অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত চিবিআই তদন্তৰ দাবীঃ যোৰহাট জিলা কংগ্ৰেছৰ
ৰাহুল গান্ধীক অপমান কৰা বিধায়কক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰকঃ যোৰহাট জিলা কংগ্ৰেছ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজি যোৰহাট জিলা কংগ্ৰেছে দুটা বিশেষ কায্যসূচী গ্ৰহণ কৰে। অনলাইন ট্রেডিংৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা স্থিতিত সন্দেহ প্ৰকাশ কৰি জিলা কংগ্ৰেছে আজি জিলা আয়ুক্তৰ জৰিয়তে এখনি স্মাৰক পত্ৰৰ দ্বাৰা অনলাইন ট্রেডিংৰ লগত জড়িত প্ৰকৃত দোষীক কৰায়ক্ত কৰাৰ ক্ষেত্ৰত চি বি আই তদন্তৰ দাবী কৰিছে। যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া বিভাগৰ অধ্যক্ষ অভিজিত ফুকনে আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে সংবাদ মাধ্যমক জনায় যে, অনলাইন ট্রেডিংৰ ক্ষেত্ৰত প্ৰকৃত তদন্ত এতিয়াও হোৱা নাই। চুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকন আদিৰ দৰে দোষী ব্যক্তিৰ আঁৰত হয়তো আৰু বহু নামী দামী ব্যক্তিয়ে নিজ বেনামি ধন বিনিয়োগ কৰি এতিয়া এখন নাটক ৰচনা কৰিছে আৰু চৰকাৰেও এই ক্ষেত্ৰত এক ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে যাতে প্ৰকৃত ভাবে অসমৰ জলন্ত সমস্যা সমূহ আৰু মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ সম্পত্তিৰ ক্ষেত্ৰত চলি থকা বিতৰ্কসমূহ তল পৰি সমগ্ৰ সংবাদ মাধ্যমৰ দৃষ্টি এক বেলেগ দিশত নিবন্ধ হয়। সেয়ে এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত চি বি আইৰ দ্বাৰা হ’ব লাগে আৰু কেৱল চুমি, তাৰ্কিক, বিশালয়েই নহয় এই ঘটনাৰ মাষ্টাৰ মাইণ্ডসকলক শীঘ্ৰেই বিচাৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে প্ৰকৃত তথ্য ৰাইজৰ আগত ব্যক্ত কৰিব লাগে বুলিও বিজ্ঞপ্তিটোত পোষকতা কৰে।
উল্লেখযোগ্য যে, যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁইৰ নেতৃত্বত জিলা কংগ্ৰেছে আজি আন এটা প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক তৰবিন্দৰ সিং মাৰৱাই বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ প্ৰতিবাদ কৰি বিধায়কজনক শীঘ্ৰে নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। বিজ্ঞপ্তিটো জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া কোষৰ অধ্যক্ষ অভিজিত ফুকনে কয় যে, বিজেপি বিধায়ক মাৰৱাৰ মন্তব্য দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰৰ কাৰণে ক্ষতিকাৰক। তেখেতৰ মন্তব্যই সমাজলৈ এক ভুল বাৰ্তা লৈ যোৱাৰ লগতে সন্ত্ৰাসবাদী সংগঠন সমূহক নিকৃষ্ট কৰ্ম কৰিবলৈ উৎসাহিত কৰিব। এনে ধৰণৰ সমাজলৈ বিষবাষ্প প্ৰেৰণ কৰা নেতাই কেতিয়াও ৰাইজৰ হকে কাম কৰিব নোৱাৰে বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰি কয় যে, সন্ত্ৰাসবাদত বিশ্বাসী এনে নেতাক কেতিয়াও মুকলি আকাশৰ তলত থাকিবলৈ দিব নালাগে, এনে ধৰণৰ মানসিকতাৰ লোকক গ্ৰেপ্তাৰ কৰি অতি শ্ৰীঘে জেল হাজোতলৈ প্ৰেৰণ কৰি ভাৰত চৰকাৰে গণতন্ত্ৰৰ পৰিপন্থী নিদৰ্শন দাঙি ধৰিব লাগে। যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁইৰ নেতৃত্বত আয়োজিত দুয়োটা প্ৰতিবাদী কায্যসূচীত জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰাণ কুৰ্মী, প্ৰভাত কলিতা, চাৰু বাৰিক, সাধাৰণ সম্পাদক উমানন্দ নেওগ, বিকাশ গগৈ, লোহিত কোঁৱৰ, বাসৱী শইকীয়া, সুনীল গগৈ, বিপিন দত্ত, বিপুল বৰা, ধৰণী শইকীয়া, অক্ষয় জ্যোতি শইকীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি গন্ধিয়াসহ বিষয়ববীয়া, জিলা সেৱাদলৰ সভাপতি দিলীপ হাজৰিকাসহ বিষয়ববীয়া, জিলা যুৱ কংগ্ৰেছৰ সভাপতি অভিজিত বৰঠাকুৰসহ বিষয়ববীয়া, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি দেৱজ্যোতি শ্ৰুতিকৰ, ঢেকৰগঢ়া ব্লক কংগ্ৰেছৰ সভাপতি মনজিত চাংমাই, জিলা সামাজিক মাধ্যমৰ অধ্যক্ষ অচ্যুত পেগুসহ বিষয়ববীয়া, অনুসূচীত জাতি বিভাগৰ জিলা সভাপতি বলোৰাম দাসসহ বিষয়ববীয়াই আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।