কাজিৰঙা ভ্ৰমণ ষষ্ঠদশ বিত্তীয় আয়োগৰ কেন্দ্ৰৰ আৱণ্টিত ধনৰ সঠিক ব্যৱহাৰ পৰ্যবেক্ষণ
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে ষষ্ঠদশ বিত্তীয় আয়োগে৷ ষষ্ঠদশ বিত্তীয় আয়োগৰ অধ্যক্ষ ড° অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত আয়োগৰ ১১ গৰাকী সদস্যই আজি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে৷ ৰাজ্যৰ বিশেষ মুখ্য সচিব তথা ৰাজ্যৰ অৱসৰপ্ৰাপ্ত মুখ্য ৱাইল্ড লাইফ ৱাৰ্ডেন এম কে যাদৱে আজি ষষ্ঠদশ বিত্তীয় আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰায়৷
জানিব পৰা ম’তে, কালি সন্ধিয়া কাজিৰঙাৰ বৰগছ ৰিচৰ্টত উপস্থিত হয় ষষ্ঠদশ বিত্তীয় আয়োগৰ দলটো৷ তথ্য অনুসৰি, দলটোত থাকে অধ্যক্ষ অৰবিন্দ পানাগাৰিয়া, সদস্য অজয় নাৰায়ণ ঝা, এনি জ’ৰ্জ মেথিঅ’, মনোজ পাণ্ডা, সৌম্যাকান্তি ঘোষ, সচিব ঋতিক পাণ্ডে, যুটীয়া সচিব ৰাহুল জৈন, ডাইৰেক্টৰ মণীষ কুমাৰ, জইন্ট ডাইৰেক্টৰ ৰাঘৱেন্দ্ৰ সিং, এছিচটেণ্ট ডাইৰেক্টৰ নিকিতা ঝা আৰু পি এছ কুমাৰ বিবেক৷ আনহাতে, নিশাটো বৰগছ ৰিচৰ্টত কটাই পুৱাই দলটো যায় কাজিৰঙাৰ বাগৰি বনাঞ্চললৈ৷ দলটোক ৰাজ্যৰ বিশেষ মুখ্য সচিব তথা ৰাজ্যৰ অৱসৰপ্ৰাপ্ত মুখ্য ৱাইল্ড লাইফ ৱাৰ্ডেন এম কে যাদৱ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষ, পূৱ-অসম প্ৰাধিকাৰী অৰুণ ভিগনেছ, গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত বিবেক শ্যামে সংগ দিয়ে৷ আনহাতে, বাগৰি বনাঞ্চলত সজাই পৰাই ৰখা হাতীৰে ষষ্ঠদশ বিত্তীয় আয়োগৰ দলটোক অভিবাদন জনোৱা হয়৷ দলটোৱে হাতীক খাদ্যও খুৱায়৷ ইয়াৰ পাছতেই দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ যায়৷ উদ্যানৰ অন্তৰ্ভাগৰ বিভিন্ন কাম-কাজ পৰিদৰ্শন কৰে দলটোৱে৷ উদ্যানলৈ আৱণ্টন হোৱা ধনৰ সঠিক ব্যৱহাৰ হৈছে নে নাই সেই সম্বন্ধেও দলটোৱে পৰ্যবেক্ষণ কৰে বুলি জানিব পৰা গৈছে৷ আনহাতে, কাজিৰঙাৰ বিভিন্ন সমস্যা সম্বন্ধে দলটোক অৱগত কৰোৱা হয় বুলি জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে ষষ্ঠদশ বিত্তীয় আয়োগৰ দলটোক সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ আঁতৰত ৰখা হয়৷ ইপিনে, কাজিৰঙাৰ বাগৰি বনাঞ্চল ভ্ৰমণ কৰি আহি পুনৰ বৰগছ ৰিচৰ্টত উপস্থিত হয় দলটো৷ পৰৱৰ্তী সময়ত দলটোৱে কাজিৰঙা এৰে৷