বিশ্ব পৰ্যটন দিৱসৰ চিন্তা
বিকল্প পৰ্যটনেহে কাজিৰঙাৰ উত্তৰণ ঘটাব
— ধ্ৰুৱজ্যোতি সাহা, ফোনঃ ৯১০১৩০২৩৩১
আজি ২৭ চেপ্তেম্বৰ৷ বিশ্ব পৰ্যটন দিৱস৷ সমগ্ৰ বিশ্বই আজিৰ দিনটো পৰ্যটন দিৱস হিচাপে উদ্যাপন কৰিব৷ ভাৰতবৰ্ষও তাৰ ব্যতিক্ৰম নহয়৷ আন্তৰ্জাতিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে ১৯৮০ চনৰ ২৭ চেপ্তেম্বৰৰ পৰা উদযাপন কৰি অহা হৈছে বিশ্ব পৰ্যটন দিৱস। এই পৰ্যটন দিৱসৰ মূল চিন্তা আছিল দেশবোৰৰ মাজত এটা সু-সম্পৰ্ক গঢ়াৰ সমান্তৰালভাৱে অৰ্থনৈতিক উত্তৰণ সাধন কৰা৷ ১৯৪৫ চনত পৰিসমাপ্তি ঘটা দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত বিভিন্ন ধনিক ৰাষ্ট্ৰৰ দ্বাৰা আৰম্ভ হোৱা বিভিন্ন অৰ্থনৈতিক সম্প্ৰসাৰণৰ ফলশ্ৰুতিতে বিশ্বব্যাপী আৰম্ভ হৈছিল পৰ্যটন ব্যৱসায়ৰ প্ৰচাৰ আৰু প্ৰসাৰ। পৰ্যটনৰ যোগেদি বিভিন্ন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাজহ সংগ্ৰহত বিশেষ অৱদান আগবঢ়োৱাৰ উদ্দেশ্যতে পৰ্যটনৰ লগত জড়িত বিভিন্ন প্ৰতিষ্ঠান, ব্যক্তি আৰু উপভোক্তা শ্ৰেণীৰ সমন্বয়ত আন্তৰ্জাতিক ভ্ৰমণ সম্বন্ধে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ ঐক্যমতেৰে ১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে প্ৰতিষ্ঠা হয় বিশ্ব পৰ্যটন সংস্থা৷ পৰৱৰ্তী সময়ত ১৯৮০ চনৰ ২৭ চেপ্তেম্বৰত প্ৰথমবাৰৰ বাবে বিশ্ব পৰ্যটন দিৱস হিচাপে উদযাপনৰে পৰ্যটনৰ ভূমিকা সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা হয়৷ আমাৰ দেশ ভাৰতবৰ্ষই বিশ্ব পৰ্যটন দিৱস উদ্যাপন প্ৰতিবছৰে ২৫ জানুৱাৰীৰ দিনটোক ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে উদ্যাপন কৰে৷ কিন্তু, বিশ্বৰ আন আন প্ৰান্তত পৰ্যটন উদ্যোগটোক লৈ নিত্য-নতুন চিন্তা চলিলেও বিশেষকৈ অসমৰ ক্ষেত্ৰত সেয়া অদ্যপি সম্ভৱ হৈ উঠা নাই।
আমি সকলোৱে অৱগত যে কাজিৰঙা পৰ্যটনক কেন্দ্ৰ কৰিয়েই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগটোৱে গতিশীলতাত লাভ কৰিছে৷ কিন্তু, ১৯৩৮ চনতে আৰম্ভ হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগটো আজি চাৰিকুৰি পাঁচ বছৰেও চালুকীয়া হৈয়েই আছে৷ চৰকাৰী উদাসীনতাৰ বাবেই কোনো এখন চৰকাৰে এই উদ্যোগটোক সঠিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে৷ আমি বহুতেই নাজানো যে সচেতন পৰ্যটকৰ একাংশই কাজিৰঙালৈ আহি প্ৰথমতেই সোধে ইয়াৰ খোৱাপানীকণৰ বিষয়ে৷ কিন্তু, স্বাধীনতাৰ চাৰিকুৰি বছৰ হ’বলৈ হৈছে যদিও বিশুদ্ধ খোৱাপানীকণৰ পৰা কাজিৰঙাৰ বহুলোক আজিও বঞ্চিত৷ বোকাখাত চহৰক আদৰণি জনোৱা ডিফলু নৈৰ কাষত থকা ডাম্পিং গ্ৰাউণ্ডৰ জাবৰ-জোঁথৰ, প্লাষ্টিক ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ যায়৷ আনহাতে, কঁহৰা নৈখনৰ অৱস্থা মৃতপ্ৰায় হৈ পৰিছে৷ নৈখনত অবিজ্ঞানসন্মতভাৱে নিৰ্মিত কৃষিবান্ধৰ তলৰ অংশ ভাঙি নৈখন চাফচিকুণ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷ তদুপৰি, কাৰ্বি আংলঙৰ পৰা বৈ অহা প্ৰতিখন নৈ-জান-জুৰি বেদখলমুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা তথা পুনৰ্জীৱিত কৰাটো প্ৰয়োজন হৈ পৰিছে৷ এই ব্যৱস্থাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলক সুৰক্ষিত কৰিব৷ কিন্তু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগটো অন্ততঃ সুৰক্ষিত কৰাৰ স্বাৰ্থতো এই বিষয়বোৰক আওকাণ কৰে চৰকাৰী মন্ত্ৰী-মদাগৰে৷
গুৰুত্বপূৰ্ণ কথাটো হ’ল, কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল কঁহৰা চাৰিআলি কদৰ্যময় হৈ থাকে৷ এগৰাকী পৰ্যটক কঁহৰা চাৰিআলিত নামিয়েই এটা লেতেৰা পৰিৱেশৰ মুখামুখি হ’বলগা হয়৷ সমান্তৰালভাৱে কুঠৰী, কাষৰীয়া চহৰ বোকাখাত আৰু জখলাবন্ধাৰ চাফাইৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা উচিত৷ প্ৰয়োজন সাপেক্ষে বিশেষ আইনৰ ব্যৱস্থা কৰি তথা চৰকাৰী বিভাগৰ অস্থায়ী কৰ্মী মকৰল কৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা চাফচিকুণ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ কিন্তু, নকৰে৷ এইবোৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিবলৈ স্থানীয় প্ৰশাসন, বনবিভাগ, পৰ্যটন বিভাগ, সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী কাৰো সময় নাই৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলেই কাজিৰঙা চাফচিকুণ নহয়৷ কিন্তু, সময় যেন কাৰো নাই৷ চৰকাৰী বৰ বৰ বিজ্ঞাপনত অনাময় ব্যৱস্থাৰ কথা প্ৰকাশ কৰা হয়৷ এই আঁচনিৰ ধন হজম কৰিবলৈ কাজিৰঙাত ইটোৰ পাছত সিটোকৈ নিৰ্মাণ কৰা হয় শৌচগাৰৰ৷ যাৰ বাবেই থাকোঁতে কঁহৰা চাৰিআলিত চাৰি/পাঁচটা প্ৰস্ৰাৱাগাৰ আছে৷ কিন্তু, এটাৰো অৱস্থা ব্যৱহাৰৰ যোগ্য নহয়৷ তদুপৰি, কাজিৰঙাৰ আন আন পৰ্যটন স্থান সমূহৰ য’ত য’ত স্বাস্থ্য সন্মত প্ৰস্ৰাৱাগাৰৰ ব্যৱস্থা নাই, সেইসমূহ ঠাইত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চোৱাচিতাৰ ব্যৱস্থা কৰাটো প্ৰয়োজন যদিও নিদ্ৰাত চৰকাৰ৷ স্থানীয় জনপ্ৰতিনিধিৰ লগতে পৰ্যটন মন্ত্ৰী গৰাকী নিদ্ৰাৰত অৱস্থাৰ বাবেই এগৰাকী পৰ্যটক উপকৃত হ’ব পৰাকৈ কাজিৰঙাত নাই কোনো ষ্ট্ৰীট লাইটৰ ব্যৱস্থা৷ লক্ষণীয়ভাৱে কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকসকলৰ সুবিধা হোৱাকৈ এটা তথ্য কেন্দ্ৰও নাই৷
পৰ্যটন ক্ষেত্ৰটিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা থকাৰ পাছতো চৰকাৰী ভাৱে বৃহত্তৰ কাজিৰঙা অঞ্চলৰ জনগণক কেৱল ৰাষ্ট্ৰীয় উদ্যান কেন্দ্ৰিক পৰ্যটন বৰ্তাই ৰাখিবলৈ বাধ্য কৰোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কেন্দ্ৰিক পৰ্যটন বৰ্তাই ৰাখিলে চৰকাৰী পক্ষৰ বহু পৰিমাণে লাভ হয়। যি মুষ্টিমেয় লোক কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ পৰা উপকৃত হৈছে সেই সকলকো চৰকাৰী ভাৱে মাজে মধ্যে কৃত্ৰিমভাৱে ভীতি প্ৰদৰ্শন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা, পৰ্যটকৰ প্ৰৱেশত সীমাবদ্ধতা কৰা আদি বিভিন্ন ভাবুকি প্ৰদান কৰি থকা হয়। এই কৃত্ৰিম ভীতিৰ বাবেই সাধাৰণ জনতা এক নিৰবিচ্ছিন্ন শংকাবোধত ভূগি থাকি চৰকাৰৰ ওচৰত মূৰ দোঁৱাই থাকিবলৈ বাধ্য হয়। নিজৰ পৰিয়ালটো চলোৱাৰ তাগিদাতে এই মুষ্টিমেয় লোকসকলে বনবিভাগক ত্ৰাণকৰ্তা হিচাপে মানিবলৈও বাধ্য হয়। এই সুবিধা বনবিভাগে গ্ৰহণ কৰি ৰাইজৰ কোনো অনুমতি অবিহনেই মানুহৰ বসতি স্থানক সাঙুৰি ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণৰ নামত নতুন সংযোজন কৰা, স্থানীয় লোকক উচ্ছেদ কৰা আদিকে ধৰি হাজাৰটা বে-আইনী কাম কৰাৰ পাছতো মুষ্টিমেয় লোকসকলে প্ৰকাশ্যে বনবিভাগৰ বিৰোধ কৰিব নোৱাৰে। এই আসোঁৱাহ দূৰ কৰাৰ বাবে বিকল্প, বহনক্ষম পৰ্যটনৰ প্ৰসংগ তুলি ধৰি থকা হৈছে যদিও চৰকাৰী পক্ষই ষড়যন্ত্ৰ কৰি জনগণৰ মাজত মেৰু বিভাজন কৰি ৰাখিছে৷ কাজিৰঙাৰ সচেতন জনতাই কাজিৰঙাত থকা কাজিৰঙা বিল আৰু হুকুমা বিল নামৰ ঐতিহাসিক দুয়োখন বিল খনন কৰাৰ আহ্বান জনাইছিল৷ এই দুয়োখন বিল খননে বান সমস্যা কিছু পৰিমাণে হ’লেও হ্ৰাস কৰিব৷ তদুপৰি, ক্ৰমাৎ হ্ৰাস পাই অহা ভূ-গৰ্ভৰ জলস্তৰ সংৰক্ষণৰ স্বাৰ্থত বিল দুখনৰ খনন কৰাটো অত্যন্ত প্ৰয়োজন৷ আনহাতে, জল সংৰক্ষণে কাজিৰঙাৰ জলসিঞ্চন ব্যৱস্থা সুচল কৰিব৷ তদুপৰি, জল পৰ্যটন হিচাপে বিকল্প পৰ্যটনৰ ব্যৱস্থা কৰিব পাৰি৷ এই বিকল্প পৰ্যটনৰ বাবে নাবাৰ্ডৰ তৰফৰ বিগত ৭ বছৰৰ পূৰ্বেই কেইবা কোটি টকা আদায় দিছে যদিও অদ্যাপি কাৰ্যকৰী হোৱা নাই৷
আমি আশা কৰিম, কেৱল ৰাষ্ট্ৰীয় উদ্যান দৰ্শনতে সীমাবদ্ধ নাৰাখি কাজিৰঙা পৰ্যটনক ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকালৈ নিব লাগিব৷ আনকি, বহনক্ষম পৰ্যটনৰ যোগেদি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি বিভিন্ন নব্য সংযোজনেৰে উত্তৰণ ঘটাব লাগিব৷ আনহাতে, খেতি-পথাৰকে প্ৰমুখ কৰি সামগ্ৰিকভাৱে গ্ৰাম্য পৰ্যটনক গুৰুত্ব প্ৰদান কৰিলেহে বছৰজোৰাকৈ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ শুভ সময়ৰ ইংগিত হিচাপে বিবেচিত কৰিব পাৰি৷