তিতাবৰ সমজিলা উদ্বোধন

তিতাবৰ সমজিলা উদ্বোধন
সমজিলা ধাৰণাৰ প্রৱর্তনেৰে প্রশাসন ব্যৱস্থাক জনতাৰ কাষলৈ আৰু এখোজঃ মন্ত্ৰী অজন্ত নেওগ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ সমজিলা গঠনেৰে প্ৰশাসনিক সংস্কাৰক নতুন গতি দিয়া দেশৰ ভিতৰতে অসমে প্রথম ৰাজ্যৰ স্বীকৃতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসমৰ প্ৰশাসনিক খণ্ডৰ নৱতম সংযোজন হিচাপে ৰাজ্যখনত প্রথম পর্যায়ত ৩৯ খন সমজিলা উদঘাটনৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ অংশস্বৰূপে আজি ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগ তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্রী অজন্তা নেওগে তিতাবৰ সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে।


উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে সমজিলা ধাৰণাৰ প্রৱর্তনেৰে প্রশাসন ব্যৱস্থাক জনতাৰ কাষলৈ আৰু এখোজ লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীৰ যি সপোন আছিল আজি সেয়া বাস্তৱত পৰিণত হ’ল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক পদক্ষেপৰ দ্বাৰা ৰাজ্যখনে এক নতুন দিগন্তৰ সূচনা কৰিলে বুলি মন্তব্য কৰে। এই সম জিলাৰ জৰিয়তে জনসাধাৰণে ভূমি ৰাজহ, দণ্ডাধিকাৰীয়, উন্নয়ন-জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰীকে ধৰি বিভিন্ন জিলা পর্যায়ৰ সেৱাৰ সুবিধা সমীপতে লাভ কৰি উপকৃত হ’ব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে। ভাষণ প্রসংগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বত ৰাজ্যখনৰ সৰ্বদিশতে উন্নয়ন হৈছে বুলি উল্লেখ কৰি দেশৰ ৫ খন অগ্রণী ৰাজ্যৰ ভিতৰত অসমক স্থান দিয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি কৈ এইক্ষেত্ৰত ৰাইজৰ সহায় – সহযোগিতা মন্ত্ৰীগৰাকীয়ে কামনা কৰে। অনুষ্ঠানত মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই ভাষণ প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা সমজিলা ধাৰণাৰ শলাগ জ্ঞাপন কৰি ইয়াৰ জৰিয়তে জনসাধাৰণে প্ৰশাসনিক ক্ষেত্ৰত লাভ কৰিবলগীয়া সুবিধাসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰে। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ, আৰক্ষী অধীক্ষক, সম জিলা আয়ুক্ত (তিতাবৰ), জিলা- প্ৰশাসনৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্যে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস