সেইয়া আছিল গৌতম বুদ্ধৰ সময়ৰ বৈশালীৰ ৰাজদৰবাৰৰ এদিনৰ কথা৷ বৈশালীনৃপতি বহি আছে সিংহাসনত ৰাজদৰবাৰৰ মাজে৷ অমাত্যবৰ্গই ৰজাৰ লগত বিভিন্ন সমস্যাৰ কথা আলোচনা কৰি আছে৷ সেই সময়তে দৰবাৰত উপস্থিত থকা অৰ্ধেক জনতাই এগৰাকী ছোৱালীক উদ্দেশ্য কৰি কলে যে , “ আপুনি আমাৰ ৰাজ্যৰ নগৰবধু হওঁক” ৷ তেতিয়া ছোৱালীজনীয়ে খন্তেক ভাবি চিন্তি কলে , “ ঠিক আছে মই নগৰ বধূ হম কিন্তু এটা ৰজাৰ যদি ৰাজমহলটো মোক দিয়ে মই তেতিয়াহে নগৰবধূ হম৷”
সেইমৰ্মে জনতাই প্ৰস্তাৱ ললে যে ৰজাৰ ৰাজকাৰেংটো এই ছোৱালীজনীক হস্তান্তৰ কৰা হওঁক৷ তেতিয়া ৰজাই মাত লগালে ,“ এইয়া কেনেকৈ হব মই এই ৰাজ্যৰ ৰজা ৷ মোৰ মতেহে হব সকলো ৷ এইটো মোৰ ৰাজমহল ৷ গতিকে এই ৰাজমহল কি যুক্তিত ছোৱালীজনীক দিম? “
তেতিয়া জনতাই কলে যে , “ এইয়া আপোনাৰ ৰাজমহল নহয় ৷ এই ৰহজমহল আমি জনতাই আপোনাক দিছো গতিকে ইয়াত আপোনাৰ একনায়কত্ববাদ নচলিব৷ আমি কৰ দিওঁ আপোনাক আৰু সেই কৰৰ টকাৰে এই ৰাজমহল নিৰ্মাণ কৰা হৈছে ৷ গতিকে জনতাই বিচাৰিছে এতিয়া এই ৰাজমহল আপোনাৰ পৰা৷ আপুনি যদি বিচাৰে আপুনি নিজৰ টকাৰে বেলেগ এটা ৰাজমহল নিৰ্মাণ কৰি লওঁক৷
জনতাৰ কথা শিৰত মানি বৈশালীৰ ৰজাই সেই ৰাজমহল ছোৱালীজনীক এৰি দিব লগা হৈছিল ৷ সেইয়া আছিল পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৷ আৰু এতিয়া —–
ভাৰতীয় গণতন্ত্ৰই আহি থকা দিনবোৰত কি ৰূপ লব সেই স্পৰ্শকাতৰ প্ৰশ্নৰ উত্তৰ দিব আগন্তুক লোকসভা নিৰ্বাচনে৷ আৰু সেই উত্তৰৰ ওপৰতে নিৰ্ভৰ কৰিব কেন্দ্ৰত এইবাৰ কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব?
দেশৰ জনতাৰ সন্মুখত এইবাৰৰ দৰে এনে নিৰ্বাচনী উত্তেজনা আগতে মোৰ দেখা মনত নপৰে৷ জনতাই এইবাৰ এটা কথা ভাবিছে হয়তো যে এইবাৰ দেশৰ লোকসভা নিৰ্বাচন হব গণতন্ত্ৰ ৰক্ষাৰ বাবে হোৱা এক নিৰ্ণায়ক ৰাজনৈতিক যুঁজ৷ কাৰণ পাঁচ বছৰৰ মূৰত দেশৰ জনতাৰ হাতলৈ আহিছে পুনৰ এক মহাশক্তিৰ ৰূপত সেই বিশেষ সাংবিধানিক অধিকাৰ৷ যেন আকৌ আহিছে “গণতন্ত্ৰত ৰাইজেই ৰজা “ এই আপ্তবাক্যশাৰী কিমান সঁচা কিমান মিছা তাক পৰীক্ষা কৰাৰ দিন৷
আমি এতিয়া এটা কথা খুব স্পষ্টভাৱে কব খুজিছো যে অতিসম্প্ৰতি ভাৰতত গণতন্ত্ৰক ৰাইজৰ মংগল সাধনৰ বাবে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ৰাইজৰ চকুত ধূলি দিবৰ বাবেহে ব্যৱহাৰ কৰা হৈছে৷ এইটো কথা অৱশ্যে ঠিক যে ভাৰতবৰ্ষত গণতন্ত্ৰৰ প্ৰথম সাংবিধানিক চৰ্ত টো ঠিকেই পালন কৰিছে অৰ্থাৎ সকলো প্ৰাপ্তবয়স্ক পুৰুষ মহিলাই নিজৰ মতদান কৰিবলৈ অধিকাৰ পাইছে৷ নিজৰ পছন্দমতে জনতাক এখন চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়াৰ পাছত জনতাই গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰি চৰকাৰ গঠন কৰিছে কিন্তু লেঠাটো লাগিছে এইখিনিতেই যে ভাৰতীয় গণতন্ত্ৰৰ ভেটিটো দেখাতহে খুব সুদৃঢ় আঁতৰৰ পৰা দেখিলে এনে ভাৱ হোৱা একো আছৰিত নহয় যে ইমান সুদৃঢ় ভেটিৰ ওপৰত নিৰ্মিত যিকোনো ইমাৰৎ অন্তঃত হাজাৰ হাজাৰ বছৰ ধৰি সগৰ্বে মূৰ তুলি থাকিব পৰাৰ বিষয়ে একো সন্দেহেই থাকিব নোৱাৰে৷ কিন্তু তীক্ষ্ণভাৱে নিৰপেক্ষভাৱে অলপ ওচৰ চাপি আহি পৰীক্ষা কৰিলে দেখা যাব যে দূৰৰ পৰা দেখাত সুদৃঢ় আৰু কঠিন যেন লগা এই ভেটিৰ মাত্ৰ কেইহাতমান তলতেই আছে এটা ভয়ংকৰ বিৰাট পিতনি৷সেই পিতনি হ’ল অশিক্ষা , দাৰিদ্ৰ , অতিভক্ত , সামাজিক চেতনাৰ অভাৱ , গণতান্ত্ৰিক পৰম্পৰাৰ অভাৱ , শাসকৰ একনায়কত্ববাদী চৰিত্ৰ , শাসকে নিজকে সংবিধান বুলি গণ্য কৰা অহংকাৰী চৰিত্ৰ , সংকীৰ্ণ সাম্প্ৰদায়িক আনুগত্য আৰু পুঁজিবাদী চক্ৰান্ত আদি এশ এটা অন্তস্ৰোতা মলবাহিনী জলধাৰাই সৃষ্টি কৰা এক
বিস্তীৰ্ণ পিতনি৷ সামান্য এটা সামাজিক ভূমিকম্প হলেই দেশৰ এই গণতন্ত্ৰৰ সৌধ চকুৰ পলকতে তাছপাতৰ দৰে খহি পৰি এই পিতনিৰ গৰ্ভত সম্পূৰ্ণ অদৃশ্য হৈ যাব৷ গতিকে কোটি কোটি জনতাই নীৰৱে আৰু শান্তভাৱে
নিৰ্বাচনী ভোটকেন্দ্ৰত গৈ ই ভি এম ৰ বুটাম টিপিয়েই যিসকলে আত্মপ্ৰসাদ লাভ কৰি আহিছে বা দেশৰ গণতন্ত্ৰৰ মহিমাকীৰ্তনত পঞ্চমূখ হৈ উঠিছে তেওঁলোকৰ আৰ্শীবাদ বা আশুতোষ স্বভাৱ প্ৰশংসনীয় হলেও চিন্তাশক্তি আৰু দূৰদৃষ্টি কিন্তু পূৰামাত্ৰাই সন্দেহজনক৷ এই কথাবোৰ আমি নতুনকৈ খুব গভীৰভাৱে ভাবিবলগা হৈছে ৷
আজি যদি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী জীয়াই থাকিলহেঁতেন তেন্তে আজি তেওঁ নিশ্চয় দেশবাসীক দ্বিতীয় স্বাধীনতা আন্দোলনৰ বাবে আহ্বান জনাবলৈ বাধ্য হলহেঁতেন৷
কাৰণ দেশৰ প্ৰথম স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া মানুহজনে নিজৰ ৰাজনৈতিক সততাৰে ইমান দিনে নিশ্চয় এই উপলব্ধিৰে অতিকে মৰ্মাহত হৈ পৰিলহেঁতেন যে তেওঁ কল্পনা কৰা “
ৰামৰাজ্য খন দেখোন কতো বিচাৰি পাবলৈ নাই৷ বৰ্তমান সময়ত এতিয়া দেশত যেন এক একনায়কত্ববাদ চলিছে৷ এজন মানুহৰ ইচ্ছা অনিচ্ছাৰ ওপৰতে যেন এতিয়া ভাৰতৰ ভৱিষ্যত
নিৰ্ভৰ কৰিছে৷ একাংশ অনুগতই তেওঁক এক অতিমানৱ সজাবলৈ অহৰহ চেষ্টা কৰি আছে৷ যেন তেওঁৱেই যেন অখণ্ড ভাৰতৰ একমাত্ৰ ৰাজাধিৰাজ৷ দেশৰ ৰাজনীতি যিটো গতিৰে আগবাঢ়িছে , ক্ষমতাৰ মছনদ দখল কৰাৰ বাবে যিবোৰ পন্থা অৱলম্বন কৰা হৈছে তাত আজিৰ তাৰিখত মুখ্য ৰূপকাৰ নৰেন্দ্ৰ মোদী ৷ বিজেপি বা নৰেন্দ্ৰ মোদীৰ সমৰ্থক আমি মুঠেই নহয় তেওঁলোকৰ ৰাজনীতিক সাম্প্ৰদায়িক ৰাজনীতি বুলিয়েই বিবেচনা কৰো আৰু দেশ বা সমাজৰ বাবেই ক্ষতিকাৰক বুলিয়েই কম৷ কাৰণ বিজেপিৰ চৰিত্ৰ এতিয়া লুকাই থকা নাই ৷ সাম্প্ৰদায়িকতাৰ জয় আৰু ধৰ্মনিৰপেক্ষতাৰ পৰাজয় বুলি এতিয়া আলোচনা হৈছে৷ কিন্তু ইয়াৰ আধাৰ কি ? গণতন্ত্ৰৰ ঠাই এতিয়া ফেচীবাদে দখল কৰিবলৈ দূৰন্ত গতিৰে আগবাঢ়ি আহিছে ক্ষমতাবলীয়া শাসক৷ সংসদীয় গণতন্ত্ৰৰ প্ৰতি ৰাইজৰ অনাস্থা দিনকদিনে বৃদ্ধি পাই আহিছে ৷জনগণৰ মৌলিক সমস্যা সমাধানত ব্যৰ্থ হোৱা শোষক ৰাষ্ট্ৰ যিমানেই নৃশংস হৈ উঠিছে সিমানে মানুহৰ মনো আন্দোলিত হৈ পৰিছে আৰু তাৰেই পটভূমিত বিক্ষিপ্ত ৰূপত হলেও সৃষ্টি হৈছে নানাধৰণৰ বিক্ষোভৰ ৷ দেশে দেশে গণতন্ত্ৰৰ চৰিত্ৰ ভিন্ন ৷পশ্চিমীয়া উদাৰতন্ত্ৰৰ প্ৰভাৱতে এদিন ৰছিত হৈছিল ভাৰতীয় সংবিধান ৷ পণ্ডিত জৱাহৰলাল নেহৰুৰ দৰে সৰ্বজনপ্ৰিয় নেতাৰ দৃষ্টিভংগী অথবা ব্যক্তিত্বৰ বাবেই হয়তো এদিন দেশত চালু আছিল এনে গণতন্ত্ৰ৷ কিন্তু আজি যদি আমি দেখো বৰ্তমান গণতন্ত্ৰৰ চৰিত্ৰই সুকীয়া হৈ গ’ল৷ সমস্ত তথ্যপাতি , প্ৰতিবেদন , গৱেষণাই দেখুৱাই দিছে যে চৰকাৰী উন্নয়ন এতিয়া এটা মাথো শ্ল’গান ৷
এতিয়া আঁহো এটা কথালৈ , শাসকে যিমানবোৰ চৰকাৰী যোজনা প্ৰণয়ন কৰিছে সেই প্ৰায়বোৰ চৰকাৰী যোজনাই দেশৰ জনতাক একপ্ৰকাৰে ভিক্ষাৰী কৰি থৈ গৈছে৷ এই যে বি পি এল ( BPL) যোজনাবোৰ দিল্লীত প্ৰস্তত কৰা হয় কেৱল শাসনাধিষ্ঠিত ৰাজনৈতিক দলটোৰ লাভালাভৰ বাবে একো একোটা অনুগত ভোটবেংক সৃষ্টি কৰা৷
আঁচনিৰ ওপৰত হিতাধিকাৰীৰ আঁচনি সৃষ্টি কৰি শাসকে গাওঁ অঞ্চলৰ ৰাইজৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাইছে৷ কোনো বিষয়া বা বিধায়ক মন্ত্ৰী যদি এখন গাওঁৰ ভিতৰলৈ সোমাই যাই তাত দেখিব প্ৰায় ৮৫ শতাংশ মানুহৰে অনুৰোধ হব এইটোৱেই, “ ছাৰ , মোৰ নামটো বি পি এল ৰ সূচিত ভৰাই দিবচোন৷ মোৰ নাম অহা নাই ৷”
বি পি এল ৰ অৰ্থ হ’ল ভিক্ষাৰী অৰ্থাৎ এনেকুৱা এজন ব্যক্তি যিজনে কয় যে মই সক্ষম নহয় মোৰ হাতত টকা নাই মোক সহায় কৰক মোক সাহাৰ্য কৰক৷
এইয়াই এতিয়াৰ সমাজৰ বাস্তৱ ৷ তেন্তে এই দেশৰ জনতাৰ দুৰ্গতি দেখক মানুহবোৰে কৈ আছে , “ চৰকাৰে মোক দৰিদ্ৰ বনাই দিয়ক ”৷ মানুহৰ মাজত এতিয়া চৰকাৰী সাহাৰ্যৰে হিতাধিকাৰী
হেতাওপৰাবোৰ দেখি মনতে প্ৰশ্ন হয় যিখন দেশৰ মানুহে কেৱল চৰকাৰী অনুগ্ৰহত সাহাৰ্যপ্ৰাপ্ত হিতাধিকাৰী হবলৈ মন মেলি আছে সেইখন দেশে কি যাদুৰ বলত উন্নতি কৰিব?
মনত পৰিছে পিয়েৰ প্ৰধোই কোৱা এষাৰ মূল্যবান কথা কি কৈছিল তেওঁ , “ UNIVERSAL SUFFRAGE MEANS REVOLUTION ” ৷ অৰ্থাৎ সাৰ্বজনীন ভোটাধিকাৰৰ অৰ্থই হৈছে বিপ্লৱ৷ সমাজত দৰিদ্ৰ আৰু শোষিত মানুহৰ সংখ্যাই বেছি ৷ গণতন্ত্ৰৰ আছল কথাটোৱেই হৈছে সংখ্যা গৰিষ্ঠতাৰ শাসনাধিকাৰ৷ এই সংখ্যা গৰিষ্ঠৰ শোষণৰ ভেটিত প্ৰতিষ্ঠা হোৱা সমাজ ব্যৱস্থাটোক সলাই পেলাবলৈ হলে মাত্ৰ দুটা পথ আছে , এটা হল বুলেটৰ পথ অৰ্থাৎ সশস্ত্ৰ সংগ্ৰামৰ দ্বাৰা বৈপ্লৱিক পৰিবৰ্তনৰ পথ আৰু আনটো হল বেলটৰ পথ অৰ্থাৎ সংগঠিত জনমতৰ সহায়ত গণতান্ত্ৰিক সংস্কাৰৰ পথ৷ কিন্তু জনতাই এই সৰ্বোচ্চ সাংবিধানিক ক্ষমতা কিমান শুদ্ধভাৱে এইবাৰ আগন্তুক নিৰ্বাচনত প্ৰয়োগ কৰে সেইয়া হব অতিকে লক্ষণীয়৷.
এই নিৰ্বাচনৰ বতৰত এতিয়া শাসকগোষ্ঠীয়ে পুনৰবাৰ ক্ষমতাৰ মছনদ নিজৰ হাতত কায়াম ৰাখিবৰ বাবে অবিৰতভাৱে নানা ধৰণৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে৷ জনতাক সকলো ফালৰ পৰাই সন্তুষ্ট কৰিবৰ বাবে যিমান পাৰে সিমান চেষ্টা কৰিছে৷ বিভিন্ন প্ৰলোভনেৰে সাধাৰণ ভোটাৰৰ মন মোহাছন্ন কৰি পেলাইছে যাতে আন একো কথা চিন্তা কৰিব নোৱাৰে৷ আনকি এই অসম মুলুকত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে
নিৰ্বাচন আয়োগৰ বিধি বিধানকো বুঢ়া আঙুলী দেখুৱাই জনতাক বুৰ্বক সজাই ঘৰে ঘৰে ভূৱা ” অৰুণোদয় “ আঁচনিৰ আবেদন পত্ৰ , ভূৱা বীমাকৰণ আঁচনিৰ টোপ দি ভোটাৰক প্ৰলোভন দি ভোট ভিক্ষা কৰিবলগীয়া পৰিস্থিতি হৈছে আজি৷ তাৰমানে এই শাসকক লাগে কেৱল ক্ষমতা৷ সদায় মদগৰ্বী শাসকৰ দৰে থাকিবলৈ বিচাৰে ৷ মুখেৰে অসমৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে অনবৰতে যে অসম বোলে দেশৰ সৰ্বশ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হব ৷ কিন্তু কি যাদুৰ বলত ? ঋণ লৈ লৈ ৰাজ্য চলাই তত নোপোৱা মুখ্যমন্ত্ৰীজনে স্বভাৱশৈলী দাম্ভিকতাৰে কৈ থাকে যে , “আমাৰ টকা পইচাৰ একো অভাৱ নাই ৷ মোদী ডাঙৰীয়াই যিমান লাগে সিমান দিছে আমাক” ৷
কিন্তু বাস্তৱক্ষেত্ৰ পৰ্যবেক্ষণ কৰিলে দেখিম যে মুখ্যমন্ত্ৰীৰ এই জাতীয় কথাবোৰৰ একো ভিত্তি নাই৷ ড° মনমোহন সিং ৰ কাৰ্যকালত অসমে. লাভ কৰি থকা বিশেষ ৰাজ্যৰ মৰ্যাদা নৰেন্দ্ৰ মোদীৰ দিনত কৰ্তন কৰা হল ৷
কিন্তু এই ধৰণৰ সত্য কথাবোৰ যাতে জনতাৰ সন্মুখলৈ কোনো মাধ্যমেদি যাব নোৱাৰে তাৰ বাবে চৰকাৰে যাক যি বস্তুৰ দ্বাৰা বশ কৰি ৰাখিব পাৰি তাৰ
ব্যৱস্থা সুন্দৰভাৱে কৰি ৰাখিছে কাৰণ এটাই , সেইটো হৈছে তেওঁ অনন্তকাললৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বিৰাজমান হৈ থাকিবলৈ পাব লাগিব৷ ৷
যুগুতাইছে —
ড° পৰিধি শৰ্মা৷
সহকাৰী অধ্যাপিকা
দিল্লী বিশ্ববিদ্যালয়৷
ই মেইল= sarmahdrparidhi@gmail.com