা; ডাইভিং : ৰূপম গগৈ; ৱুশ্বু : কাশ্যপি সোণোৱাল আৰু অৰিহন বৰুৱা; কাৰাটে : হেম্ফু বংজাং, জিয়ান চৌধুৰী , হানী আলী আৰু কস্তুৰী কলিতা; লন বল : বঙ্গীতা হাজৰিকা; টেবুল টেনিছ : প্ৰিয়ানুজ ভট্টাচাৰ্য আৰু দিব্যজ ৰাজখোৱা ৰায়।

উল্লেখযোগ্য যে ২০২১ বৰ্ষৰ পৰা অসম চৰকাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো #ৰাজ্যিকক্ৰীড়াদিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চেকেণ্ড্ৰাবাদস্থিত ই এম ই ৰ হেডকোৱাৰ্টাৰৰ সন্মুখত স্থাপন কৰা এখন বিশাল হৰ্ডিঙত লিখা আছে ” OUR SPORTS LEGENDS” । তাত পদ্মশ্ৰী মিলখা সিঙৰ লগত ফটো থকা দহগৰাকী ক্ৰীড়াবিদৰ এগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা। অসমৰ বাবে এয়া এক ডাঙৰ সন্মান।

পুনৰবাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। লগতে অসমৰ প্ৰতিগৰাকী ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠকলৈ অভিৰুচি ক্ৰীড়া দিৱসৰ লগতে ৰাজ্যিক ক্ৰীড়া দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

  • Related Posts

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস