যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা সামৰণি

যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা সামৰণি
কৃতী খেলুৱৈক এককালীন জলপানি প্রদান

জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজি যোৰহাট ছুইমিং ছ’চাইটিৰ উদ্যোগত যোৰহাট জলক্ৰীড়া প্রকল্পত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৩১ সংখ্যক যোৰহাট জিলা আন্তঃবিদ্যালয় বয়স ভিত্তিক সাঁতোৰ প্রতিযোগিতাখন সফলতাৰে সম্পন্ন হয়। যোৰহাট জিলাৰ অৱসৰপ্ৰাপ্ত মহকুমা ক্রীড়া বিষয়া ৰাজেন গোহাঁই আৰু ছ’চাইটিৰ উপ-সভাপতি জিতেন্দ্র কুণ্ডলীয়াই বস্তি প্রজ্বলনেৰে আনুষ্ঠানিকভাবে উদ্ধোধন কৰা প্ৰতিযোগিতাখনত যোৰহাট জিলাৰ ১৬ খন বিদ্যালয়ৰ ১৩০ গৰাকী সাঁতোৰ খেলুৱৈয়ে অংশগ্ৰহন কৰে আৰু উক্ত প্রতিযোগিতাখন ৬৪টা ইভেন্ট সামৰি লয়। আজিৰ এই প্রতিযোগিতাতে ৩৯ সংখ্যক ছাব-জুনিয়ৰ আৰু ৪৯ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতা ২০২৩ আৰু ৪০ সংখ্যক ছাব-জুনিয়ৰ আৰু ৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতাত অসম সাঁতোৰ সংস্থাক প্রতিনিধিত্ব কৰি অসম তথা যোৰহাটলৈ সুনাম কঢ়িয়াই অনা যোৰহাট ছুইমিং ছ’চাইটিৰ ৫ জন কৃতী সাঁতোৰ খেলুৱৈ ক্রমে নিবিৰ হাজৰিকা, অংশুমান দত্ত আৰু তন্ময় মস্ত ভৰালীক ২২৫০০ টকাকৈ লগতে দর্শিতা বৰুৱা আৰু মধুপ্রিয়া গগৈক ১৫০০০ টকাকৈ ছ’চাইটিৰ তৰফৰ পৰা এককালীন জলপানি প্রদান কৰে। এই অনুষ্ঠানত যোৰহাট জিলা ক্রীয়া বিষয়া ৰাহুল শর্মা, ASSAM HIGH PERFORMANCE TRAINING & REHABILITATION CENTRE JORHATৰ প্ৰধান ড০ গগণ পপলি, ছ’চাইটিৰ সভাপতি ৰক্তিম শইকীয়া, উপ-সভাপতি ড০ ৰাণা ভূঞাই খেলুৱৈসকলক জলপানি প্রদান কৰে। যোৰহাট ছুইমিং ছ’চাইটিৰ সহকাৰী সম্পাদিকা ড০ সেউজী বৰা নেওগে আঁতধৰা জলপানি প্রদান অনুষ্ঠানত ছ’চাইটিৰ সদস্য সদস্যসকলৰ উপৰি সাঁতোৰ খেলুৱৈসকল আৰু অভিভাবক সকলে অংশগ্রহন কৰে। উল্লেখযোগ্য যে, যোৰহাট ছুইমিং ছ’চাইটিয়ে ২০১৬ বর্ষৰে পৰা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ মানসেৰে এককালীন আর্থিক জলপানি প্ৰদানৰ ব্যৱস্থা কৰি আহিছে। আজি প্রতিযোগিতাখনিৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানতে ছ’চাইটিৰ সদস্য-সদস্যাসকলৰ প্রমুখ্যে প্রশিক্ষক-প্রশিক্ষিকা সকলে বিজয়ী খেলুৱৈসকলক বঁটা প্রদান কৰে। এই অনুষ্ঠানটিত যোৰহাট জিলা উন্নয়ণ আযুক্ত ৰাজীৱ ৰয় উপস্থিত থাকে। জলপানি প্রদান অনুষ্ঠান আৰু প্রতিযোগিতাখনিৰ সফল পৰিসমাপ্তিৰ বাবে যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ সকলো প্রতিযোগী, বিদ্যালয় প্রধান, অভিভাৱক আৰু যোৰহাটৰ ক্ৰীড়াপ্রেমী ৰাইজক যোৰহাট ছুইমিং ছ’চাইটিৰ হৈ সভাপতি-সম্পাদকে ধন্যবাদ জ্ঞাপন কৰে।

  • Related Posts

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস