বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগত ঐতিহাসিক আলোচনা সভা

বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগত ঐতিহাসিক আলোচনা সভা

আধুনিক কাজিৰঙাৰ গঢ়াৰ পোষকতাৰে কাজিৰঙাত একত্ৰিত বিভিন্ন দল-সংগঠন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ বন আৰু জন সুৰক্ষিত কৰি আধুনিক কাজিৰঙা গঢ়াৰ স্বাৰ্থত আজি একত্ৰিত হয় কাজিৰঙাৰ বিভিন্ন দল-সংগঠন৷ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগত কাজিৰঙাৰ আয়ৰা ৰিচৰ্টত আয়োজিত এই ঐতিহাসিক প্ৰতিনিধিত্বমূলক আলোচনা সভাত স্থানীয় বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈ কাজিৰঙাৰ গৰিমা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ঐক্যমতত উপনীত হয়৷ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথে আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানত সংগঠনটোৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই কয় যে ১৯৩৮ চনতে কাজিৰঙা হাবিক কেন্দ্ৰ কৰি আৰম্ভ হোৱা কাজিৰঙা পৰ্যটনে ইতিমধ্যেই চাৰিকুৰি বছৰ অতিক্ৰম কৰিছে৷ আনকি, ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া জনগণৰ সদিচ্ছা-আন্তৰিকতাৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আজি বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ল৷ কিন্তু, চৰকাৰী উদাসীনতাৰ বাবেই হওক অথবা আন কাৰণতেই হওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া জনগণ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ গৌৰৱময় সোৱাদ লাভৰ পৰা এতিয়াও যেন বহু নিলগত৷ তেনেস্থলত কাজিৰঙাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত এখন ফলপ্ৰসূ কৰিব পৰা আঁচনি প্ৰস্তুত কৰিবৰ বাবে আলোচনা সভাত উপস্থিত সকলোকে আহ্বান জনোৱা হয়৷ আলোচনা সভাত কাজিৰঙাৰ বিদ্যায়তনিক দিশ সম্বন্ধে বিভিন্নজনে গুৰুত্ব সহকাৰে উল্লেখ কৰে৷ কাজিৰঙাৰ শিক্ষাৰ মান উন্নীত কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প সম্প্ৰসাৰিত হৈ থকা এলেকাৰ পাঠ্যক্ৰমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা পৰ্যটন সম্বন্ধীয় পাঠ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা যাতে চৰকাৰে কৰে সেই আহ্বান জনায়৷ সমান্তৰালকৈ বোকাখাত চহৰক আদৰণি জনোৱা ডিফলু নৈৰ কাষত থকা ডাম্পিং গ্ৰাউণ্ডৰ জাবৰ-জোঁথৰ, প্লাষ্টিক ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ যাতে যাব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে একপ্ৰকাৰ মৃতপ্ৰায় হৈ পৰা কাজিৰঙাৰ কঁহৰা নৈত অবিজ্ঞানসন্মতভাৱে নিৰ্মিত কৃষিবান্ধৰ তলৰ অংশ ভাঙি নৈখন চাফচিকুণ কৰা তথা কঁহৰা নৈক পুনৰ্জীৱিত আঁচনি লোৱাৰ সিদ্ধান্ত লোৱা হয়৷ আনকি, কাৰ্বি আংলঙৰ পৰা বৈ অহা প্ৰতিটো জান-জুৰি-নিজৰা সুৰক্ষিত তথা পুনৰ্জীৱিত কৰাৰ পৰিকল্পনা আলোচনা সভাৰ কাৰ্যবিৱৰণত লিপিবদ্ধ কৰা হয়৷ ইপিনে, কদৰ্যময় অৱস্থাত থকা কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল কঁহৰা চাৰিআলিৰ লগতে কাষৰীয়া চহৰ বোকাখাত আৰু জখলাবন্ধাৰ চাফাইৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা, কাজিৰঙা এলেকাত শৃংখলিত পাৰ্কিং ব্যৱস্থা কৰা, পৰ্যটকৰ সুবিধাৰ্থে পৰ্যটনথলীত ছ’লাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা, কঁহৰা, কুঠৰী আৰু বোকাখাতৰ চিকিৎসালয়ক কেৱল নামত আদৰ্শ চিকিৎসালয় নকৰি সঁচা অৰ্থত স্থানীয় জনগণ তথা পৰ্যটক উপকৃত হোৱাকৈ উন্নতমানৰ চিকিৎসা ব্যৱস্থা কৰাত পোষকতা কৰা হয়৷ আজিৰ আলোচনা সভাৰ জৰিয়তে কাজিৰঙাৰ বান সমস্যা কিছু পৰিমাণে হ’লেও হ্ৰাস কৰাৰ স্বাৰ্থত কাজিৰঙাৰ দুখন বিল খননৰ পোষকতা কৰা হয়৷ তদুপৰি, ভূ-গৰ্ভৰ জলস্তৰ সংৰক্ষণ কৰা, জল সংৰক্ষণৰ জৰিয়তে কাজিৰঙাৰ জলসিঞ্চন ব্যৱস্থা সুচল কৰা তথা জল পৰ্যটন হিচাপে বিকল্প পৰ্যটনৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে কাজিৰঙাত থকা কাজিৰঙা বিল আৰু হুকুমা বিল নামৰ দুয়োখন বিল খনন কৰাৰ বাবে চৰকাৰে যাতে গুৰুত্ব প্ৰদান তাৰ বাবে কাৰ্যপন্থা ল’বলৈ চৰকাৰী পক্ষক আহ্বান জনোৱা হয়৷ আনহাতে, কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকৰ সুবিধাৰ্থে এটা তথ্য কেন্দ্ৰ আৰু অত্যাধুনিক জিৰণি গৃহ স্থাপন, কাজিৰঙাৰ সৌন্দৰ্যবৰ্ধন, পৰ্যাপ্ত ডাষ্টবিনৰ ব্যৱস্থা কৰা, খেলপথাৰ নিৰ্মাণ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ, প্ৰেক্ষাগৃহ নিৰ্মাণ, কাজিৰঙাৰ ছাত্ৰ-ছাত্ৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকৰ বাবে এটা আধুনিক লাইব্ৰেৰী নিৰ্মাণ, সাংস্কৃতিক পৰ্যটন, ঐতিহাসিক ধৰ্মীয় স্থান আটকধুনীয়াকৈ নিৰ্মাণ কৰি পৰ্যটনৰ ব্যৱস্থা কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বহনক্ষম উন্নয়ন, উঠা অহা প্ৰজন্মৰ বাবে দক্ষতা বিকাশ, কাৰ্বি আংলং জিলালৈ পৰ্যটন সম্প্ৰসাৰণ কৰা, পৰ্যটক সকলৰ বাবে এখন আদৰ্শ শিপিনী গাঁও নিৰ্মাণ, বাট-পথৰ উন্নয়ন কৰা, পৰ্যটক সকলৰ বাবে এখন থলুৱা খাদ্য উৎপাদনৰ আদৰ্শ গাঁও গঢ়ি তোলা, পিলখানাক পৰ্যটকৰ বাবে মাউতৰ ঐতিহাসিক গাঁও হিচাপে চিনাক্তকৰণ কৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰা আদি বিষয় তুলি ধৰা হয়৷ আনহাতে, এই বিষয়বোৰৰ লগতে বৃহত্তৰ কাজিৰঙা অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বিষয়বোৰ সন্নিৱিষ্ট কৰি এখন স্মাৰকপত্ৰ অচিৰেই কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক প্ৰদান কৰাৰ সিদ্ধান্ত আজিৰ আলোচনা সভাত গ্ৰহণ কৰা হয়৷ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপ সভাপতি ইমৰাণ আলি, সম্পাদকদ্বয় হোমেন গগৈ আৰু কিষাণ ছেত্ৰী, সাংগঠনিক সম্পাদক চন্দন নাথ, কাৰ্যকৰী সদস্য শৈলেন ডেকা, ৰাজু হুচেইন উপস্থিত থাকে৷ ইপিনে, আজিৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত পৰ্যটন বিষয়া তথা কাজিৰঙাৰ পৰ্যটন উন্নয়ন সমিতিৰ তৰুণ গগৈ, কাজিৰঙা হোটেল আৰু ৰিচৰ্ট সন্থাৰ সভাপতি ফটিক বৰা, সম্পাদক পংকজ গগৈ, কঁহৰা নদী সংৰক্ষণ সমিতিৰ সভাপতি দায়েৰীপ্ৰসাদ উপাধ্যায়, আটাছুৰ কাজিৰঙা আঞ্চলিকৰ বিমান বৰুৱা, আটছাৰ কাজিৰঙা উপ-শাখাৰ সুভাষ চাওৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিকৰ উপদেষ্টা সঞ্জীৱ দত্ত, কাজিৰঙা হাতী ছাফাৰী সন্থাৰ বিমল শৰ্মা, কাজিৰঙা বহুমুখী সমবায় সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰা, সম্পাদক বুবুল শৰ্মা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যতীন কলিতা, কাজিৰঙা জীপ ছাফাৰী সন্থাৰ বিপ্লৱ ৰাজখোৱা, কাজিৰঙা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই বক্তব্য আগবঢ়ায়৷ সভাৰ সিদ্ধান্তমৰ্মে সকলোৰে ঐক্যমত গ্ৰহণ কৰি কাজিৰঙাৰ সকলো দিশ চোৱাচিতা কৰিবলৈ এটা অভিভাৱক সংগঠন গঠন কৰিবলৈ বিভিন্ন ৰাজহুৱা কামত জড়িত থকা দেৱপ্ৰদীপ বৰাক আজিৰ সভাই দায়িত্ব অৰ্পণ কৰে৷

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস