গঁড় – অসমত সংৰক্ষণ আন্দোলনৰ প্ৰতিমূৰ্তি
— বুবুল শৰ্মা, লেখকৰ ফোনঃ 86385 65439
বিগত কেইবছৰমানৰ পৰা অসমত গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা ক্ৰমাত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। যোৱা বছৰ অসমত চোৰাং চিকাৰৰ ফলত মাত্ৰ এটা গঁড়ে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ২০২০ত অসমত দুটা গঁড় চোৰাং চিকাৰীৰ হাতত নিহত হোৱাৰ খবৰ আহিছিল। চোৰাং চিকাৰীৰ হাতত গঁড়ৰ মৃত্যুৰ বাতৰি প্ৰায়ে সংবাদ মাধ্যমত শিৰোনাম দখল কৰে৷
চৰকাৰ ,সংবাদ মাধ্যম সকলোৱে মন কৰিব লাগিব যে গঁড়ৰ বাবে কেৱল চোৰাং চিকাৰ একমাত্ৰ ভাবুকি নহয়। আন আন প্ৰধান ভাবুকিসমূহ হ’ল – অসমত থকা বৰ্তমানৰ গঁড়ৰ আৱাসস্থলীত উন্নত মানৰ ঘাঁহনি আৰু জলাশয় তথা বাসস্থানৰ অৱক্ষয়৷ গঁড়ৰ মূল ঘাঁহনি তথা আৱাসস্থলীত আচহুৱা বিদেশী উদ্ভিদ প্ৰজাতিসমূহ আমাৰ বদ্ধিত গঁড়বোৰৰ ভৱিষ্যতৰ প্ৰতি এক নিৰৱ, কিন্তু ডাঙৰ ভাবুকি হৈ পৰিছে। ঘাঁহনি আৰু জলাশয়ৰ বাসস্থানসমূহ বৈজ্ঞানিকভাৱে পৰিচালনা কৰিব লাগিব, যাতে গঁড়বোৰে নিজৰ পুষ্টিকৰ খাদ্য আৰু জৈৱিক প্ৰয়োজনীয়তাৰ অংশ হিচাপে বিচৰণ কৰা এলেকাসমূহ লাভ কৰে।
আমি এইটোও বুজিব লাগিব যে অসমৰ গঁড় জনসংখ্যাৰ ৮০%তকৈ অধিক সংখ্যক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ পৰিৱেশ তন্ত্ৰত অৱস্থিত, যিয়ে বিৰল আদ্ৰ তৃৰ্ণভূমি, জলাশয় আৰু বিৰল স্বকীয় নদীৰ পাৰৰ বনাঞ্চলৰ সৃষ্টি কৰিছে। ই প্ৰাকৃতিক ক্ষেত্ৰত সহায় কৰিছে অৰণ্য গঠন। শ শ বছৰ ধৰি এনে বানপানীৰ পৰিৱেশ তন্ত্ৰত বাস কৰা বন্যপ্ৰাণীয়ে ভূ-প্ৰকৃতিৰ মাজত বাস কৰিবলৈ শিকিছে আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ লগত খাপ খাই পৰিছে। বছৰি হোৱা বানপানীৰ ফলত প্ৰায়ে কিছুমান প্ৰাণীৰ মৃত্যু হয়,তাৰ মাজত যথেষ্ট সংখ্যক গঁড়ো থাকে, এনে প্ৰাকৃতিক ঘটনাই নিশ্চিত কৰে যে কেৱল সুস্থ সক্ষম বন্যপ্ৰাণী এই প্ৰত্যাহবানৰ মাজত জীয়াই থাকে বা থাকিব পাৰে, এই ধৰণে প্ৰাকৃতিকভাৱে ৰুগীয়া বয়সস্থ বন্যপ্ৰাণীবোৰ মৃত্যু ঘটি প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ ঘটে,ফলত সুস্থ শক্তিশালী বন্যপ্ৰাণী বা ইহঁতৰ সন্তানে প্ৰত্যাহ্বানমূলক প্ৰাকৃতিক পৰিৱেশত বাস কৰিব পাৰে। কেতিয়াবা কিছুমান সংবাদ মাধ্যমে এটা দৃশ্যপট দিয়ে যে বানপানীৰ পৰিৱেশ তন্ত্ৰত হোৱা বানপানী গঁড়ৰ বাবে বিপদজনক! কথাবোৰ আৱেগিকভাৱে চালে নহ’ব৷
কাৰণ অসমৰ বাৰ্ষিক বান ঘটনাটো ৭০ বছৰতকৈও অধিক সময় ধৰি চলি আহিছে। ১৯৬৬ চনত কাজিৰঙাত গঁড়ৰ জনসংখ্যা আছিল প্ৰায় ৩৬৬ টা আৰু কাজিৰঙাৰ ইতিহাসত কেইবাটাও বানপানীৰ পিছতো গঁড়ৰ সংখ্যা ২৬১৩ লৈ বৃদ্ধি পোৱা নাইজানো?
বছৰি হোৱা বানপানীক কাজিৰঙাৰ বাবে কেৱল অভিশাপ হ’ব নোৱাৰি. বৰঞ্চ পৰিৱেশতন্ত্ৰক আৰু সক্ৰিয় কৰি তুলিবলৈ বানৰ প্ৰয়োজন আছে , যিহেতু উদ্যানখনৰ বন্যপ্ৰাণীবোৰে বানৰ সময়তো উদ্যানৰ কিছুমান এলেকাত আশ্ৰয় লোৱাৰ ওপৰিও দক্ষিণৰ প্ৰাকৃতিক হাইলেণ্ডত আশ্ৰয় লয়৷ গতিকে, বছৰটোত মাত্ৰ কেইটামান দিনৰ বাবে অহা বানৰ পৰা গঁড়বোৰক ৰক্ষা কৰিবলৈ কাজিৰঙাৰ ভিতৰত অধিক কৃত্ৰিম হাইলেণ্ডৰ প্ৰয়োজন হৈছে বুলি ভৱাটো বিজ্ঞানসন্মত হ’ব নোৱাৰে।
বিশেষজ্ঞ সকলৰ মতে বানপানীৰ সমতল পৰিৱেশতন্ত্ৰত অধিক কৃত্ৰিম হাইলেণ্ড সৃষ্টি কৰিলে পৰিৱেশগত উত্তৰাধিকাৰৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হ’ব।আৱেগিক তথা অবৈজ্ঞানিক ভাৱে পৰিবেশগত উত্তৰাধিকাৰী প্ৰক্ৰিয়াটোৰ ক্ষতিকৰ কাৰ্য চলি থাকিলে,অধিক সহজ ভাষাত ক’বলৈ আমি বাধ্য হ’ম যে ভৱিষ্যতে কাজিৰঙাত আৰু গঁড়,হৰিণ আৰু জলাশয়ত চৰা বনৰীয়া ম’হ তথা অনান্য কিছুমান প্ৰাণী আদিৰ বাসস্থান বাসস্থান হৈ নাথাকিবগৈ৷ প্ৰাকৃতিক প্ৰক্ৰিয়াটোত দীৰ্ঘকালীনভাৱে আঘাত হানি থাকিলে বানপানীৰ সমভূমিৰ পৰিৱেশ তন্ত্ৰটো,শুকান বাসস্থানলৈ সলনি হ’ব, বিৰল আদ্ৰ তৃৰ্ণভূমিৰ অৱক্ষয় ঘটিব. ফলত ই গঁড়, হৰিণা, জলম’হ আদিৰ বাবে উপযোগী হৈ নৰ’ব৷ আৰু বন্যপ্ৰাণী পৰ্যটনৰ জৰিয়তে প্ৰান্তীয় গাঁৱৰ লোকসকলে বা থলুৱা যুৱক-যুৱতীয়ে যি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে, সেইবোৰো ক্ষতিগ্ৰস্ত হ’ব।
বিশেষজ্ঞ সকলৰ মতে অতিৰিক্ত কৃত্ৰিম হাইলেণ্ড সৃষ্টি কৰিলে উদ্যানখনৰ জলবিজ্ঞানত যথেষ্ট সলনি আহি পৰিব। বিশেষকৈ বানপানীৰ সময়ত পানীৰ প্ৰবাহত যথেষ্ট পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত পৰিৱেশ তন্ত্ৰৰ প্ৰাকৃতিক চাফাই ব্যৱস্থা বাধাগ্ৰস্ত হ’ব। ইয়াৰ ফলত উদ্যানখনৰ জলাশয়ত মেটেকা গজিব আৰু বন্যপ্ৰাণীৰ বাবে পৰিৱেশগত সমস্যাৰ সৃষ্টি হ’ব। জলবিজ্ঞানৰ পৰিৱৰ্তনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদ প্ৰজাতিৰো পৰিৱৰ্তন সাধন কৰিব। দীৰ্ঘকালীনভাৱে বন্যপ্ৰাণীৰ বাবে সোৱাদযুক্ত তৃৰ্ণভূমিৰ ঠাইত ঠাইত বন্যপ্ৰাণী ভক্ষণ কৰিব নোৱাৰা আৰু আচহুৱা উদ্ভিদ প্ৰজাতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হ’ব৷
গতিকে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত যিকোনো অতিৰিক্ত কৃত্ৰিম হাইলেণ্ডৰ পৰিকল্পনা কৰোঁতে আমি অতি সাৱধান হ’ব লাগিব। অবৈজ্ঞানিক হাইলেণ্ড নিৰ্মাণে প্ৰাকৃতিকভাৱে বৰ্তি থকা পৰিৱেশতন্ত্ৰৰ গছ-গছনি/বাসস্থানৰ গঠনৰ অৱস্থা সলনি কৰে, কিয়নো গছ-গছনি,মাটিৰ আৰ্দ্ৰতা প্ৰণালী, মাটিৰ পুষ্টিকৰ উপাদান, বীজ বেংক আৰু অন্যান্য অজৈৱিক আৰু জৈৱিক কাৰকৰ ওপৰত নিৰ্ভৰশীল এক কাৰ্য্য। গছ-গছনি বা কৃত্ৰিম পৰিৱৰ্তনৰ ফলত বিশেষকৈ খৰালি কালত উদ্যানৰ সীমাৰ বাহিৰত জীৱ-জন্তুবোৰ বিচৰণ কৰিবলৈ বাধ্য হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব৷
ইয়াৰ নেতিবাচক প্ৰভাৱ কেৱল বন্যজীৱ-জন্তু, বিশেষকৈ গঁড়ৰ বাবেই নহয়, জনসাধাৰণৰ বাবেও অতিৰিক্ত বিপদ মাতি আনিব, যাৰ ফলত উদ্যানখনৰ চাৰিওফালে থকা গাঁওসমূহত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাতৰ সৃষ্টি হ’ব। ইয়াৰ উপৰিও অধিক হাইলেণ্ডে ঘাঁহনি অঞ্চলৰ বাবে মুকলি ঠাই সৃষ্টি কৰিব, যাৰ ফলত এনে অঞ্চলবোৰ অপতৃণৰ আক্ৰমণৰ সন্মুখীন হ’ব। এনে হাইলেণ্ডবোৰে আক্ৰমণাত্মক আচহুৱা উদ্ভিদ প্ৰজাতিৰ হটস্পট হিচাপে কাম কৰিব পাৰে। কাৰণ হাইলেণ্ডবোৰ বানপানীয়ে ঢুকি যিহেতু নাপাব। এইদৰে ভৱিষ্যতে এইবোৰে আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতিৰ বীজ বেংক আৰু বিক্ষিপ্তকৰণ কেন্দ্ৰ হিচাপে কাম কৰাৰ সম্ভৱনা বৃদ্ধি পাব।
প্ৰাকৃতিক বানপানী হৈছে শেহতীয়া ইতিহাসৰ একমাত্ৰ বাহ্যিক কাৰক যাৰ এক বিশাল শক্তি আছে, যি বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ জনসংখ্যা প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দৰে পৰিৱেশতন্ত্ৰৰ বিভিন্ন উপাদান নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰয়োজন হয়৷ কাজিৰঙাত অধিক হাইলেণ্ডৰ অৰ্থ হ’ল আমি অযোগ্য বন্যপ্ৰাণীক প্ৰাকৃতিক বানপানীত জীয়াই থাকিবলৈ সুবিধা কৰি দিয়া। এইদৰে আমি ‘ছাৰভাইভেল অৱ দ্য ফিটেষ্ট’ নামেৰে জনাজাত প্ৰাকৃতিক নিৰ্বাচন প্ৰক্ৰিয়াটোক বিঘ্নিত কৰা হ’ব।
বুজন হোৱাৰ পৰা গঁড় সংৰক্ষণ, ন ন গৱেষণা, ব্যক্তিগত অভিজ্ঞতা,অধ্যয়ন অথবা গঁড় সংৰক্ষণৰ কাম-কাজৰ সৈতে জড়িত ব্যক্তিৰ সান্নিধ্যত এটা কথা উপলব্ধি কৰোঁ গঁড় প্ৰাণীটো কেৱল মোৰ বাবে বা অসমীয়া মানুহৰ বাবে এটা জন্ত নহয়, গঁড় অসমৰ গৌৰৱৰ প্ৰতীক,আত্মভিমানী প্ৰতীক। গঁড়ে অসম আৰু অসমৰ জনসাধাৰণৰ সংৰক্ষণৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে ৷ সেয়ে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও এই সংৰক্ষণ অব্যাহত থকা উচিত।
যদিও চোৰাং চিকাৰীক গঁড়ৰ ভৱিষ্যতৰ প্ৰতি এক ডাঙৰ ভাবুকি হিচাপে গণ্য কৰা হয়, তথাপিও গঁড়ৰ আৱাসস্থলী বা প্ৰজনস্হলীৰ ঘাঁহনি আৰু জলাশয়ৰ পৰিৱৰ্তন, আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতিৰ উত্থান, গঁড়ৰ আৱাসস্থলীৰ তৃৰ্ণভূমি নষ্ট হ’লে অথবা পোহনীয়া জন্তৰ এইবোৰ অঞ্চলত মুক্ত বিচৰণে এনথ্ৰাক্সৰ দৰে ৰোগে অসমৰ গঁড়ৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব পাৰে।
গতিকে, অসমীয়া জাতিয়ে,শিক্ষিত সমাজে. জাতীয় সংগঠনে সময়ে সময়ে গঁড়ে সন্মুখীন হোৱা ভাবুকিৰ মূল্যায়নৰ বাবে চকু-কাণ মুকলি কৰি ৰাখিব লাগিব আৰু অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকৰ জীৱনলৈ অহা ভাবুকিবোৰ দূৰ কৰিবলৈ আগবাঢ়ি আহিব লাগিব আৰু সমসাময়িক পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক জগাই তুলিব লাগিব। গঁড় হওক অসমীয়া জনসাধাৰণ আৰু সংস্কৃতিৰ বাবে কিংবদন্তি হৈ ৰওক, অসমৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য হৈ থাকক।
আহক আমি গঁড় সংৰক্ষণৰ সৈতে অংশীদাৰ হওঁ আৰু অন্যান্য বনাঞ্চলত গঁড় পুনঃস্থাপনৰ বাবে বন বিভাগক সহযোগ কৰোঁ৷
বুবুল শৰ্মা
সহায়ক গ্ৰন্থপঞ্জী:
1.বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়: বুবুল শৰ্মা
2.Unicornis: The great Indian One-Horned Rhinoceros: Dr Arup kr Dutta
3 The Wild life of India: E P Gee
4 An article on natural history museum,London
5 Endangered Animals of India and their conservation
6.কাজিৰঙাত কৰ্মৰত বহু কেইজন বনকৰ্মী / বিষয়া
- কাজিৰঙা অঞ্চলৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক
- Indian Rhino Vision
- Dr Bibhab Kr Talukdar’s articles.