সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
যোগেন, ফেইচবুকৰ ৰীল আখ্যান আৰু অকণ দাইটিৰ টুকুৰা খবৰ
— ড° জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এছ জি মহাবিদ্যালয়৷
অকণ দাইটিয়ে মাজে মাজে তাছ খেলে৷ সেই দিনা বিপিনৰ ঘৰত সন্ধ্যা মদৰ আড্ডাৰে স’তে তাছ খেলি থাকোঁতে যোগেনে ঘনে ঘনে মোবাইটো চাই থকা দেখি দাইটিৰ খঙেই উঠিল৷ বোলে ক্লা, কিনো সেইডাল বাৰে বাৰে চাই থাক দূৰৰ ভাই৷ এঘণ্টা নোচোৱাকে নোৱাৰনে? যোগেনো সুদা নহয়৷ তাছ পার্টিৰ সকলোকে উত্তেজিত কৰিবলৈ দুটুকুৰা কাপোৰ পিন্ধা অসন্দুৰী সুন্দৰী বোৱাৰী এজনীৰ ৰীল এটা আনি দেখালে৷ খুব কমনীয় ভাৱে ওঁঠ কামুৰি কৈ আছে বোলে তলৰ ফ’ল’ বুটাম টিপাৰ লগে লগে তাইৰ গাৰ কাপোৰ সকলো খুলি যাব আৰু দুটুকুৰা বস্ত্ৰৰে আৱৰি থকা শৰীৰৰ সেই ইতিমধ্যেই আৱিষ্কৃত অথচ বাৰে বাৰে পুনৰ আৱিষ্কাৰৰ উত্তেজনাৰে পিৰপিৰাই থকা কল্পনাক জোকাই যাব পৰা অংগদুটাও মুকলি হৈ যাব৷ সকলোৱে চালে৷ অলপ চফট পর্ণ চোৱাৰ আনন্দ লৈ লোৱাৰ দৰে লাগিল৷ দাইটিয়ে হঠাতে মাত দিলে: তোৰ চাগে’ এইবোৰ চাওঁতেই দিনটোৰ আধা সময় যায়৷ কিবা বোলেনে ঘৈণীয়েৰৰ ওচৰলে’…৷ দাইটিৰ কথাৰ ওপৰতে মোহনে টপৰাই মাত দিলে, কটা নিধক, মোৰ মাইকীয়েও ৰীল বনাই, অসমীয়া পুৰণি গীতবোৰ, সুৰবোৰ জনপ্ৰিয় কৰাৰ চেষ্টা এটা কৰে৷ কেতিয়াবা চাই ‘লাইক’ এটা দি পাইছ? আৰু জানে ৰাইজ, ইয়াৰ মোবাইলটো যোৱা বছৰ এইবোৰ কথাতে ঘৈণীয়েকে ভাঙি পেলাইছিল নহয়৷ ঘৰখনত চাৰিটা মানুহ৷ ই বাৰু এইটো বয়সত তাৰ মোবাইটো পেটার্ণ নে কি কিবা এটা লক কৰি থ’ব লাগেনে কোনেও চাব নোৱাৰাকে?
দাইটিয়ে বোলে ই সলনি নহয়৷ ই সেই আমাৰ গাঁৱৰ আগৰ কেটেপা পাগল মিণ্টুৰ নিচিনা৷ তাৰ কাহিনী জানই চাগে’৷ সবেই দাইটিৰ পৰা কাহিনী শুনাৰ আমেজৰ বাবেই চাগে’ নাজানো বুলি ক’লে৷ দাইটিয়ে বোলে কওঁ তেন্তে শুন৷ সেই পাগল মিণ্টুয়ে সকলো সময়তে অকল কেটেপাৰ কথা কয়৷ হাতত কেটেপা এখন লৈয়েই থাকে৷ চৰাই-মানুহ-কুকুৰ-মেকুৰী যি দেখে, কেটেপা মৰাৰ ভঙ্গী কৰে৷ মাজতে বেছ কিছুদিন সি সেইবোৰ নকৰা-নোকোৱা হ’ল৷ মানুহে ভাৱিলে এইবাৰ ভাল হ’ল আৰু ই৷ হৰেন দাইটিক এবাৰ লগ পাওঁতেও হেনো সি নমস্কাৰ দিলে আৰু বিয়া পতাৰ কথা ক’লে৷ হৰেন দাইটিয়ে শুনি বৰ ভাল পালে৷ সুধিলে বোলে তই আৰু কি কৰিম বুলি ভাৱিছ ক’চোন৷ মিণ্টুয়ে বোলে মই ছোৱালী এজনী বিয়া পাতিম আক’৷ হৰেন দাইটিয়ে সুধি গ’ল, তাৰ পিছত? তাৰ পিছত আমি একেটা ৰূমত সোমাম৷ হৰেন দাইটিৰ উত্তেজনা বাঢ়ি গ’ল৷ বোলে তাৰ পিছত৷ মিণ্টুয়েও ক’লে, তাৰ পিছত হেনো সি ছোৱালী জনীৰ কাপোৰ খুলিব৷ দাইটিয়ে মিণ্টুৰ কথাৰে নিষিদ্ধ আনন্দ লোৱাৰ আশাত অধিক উত্তেজিত হ’বলৈ আৰম্ভ কৰিলে৷ দৃশ্যটো কল্পনা কৰি দাইটি অলপ চঞ্চলেই হ’ল৷ বোলে, তাৰ পিছত? মিণ্টুয়ে কৈ গ’ল, তাৰ পিছত আৰু কি? তাইৰ অর্ন্তবাসৰ ইলাষ্টিক দুডালেৰে মই কেটেপাৰ ফিটা বনাম আক’৷
কাহিনীটো কৈ অকণ দাইটিয়ে তাছখেলা লগৰ বোৰলৈ চাই সুধিলে: কাহিনীটোৰ পৰা কিবা বুজিলিনে এই দূৰৰ ভাই যোগেনৰ চৰিত্ৰৰ বিষয়ে?
ৰাইজে বোলে হয়, হয়, ঠিক ঠিক, বুজিছোঁ দেই৷ ৰাইজে বুজা বুলি হয়ভৰ দিয়াৰ মাজতেই যোগেন তাৰ পৰা পলাই পত্ৰং দিলে৷