ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ

পঢ়ক প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ স্বাস্থ্য বিশেষ লেখা


ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ

— ডা° ৰূপম দাস, ডায়েবেট’ল’জিষ্ট

বিশ্বত প্রতি ৩০ ছেকেণ্ডত বিভিন্ন কাৰণত এজন লোকে এখন ভৰি হেৰুৱাবলগীয়া হয়। দুৰ্ঘটনাজনিত কাৰণৰ উপৰি ডায়েবেটিছত আক্রান্ত হোৱা বাবে জটিলতাৰ সৃষ্টি হ’লে কেতিয়াবা ভৰি এখন অথবা দুয়োখনেই কাটিবলগীয়া হয়। সমগ্র বিশ্বতেই যিমান সংখ্যক লোকে ভৰি হেৰুৱাবলগীয়া হয় তাৰ ভিতৰত এক চতুর্থাংশ ডায়েবেটিছত আক্রান্ত ৰোগী। ডায়েবেটিছৰ বাবে যিবোৰ জটিলতাৰ সৃষ্টি হয় তাৰ ভিতৰত অন্যতম হ’ল ‘ডায়েবেটিক ফুট’। সচৰাচৰ ডায়েবেটিছত আক্রান্তসকলে হৃদযন্ত্র, বৃক্ক আৰু চকুৰ সমস্যাত ভোগে বুলি সতর্ক হয়। কিন্তু এনে ৰোগৰ বাবে যে ভৰি দুখনো কেতিয়াবা চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ’ব পাৰে, সেই বিষয়ে ভাবি নাচায়। এই ক্ষেত্ৰত সচেতনতাৰ অভাৱেই মূল কাৰণ হিচাপে ক’ব পাৰি। সাধাৰণ লোকৰ কথাটো বাদেই চিকিৎসকসকলৰো একাংশই ৰোগীজনৰ ভৰি দুখনৰ যতন সম্পৰ্কে বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। ডায়েবেটিছত আক্রান্ত লোকৰ ভিতৰত ১০ৰ পৰা ১৫ শতাংশ ৰোগীৰে ভৰিত ঘাঁ হোৱা দেখা যায়। তদুপৰি ডায়েবেটিছত আক্ৰান্ত হৈ ভৰিৰ সমস্যাত ভোগা বাবেই ৫০ শতাংশ ৰোগীয়ে সময়ত হাস্পতালত ভৰ্তি হ’বলগীয়া হয়।

ইমান দিনে ডায়েবেটিছৰ বাবে হৃদযন্ত্র, বৃক্ক আৰু চকুৰ সমস্যাই সততে গা কৰি উঠে বুলি ভবা হৈছিল যদিও শেহতীয়াভাৱে বিশেষজ্ঞসকলে ভৰি দুখনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। সতর্কতা অৱলম্বন নকৰা হেতুকে ভৰি দুখনত বিভিন্ন সমস্যাই গা কৰি উঠে। ডায়েবেটিছত আক্রান্ত হ’লে ভৰি দুখনৰ যি সমস্যাই গা কৰি উঠে সেইবোৰৰ ভিতৰত অন্যতম হ’ল— নিউৰোপেথি, পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ, সংক্রমণ, ইডিমা, ভৰিৰ ঘাঁ আৰু আঘাত ।

নিউৰোপেথি

নিউৰোপেথিত আক্রান্ত হ’লে কিছুমান বিশেষ লক্ষণ ফুটি উঠে। এনে সমস্যাত আক্রান্ত হ’লে ভৰি দুখন বিষায়। ভৰিৰ তলুৱা জ্বলাপোৰা কৰাৰ দৰে অনুভৱ হয়। সাধাৰণতে নিশাৰ ভাগত এনে ধৰণৰ সমস্যাই বেছিকৈ গা কৰি উঠে। ভৰি দুখনত তত্ নোহোৱাৰ দৰে অনুভৱ হয়। কেতিয়াবা অসহ্য বিষ হ’ব পাৰে। তদুপৰি গোৰোহা ফাটে। ভৰি দুখন শুষ্ক হয়। আনহাতে, যেতিয়া ‘ছিভিয়াৰ নিউৰোপেথি’ হয় তেতিয়া ৰোগীৰ ভৰিত বিষ নহয়। সেইবাবে ৰোগীয়ে ভৰি দুখনত আঘাত পালেও অনুভৱ নকৰে। যেতিয়া এই লক্ষণসমূহ ফুটি উঠে তেতিয়া নিশ্চিত হ’ব পাৰি যে ৰোগীজন নিউৰোপেথিত আক্ৰান্ত হৈছে।

পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ

ডায়েবেটিক ফুটৰ সমস্যাৰ ভিতৰত অন্যতম হল পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ। এনে সমস্যাত আক্রান্ত হ’লে কিছুমান বিশেষ লক্ষণ ফুটি উঠে। প্রথমতে, ভৰি দুখনৰ ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। অর্থাৎ চিক্‌মিকনি উঠে। আনহাতে, ভৰিৰ নোম সৰিবলৈ ধৰে। ভৰিৰ ছালখন পাতল হয়। কেতিয়াবা এনে ৰোগত আক্রান্ত লোকৰ আঙুলি ক’লা পৰে। দৰাচলতে তেজ চলাচলত ব্যাঘাত জন্মা বাবে আঙুলি ক’লা পৰে। এনে ৰোগীৰ পেৰিফেৰেল ভাস্কুলাৰ ডিজিজৰ লগতে নিউৰোপেথিও হ’ব পাৰে। সাধাৰণতে দীৰ্ঘদিন ধৰি ডায়েবেটিছত আক্রান্ত হ’লৈ দুয়োবিধে একেলগে গা কৰি উঠে। এনে ৰোগৰ চিকিৎসাও জটিল হয়। সেইবাবে সোনকালে চিকিৎসা নকৰিলে পৰৱৰ্তী সময়ত জটিলতা বৃদ্ধি পায়।

সংক্রমণ বৃদ্ধি

ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা থাকে। ৰোগ-প্ৰতিৰোধ ক্ষমতা হ্রাস পায়। যেতিয়া তেজৰ সৰবৰাহত ব্যাঘাত জন্মে তেতিয়া সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি লাভ কৰিব নোৱাৰে। সেইবাবে সংক্ৰমণৰ ফলত ঘা হোৱাৰ আশংকা থাকে। তদুপৰি যিবোৰ কোষত প্ৰচুৰ পৰিমাণে গ্লুক’জ বা শৰ্কৰা জমা হৈ থাকে সেইবোৰে পৰৱৰ্তী সময়ত সংক্রমণ বৃদ্ধি হোৱাত সহায়
কৰে।

কি কি কৰিব ?

ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে ভৰি দুখন বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ সতর্কতা অৱলম্বন কৰিব লাগে। যদিহে ৰোগীয়ে আৰম্ভণিৰে পৰা সতর্কতা অৱলম্বন কৰে তেতিয়াহ’লে ভৰিৰ সংক্ৰমণ বা ঘাঁ সততে হোৱাৰ আশংকা নাথাকে। সেইবাবে ৰোগীয়ে কিছু ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰা উচিত। কোনবোৰ দিশত গুৰুত্ব প্ৰদান কৰিব—

  • সদায় ভৰি দুখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। বহুতে নিশা শোৱাৰ আগে আগে ভৰি দুখন ভালদৰে ধোৱে যদিও দিনটোৰ অধিকাংশ সময় লেতেৰা কৰি ৰখাৰ বাবে সংক্রমণ বৃদ্ধিৰ আশংকা থাকে। সেইবাবে নিয়মীয়াকৈ ভৰি দুখন পৰিষ্কাৰ কৰি ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।
  • ভৰি দুখন সদায় ভালদৰে নিৰীক্ষণ কৰিব লাগে। আইনাত ভৰি দুখন চালে গোৰোহা অথবা ভৰিৰ পতাত কোনো ক্ষতৰ সৃষ্টি হ’লে সেয়া স্পষ্টকৈ দেখা পোৱা যায়। এনে কৰিলে ক্ষতৰ বাবে সৃষ্টি হোৱা ঘাঁ আদি প্ৰতিৰোধ কৰিব পাৰি।
  • যিমান সম্ভৱ সিমান ভৰি দুখন শুকান কৰি ৰাখিব লাগে। কাৰণ শুকান কৰি ৰাখিলে সহজে ফাংগেল বা ছত্রাক সংক্রমণ হোৱাৰ আশংকা নাথাকে। বহুতে ভৰি পৰিষ্কাৰ কৰি ৰাখে যদিও বেছি সময় তিতি থকাৰ ফলত পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই গা কৰি উঠে।
  • সদায় কপাহী মোজা পৰিধান কৰিব লাগে ৷ অৱশ্যে এনে মোজা পৰিধান কৰোতে এটা কথা লক্ষ্য কৰিব লাগে যাতে মোজাত কোনো ধৰণৰ ইলাষ্টিক নাথাকে। কাৰণ ইলাষ্টিক থাকিলে ভৰি দুখন চেপি ধৰিলে ৰক্ত সঞ্চালনত ব্যাঘাত জন্মিব পাৰে।
  • পিন্ধা জোতা বা চেণ্ডেলজোৰ কোমল হোৱাটো বাঞ্চনীয়। যিমানেই টান হ’ব সিমানেই ঘঁহনি খাই ঘাঁ আদি হোৱাৰ আশংকা থাকে।
  • জোতাজোৰ কিনোতে সদায় এটা কথা মন কৰিব লাগে যে পিন্ধাৰ সময়ত যাতে ভৰিৰ আঙুলিত চাপ নপৰে। কাৰণ এনেদৰে চাপ পৰাৰ ফলত ৰক্ত সঞ্চালনত ব্যাঘাত জন্মাৰ উপৰি
    ঘঁহনি খাই ঘাঁ আদি হোৱাৰ আশংকাও থাকে।
  • সদায় ভৰিৰ নখ চিধাকৈ কাটিব লাগে। বহুতে নখ ঘূৰণীয়াকৈ কাটে ফলত বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে।

কি কি নকৰিব ?

  • বেছি গৰম অথবা ঠাণ্ডা পানীৰে ভৰি ধুব নালাগে। কাৰণ এনে কৰিলে বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। ভৰি ধোৱাৰ সময়ত কুহুমীয়া পানী ব্যৱহাৰ কৰা উচিত।
  • খালী ভৰিৰে খোজ কাঢ়িব নালাগে। কিয়নো খালী ভৰিৰে খোজ কাঢ়িলে আঘাত পোৱাৰ আশংকা থাকে। খালী ভৰিৰে খোজ কাঢ়িলে উজুতি খোৱা বা গজাল আদিয়ে বিন্ধিলে ক্রমাৎ জটিলতাই গা কৰি উঠে।
  • তপত বালি আদিৰ ওপৰত বেছি সময় খোজ কাঢ়িব নালাগে।
  • জোতা পিন্ধিলে জোতাযোৰত যাতে গজাল আদি নাথাকে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
  • টান জোতা পিন্ধিব নালাগে। এনে জোতা পিন্ধিলে ভৰি কাটিব পাৰে।

জোতাযোৰ আবেলি কিনক

ডায়েবেটিছত আক্রান্ত ৰোগীয়ে জোতা-চেণ্ডেল পিন্ধোতে সাৱধান নহ’লে বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে। সেইবাবে জোতা-চেণ্ডেল কিনাৰ সময়ত কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত। এনে ৰোগীয়ে সদায় আবেলি সময়তহে জোতা-চেণ্ডেল কিনিব লাগে। কাৰণ আগবেলা ভৰিৰ যিটো আকৃতি থাকে দিনটো খোজ কঢ়াৰ ফলত আবেলি সামান্য পৰিৱৰ্তন হোৱা দেখা যায়। পুৱা আৰু
আবেলি ভৰি দুখনৰ আকৃতিৰ পৰিৱৰ্তন হয় বাবে আবেলি জোতা কিনাটোৱে মংগলজনক।আনহাতে, জোতা বা চেণ্ডেলজোৰ কোমল হ’ব লাগে। যিমানেই টান জোতা-চেণ্ডেল পিন্ধে সিমানেই ভৰি দুখন কটাৰ শংকা থাকে। চিকিৎসাvবিজ্ঞানত ইয়াক ‘বাইট’ বুলি কোৱা কয়।

গুৰুত্বপূৰ্ণ বিষয়

  • ভৰি দুখনৰ যিহেতু সংবেদনশীলতা কম, সেইবাবে আঘাত পালেও ৰোগীয়ে অনুভৱ নকৰে। বহু ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ ভৰি দুখনৰ সংক্ৰমণ অথবা আন সমস্যাৰ বিষয়ে জ্ঞাত নোহোৱাকৈয়ে উপস্থিত হয়। এনে ৰোগীয়ে কেৱল শৰ্কৰা নিয়ন্ত্ৰণৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰে। কিন্তু ভৰি দুখনৰ ওপৰত গুৰুত্ব নিদিয়ে। ভৰি দুখনৰ সংক্ৰমণ বৃদ্ধি হ’লে চিকিৎসাও জটিল হৈ পৰে।
  • ভৰি ফুলিলেই যে ডায়েবেটিছৰ বাবে এনে হয় সেই ধাৰণা শুদ্ধ নহয়। আন কাৰণতো ভৰি ফুলিব পাৰে। বিশেষকৈ বৃক্কৰ সমস্যা থাকিলে অথবা এনিমিয়া হ’লে নতুবা লিভাৰৰ সমস্যাৰ বাবেও ভৰি ফুলা দেখা যায়।
  • কেতিয়াও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ ঔষধ আদি খাব নালাগে। আনকি মলম আদি ব্যৱহাৰ কৰোতেও সাৱধান হ’ব লাগিব।
  • কিছুমানৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰিবলগীয়াও হ’ব পাৰে। যেতিয়া জটিলতা বৃদ্ধি পায় তেতিয়া ভৰিৰ অস্ত্ৰোপচাৰ নকৰিলে ৰোগীৰ মৃত্যু পর্যন্ত হোৱাৰ আশংকা থাকে।
  • পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ হ’লে যদিহে সমস্যাই জটিল ৰূপ ধাৰণ কৰে তেতিয়াহ’লে তেজ চলাচলৰ বাবে বাইপাছ কৰিবলগীয়াও হ’ব পাৰে। এনে কৰিলে তেজ চলাচল স্বাভাৱিক হৈ পৰে।
  • ভৰিৰ গোৰোহা ফাটিলে কেতিয়াও জোৰ কৰি এৰুৱাই দিব নালাগে। কাৰণ এনেদৰে এৰুৱাই দিয়াৰ ফলত ৰক্তক্ষৰণ হ’লে পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে।

সতর্কতা অৱলম্বন কৰিব লাগে
ডায়েবেটিছত আক্রান্ত ৰোগীৰ ভৰি দুখন পৰৱৰ্তী সময়ত যাতে কাটিবলগীয়া নহয় তাৰ বাবে সতর্কতা অৱলম্বন কৰিব লাগিব। এই ক্ষেত্ৰত কেৱল ৰোগীজনৰে নহয় পৰিয়ালৰ সদস্যসকলৰো দায়িত্ব আছে। দুৰ্ভাগ্যজনক বিষয় এয়ে যে এতিয়াও আমাৰ সমাজত ৰোগীসকলৰ মাজত ভৰি দুখনৰ বাবে জটিলতাৰ সৃষ্টি হ’ব পৰা সম্পর্কে সতর্কতামূলক ব্যৱস্থা হিচাপে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

  • Related Posts

    ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে অনুষ্ঠিত সাপ্তাহিক পোষণ বজাৰত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যোগত বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ…

    সু-স্বাস্থ্যৰ বাবে সুষম আহাৰৰ লগতে এখন কিতাপৰ সমানেই প্ৰয়োজন

    স্বাস্থ্য বিশেষঃ প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমূলক লেখা সু -স্বাস্থ্যৰ বাবে সুষম আহাৰৰ লগতে এখন কিতাপৰ সমানেই প্ৰয়োজন — ডা° হিতেশ বৰুৱা৮৬৩৮০৫৮৯৬৫ সুস্বাস্থ্যৰ বাবে সুষম খাদ্যৰ প্ৰয়োজন। এনে খাদ্যই স্বাস্থ্য…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস