কাজিৰঙাত বিশ্ব গঁড় দিৱস উদযাপন
ৰাজপথত ৰেলী, তিনিখন গ্ৰন্থ উন্মোচন
উপস্থিত দুই মন্ত্ৰী আৰু সাংসদ
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাত উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মুখ্য উদ্যোগত আৰু কেবাটাও স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আয়োজিত এই গঁড় দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, পৰিবহন তথা বিজ্ঞান-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা৷
কাজিৰঙাৰ কহঁৰাস্থ বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আজি বিয়লি অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীৰ অনুষ্ঠানত তিনিখনকৈ বন আৰু পৰিৱেশ সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰা হয়৷ অনুষ্ঠানতে গঁড় সংৰক্ষণ সম্পৰ্কীয় এখনি পুস্তিকা উন্মোচনৰ লগতে প্ৰাক্তন ৱাইল্ড লাইফ ৱাৰ্ডেন শান্তা শৰ্মাৰ “বাৰ্ডছ অৱ আচাম” আৰু ইন্দ্ৰাণী ফুকনৰ “ফিছেচ অৱ আচাম” শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয়৷
এটি প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “কাজিৰঙা কাজিৰঙা” পৰিবেশন কৰা হয়৷ অনুষ্ঠানতে বনকৰ্মীসকলক প্ৰতিনিধিত্ব কৰি ৫ গৰাকী বনকৰ্মীক প্ৰতিনিধিত্বমূলক ভাৱে “জাংগল গিয়েৰ” পেকেট বিতৰণ কৰা হয়৷
ইয়াৰ পাছতে বিশ্ব গঁড় দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন “আৰণ্যক” আৰু কহঁৰা চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি বঁটা প্ৰদান কৰা হয়৷
অনুষ্ঠানতে সদ্যসমাপ্ত দুদিনীয়া টুৰিষ্ট গাইড প্ৰশিক্ষণ কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷
অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰে মন্তব্য প্ৰদান কৰি কয় যে, কাজিৰঙাৰ সংৰক্ষণৰ অতীত বৰ কষ্টকৰ আছিল৷ তাহানি খুবেই নিম্ন বেতনেৰে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আগ ভাগ লৈ অহা তৃণমূল বনকৰ্মীৰ ত্যাগ স্মৰণীয়৷
ইফালে, অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত কয়, কাজিৰঙাত গঁড় সংৰক্ষণৰ ক্ষেত্ৰত বিভাগটোৰ লগতে সংশ্লিষ্ট পক্ষ আৰু দাঁতি কাষৰীয়া ৰাইজ ধন্যবাদৰ পাত্ৰ৷ ইয়াৰ সমান্তৰালভাৱে কাজিৰঙাক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটনৰ উন্নয়ণৰ ক্ষেত্ৰত কেনেধৰণে গতিশীলতা লাভ কৰিব পাৰি সেই সন্দৰ্ভত কাম কৰাৰ প্ৰয়োজন৷ ইফালে অনুষ্ঠানতে, কাজিৰঙাৰ সীমান্তৰ খাল-বিল সমূহত বছৰত এবাৰ বিহুৰ উৰুকাৰ দিনা পুৰুষাণুক্ৰমে পৰম্পৰাগতভাৱে স্থানীয় ৰাইজে মাছ ধৰাক লৈ উদ্যান কৰ্তৃপক্ষৰ বাধা নিষেধ শিথিল কৰিবলৈ ভাষণ প্ৰসংগত আহ্বান জনাই কৃষিমন্ত্ৰী অতুল বৰাই৷
ইফালে, সাংসদ কামাখ্যা প্ৰসাদ তাচাই গঁড় সংৰক্ষণৰ পুস্তিকা তথা কাজিৰঙা বিষয়ক পুস্তিকা অসমীয়া ভাষাত প্ৰকাশ কৰি কাজিৰঙা আৰু ইয়াৰ আশে-পাশে থকা বিদ্যালয় সমূহত আনুষংগিক পাঠ্যক্ৰম হিচাপে পঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱ ল’বলৈ উদ্যান কৰ্তৃপক্ষক আহ্বান জনায়৷আনহাতে, পৰিবহন তথা বিজ্ঞান-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসংগত কয় যে কাজিৰঙা সংৰক্ষণত কাজিৰঙা বাসীৰ লগতে বনবিভাগৰ যথেষ্ট ভুমিকা আছে। কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছুমান নীতি নিদৰ্শনাৰ বাবে যেনেকৈ থমকি ৰ’ব লগা হৈছে বা ত্যাগ স্বীকাৰ কৰি আহিছে ঠিক তেনেদৰেই কাজিৰঙাৰ ৰাইজৰ উন্নয়ণৰ কাৰণেও উদ্যান কৰ্তৃপক্ষই মনোযোগ দি আঁচনি গ্ৰহণ কৰিব পাৰিব লাগে৷
ইফালে আজি বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত গঁড় সংৰক্ষণৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে নগাঁও, বিশ্বনাথ বন সংমণ্ডল তথা কাজিৰঙাৰ অগৰাতলিৰ পৰা তিনিটা গঁড়ৰ প্ৰতীক ৰাষ্ট্ৰীয় পথেৰে কাজিৰঙাৰ কেন্দ্ৰীয় স্থান কহঁৰালৈ অনা হয়।
ইফালে, অনুষ্ঠানতে এক্সিচ বেংকৰ তৰফৰ পৰা বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলৰ বাবে জিৰ’ বেলেঞ্চত “বনৰক্ষক” শীৰ্ষক এক আঁচনিৰ কথা ঘোষণা কৰে৷ আঁচনি অনুসৰি আঁচনিৰ অধীনত থকা বনকৰ্মীয়ে কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত মৃত্যু হ’লে ৪০ লাখ টকা পৰ্যন্ত জীৱন বীমাৰ ধন লাভ কৰাৰ লগতে তেওঁলোকৰ পঢ়ি থকা কণ্যা আৰু পুত্ৰ সন্তানে শৈক্ষিক জলপানি ৮ লাখ টকা পৰ্যন্ত পোৱাৰ সুবিধা এক্সিচ বেংকে প্ৰদান কৰিব বুলি প্ৰকাশ কৰে৷
আনহাতে, অনুষ্ঠানতে মুখ্য অতিথিসকলক পৰিৱেশ কৰ্মী তথা সংবাদকৰ্মী চন্দন নাথে স্বনিৰ্মিত বাঁহৰ চুঙা প্ৰদান কৰে৷ উল্লেখ্য নাথে বিগত কেবাবছৰ ধৰি প্লাষ্টিক বটলৰ বিকল্প হিচাপে বাঁহৰ চুঙাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে৷