ৰাইজৰ খবৰ ডিিজিটেল, বোকাখাতঃ ভাৰত তথা অসম চৰকাৰৰ “সমগ্ৰ শিক্ষা অভিযানে” নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ কাউন্সেলিঙৰৰ বাবে স্কুল সমূহত আৰম্ভ কৰা শিক্ষামূলক সজাগতা অভিযানত বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ইন্দ্ৰজিৎ দলেয়ে সমল ব্যক্তি হিচাপে স্থান লাভ কৰিছে। নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান ইন্দ্ৰজিত দলেয়ে কেনে অধ্যাৱসায়ৰ মাজেদি বৰ্তমান নেচনেল ল ইউনিভাৰ্ছিটিত অধ্যয়নৰত ইন্দ্ৰজিতৰ এক বস্তুনিষ্ঠ সাক্ষাৎকাৰ “সমগ্ৰ শিক্ষা”এপত প্ৰকাশ পাব। কেনেকৈ কোনো ক’চিং নোলোৱাকৈয়ো নিজৰ কঠোৰ সাধনাৰে ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানত স্থান লাভ কৰিলে তাৰো আভাস পোৱা যাব উক্ত সাক্ষাৎকাৰত। কলা সাধনা, সামাজিক-সাংস্কৃতিক দায়বদ্ধ শিক্ষা যে উচ্চ শিক্ষাৰ অন্তৰায় নহয়, ইয়াৰ সামগ্ৰিক ফল হ’ল ইন্দ্ৰজিত দলে,তাৰেই প্ৰতিফলন হ’ব উক্ত সাক্ষাৎকাৰত। মাধ্যমিক শিক্ষাৰ Tele education ৰ এটা অংশত সমল ছাত্ৰ ৰূপে অংশগ্ৰহণৰ বাবে নিৰ্বাচিত ইন্দ্ৰজিত দলেৰ ছাত্ৰ পৰিক্ৰমাৰ সফলতাই বোকাখাত জাতীয় বিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ বোকাখাত বাসীক গৌৰৱান্বিত কৰিছে।
প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…