যোৰহাটত আগন্তুক দুর্গোৎসৱ, কালী পূজা আৰু ষট্ পূজা প্ৰস্তুতি সন্দৰ্ভত সভা সম্পন্ন
জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্তৰ সভাপতিত্বত আগন্তুক দুর্গোৎসৱ, কালি পূজা আৰু ষট্ পূজা প্ৰস্তুতিৰ সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ সমূহ পূজা কমিটিৰ বিষয়-ববীয়াসকলৰ লগত আগন্তুক দুর্গোৎসৱ, কালী পূজা আৰু ষট্ পূজা উদযাপন সন্দৰ্ভত পুংখানুপুংখভাৱে এক আলোচনা কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক দুর্গোৎসৱ, কালি পূজা আৰু ষট্ পূজা জিলাখনত পূৰ্বৰ দৰে শান্তি শৃংখলা অটুট ৰাখি উদযাপন কৰাৰ ক্ষেত্ৰত পূজা সমিতিসমূহক সঠিকভাৱে দায়িত্ব পালন কৰিবলৈ আহবান জনায়। তদুপৰি আয়ুক্তগৰাকীয়ে জিলাখনৰ পূজা মণ্ডপ সমূহত উপযুক্ত পোহৰ, খোৱা পানী, স্বেচ্ছাসেৱীৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে পৰিৱেশ স্বচ্চতা অটুট ৰখা, ধঁপাত আৰু মাদক দ্রব্য সেৱনৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি দুর্গা পূজা মণ্ডপ সমূহৰ দৰ্শনাৰ্থীৰ বাবে পৰ্যাপ্ত সুবিধা, জাৱৰ নিষ্কাশন ব্যৱস্থা, প্ৰকৃতিৰ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ, প্ৰতিমা বিসর্জনৰ ক্ষেত্ৰত শৃংখলাবদ্ধতা আদি বিভিন্ন বিষয়ৰ প্রতি দৃষ্টি ৰাখি শ্রেষ্ঠ পূজা মণ্ডপ নির্বাচন কৰা হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। সভাত আৰক্ষী অধীক্ষক গৰাকীয়ে ভাষণ প্ৰদান কৰি জিলাখনত শান্তিপূৰ্ণভাৱে পূজা উদযাপন কৰাৰ ক্ষেত্ৰত পূজা সমিতিসমূহৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোকপাত কৰে। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে আহ্বান জনায়। আজিৰ সভাত যোৰহাটৰ বিভিন্ন পূজা সমিতিৰ প্ৰতিনিধি সকলে পূজা উদযাপনৰ সময়ত উদয় হ’ব পৰা বিভিন্ন সমস্যাৰাজিৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। জিলা আয়ুক্তই এই সমস্যা সমূহ আঁতৰ কৰিবৰ বাবে প্রশাসনে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে। সভাত যোৰহাট পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, জিলা উন্নয়ণ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্তবৃন্দ, চক্র বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকল আৰু বিভিন্ন পূজা সমিতিৰ বিষয়ববীয়া তথা প্রতিনিধি সকল উপস্থিত থাকে।