নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

নীৰৱতাৰ সিপাৰে ১৭ঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

বিশ্বৰ সবাতোকৈ ভয়ংকৰ চৰাই
কাছোৱাৰি


— মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী।

যাৰ কিচিৰ মিচিৰ মাতে আমাৰ অৱশ মনপ্ৰাণ সতেজ কৰি তোলে তাৰেই নাম চৰাই। যাৰ সুৰীয়া মাতে ঋতুপৰিৱৰ্তনৰ ইংগিত দিয়ে সিয়েই হ'ল চৰাই। মানুহৰ মন মগজুক শীতল কৰি অলেখ দুৰ্ভাৱনাৰ মাজতো পুলকিত কৰি তুলিব পৰা প্ৰকৃতিৰ অপূৰ্ব চৰাইবোৰৰ মাজতে থাকে কিছুমান ভয়ংকৰ, উন্মাদ পক্ষী। তেনে এবিধ পক্ষী হ'ল  কাছোৱাৰি (Casuarius casuarius)। বাঘ আৰু সিংহৰ পিছত ইয়াক আটাইতকৈ ভয়ংকৰ বন্যপ্ৰাণী হিচাপে গণ্য কৰা এই চৰাইবিধ তৃতীয় সৰ্বাধিক ওখ চৰাই হিচাপেও পৰিচিত। ইয়াৰ ওজন প্ৰায় ১৬৭ পাউণ্ড (৭৫.৭৫ কি গ্ৰা) পৰ্যন্ত হয়। ইয়াৰ কণীৰ ওজন ১০টা কুকুৰা কণীৰ ওজনৰ সমান হয়। ২০০৭ চনত ইয়াক বিশ্বৰ সবাতোকৈ ভয়ংকৰ চৰাই হিচাপে গিনীজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডে স্বীকৃতি প্ৰদান কৰে।

এজনী মাইকী কাছোৱাৰিয়ে তিনিৰ পৰা ন টা কণী পাৰে। কণীৰ ৰং সাধাৰণতে সেউজীয়া হয়। কণী পৰাৰ পিছত মাইকী কেচোৱাৰীয়ে কণীবোৰৰ কোনো যত্ন নলয়। এই কণীবোৰ মতা কাছোৱাৰিয়ে ৫০ দিন পৰ্যন্ত উমনি দিয়ে। কণীবোৰ গড়ে প্ৰায় পাঁচ ইঞ্চি দীঘল। পোৱালিৰ পৰা খাব পৰা হোৱালৈকে সন্তানৰ যত্ন মতা কাছোৱাৰিটোৱে লয়।
এইবিধ চৰাই প্ৰধানকৈ অষ্ট্ৰেলিয়াৰ কুইনচ্ লেণ্ড আৰু নিউগিনিত পোৱা যায়। ইহঁতে প্ৰায় পঞ্চাশ বছৰ জীয়াই থাকে। মাইকী চৰাইবোৰ মতা চৰাইতকৈ ডাঙৰ। সিহঁতৰ পাখিৰ ৰং উজ্জ্বল। দুৰ্বল পাখি আৰু ওজনৰ বাবে ইহঁতে আকাশত উৰিব নোৱাৰে যদিও ঘণ্টাত প্ৰায় ১৩ মাইল দূৰত্ব অতিক্ৰম কৰিব পৰাকৈ দৌৰিব পাৰে। মাটিৰ পৰা ৭ ফুট পৰ্যন্ত ওপৰলৈ ইহঁতে জঁপিয়াব পাৰে। ইহঁতৰ শৰীৰটো পাতল ক’লা পাখিৰে আবৃত। ডিঙিৰ পাখিৰ ৰং নীলা। ডিঙিত গোলাপী ছালৰ এটা টোটোলা ওলমি থাকে।
‘কাছোৱাৰি’ শব্দটো পাপুয়ান ভাষাৰ শব্দ ‘কাছু’ আৰু ‘ৱাৰী’ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে শিংযুক্ত মূৰ। গধুৰ শৰীৰৰ গৰাকী চৰাইবিধৰ দুটা শক্তিশালী ঠেং আছে। প্ৰতিখন ঠেঙত তিনিটাকৈ আঙুলি আছে। মাজৰ আঙুলিৰ নখটো কটাৰীৰ ধাৰৰ দৰে চোকা।
কাছোৱাৰি লাজুকীয়া চৰাই। সাধাৰণতে ইহঁত মানুহৰ বসতিৰ পৰা আঁতৰি বৰ্ষাৰণ্যৰ অভ্যন্তৰত পিয়াপি দি থাকে। কিন্তু ইহঁতে ভয় খালে হিংস্ৰ হৈ উঠে আৰু নিষ্ঠুৰভাৱে আক্ৰমণৰ বাবে উদ্যত হয়। সাধাৰণতে বিশেষ শব্দ নিৰ্গত নকৰা বাবে ইহঁতৰ উপস্থিতি অনুমান কৰিব পৰা নাযায়।
প্ৰতিটো কাছোৱেৰিয়ে এক নিৰ্দিষ্ট ভূ-খণ্ড নিজৰ অধীনত ৰাখে। মতা কাছোৱাৰিয়ে প্ৰায় ৭ বৰ্গ কিঃমিঃ এলেকাত ৰাজত্ব কৰে। এই এলেকাত আন কোনো মতা কাছোৱাৰিক প্ৰৱেশ কৰিবলৈ দিয়া নহয়। ভুলক্ৰমে কোনো মতা কাছোৱাৰিয়ে যদি সেই এলেকাত প্ৰৱেশ কৰে তেন্তে ৰক্তাক্ত সংগ্ৰাম হোৱাটো নিশ্চিত। আনহাতে মাইকী কাছোৱাৰিবোৰে ২০ বৰ্গ কিঃ মিঃ এলেকাত সমগ্ৰ জীৱনজুৰি বাস কৰে। ইয়াতে বিভন্ন মতা কাছোৱাৰিৰ সৈতে ইহঁতে প্ৰজনন কাৰ্য সমাপন কৰে।
ইহঁতে সাধাৰণতে ফলমূল খায় যদিও প্ৰয়োজন অনুসৰি শামুক, বেং, মাছ, এন্দুৰ আদি খায়। কাছোৱাৰিয়ে সুন্দৰকৈ সাতুৰিব পাৰে। ই সাতুৰি গৈয়ো চিকাৰক আক্ৰমণ কৰে। দিন প্ৰায় ৫ কিঃগ্ৰাঃ ওজনৰ ফলমূল খাদ্য হিচাপে ভক্ষণ কৰে।
২০১১ চনত অষ্ট্ৰেলিয়া চৰকাৰৰ পেষ্ট ৰিস্ক এচেছমেণ্টৰ তথ্যমতে কাছোৱাৰিয়ে এতিয়ালৈকে মানুহৰ ওপৰত ১৫০টা আক্ৰমণৰ তথ্য আছে। ইয়াৰে আঠটা আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু দুজন মানুহ আক্ৰমণৰ ফলত মৃত্যু হৈছে।

কাছোৱাৰিৰ মানুহ হত্যাৰ ঘটনাঃ
ঘটনা ১ঃ
সেয়া ১৯২৬ চনৰ কথা।
অষ্ট্ৰেলিয়াৰ ১৬ বছৰীয়া ফিলিপ ম্যাকক্লিন ১৩ বছৰীয়া ভায়েকে নিজৰ ঘৰৰ সীমাত এটা কাছোৱাৰি দেখা পাই চৰাইটোক হত্যা কৰাৰ পৰিকল্পনা কৰে। চৰাইটোৱে ফেপেৰি পাতি ধৰে আৰু ভায়েকক গচকি ধৰাত পৰি যায়। তেতিয়া ফিলিপে চৰাইটোক খেদি আহে । চৰাইটোৱে ফিলিপক খুন্দিয়াই মাটিত পেলাই দিয়ে। তাৰ পাছত তাৰ তীক্ষ্ণ নখৰে আঘাত কৰিবলৈ আৰম্ভ কৰে। আঘাতৰ ফলত প্ৰায় ১.২৫ চে.মি. দ ঘা সৃষ্টি হয় আৰু ফিলিপৰ শিৰাবোৰ চিঙি যায়। ইয়াৰ কিছু সময়ৰ পাছতে ফিলিপৰ মৃত্যু হয়।

ঘটনা ২ঃ

২০১৯ চনৰ কথা।
স্থানঃ ফ্ল’ৰিডা।
তাতেই বাস কৰা এজন ৭৫ বছৰীয়া বৃদ্ধাই।
নামঃ মাৰ্ভিন হাজোছে।
মাৰ্ভিন হাজোছৰ চখ আছিল দেশী-বিদেশী পক্ষী পোহা। হাজোছৰ সংগ্ৰহত কেইবাবিধো বিৰল প্ৰজাতিৰ প্ৰাণী আছিল। মানুহে চৰাই পোহা পৰম্পৰা অতি পুৰণি। আজিৰ পৰা ১৮ হাজাৰ বছৰৰ আগতে মানুহে বিশ্বৰ অন্যতম বিপজ্জনক চৰাই বুলি গণ্য কৰা কাছোৱাৰি চৰাইক পোহনীয়া কৰিছিল। এই চৰাইটো ইমানেই ভয়ংকৰ যে ইহঁতে নখৰেও মানুহক হত্যা কৰিব পাৰে। সেয়েহে চৰাই পোহাৰ চখ থকা মাৰ্ভিনেও ফাৰ্ম হাউচত এটা কাছোৱাৰি চৰাই পুহিছিল। কিন্তু কোনেও জনা নাছিল যে তেখেতৰ এই অদ্ভুত চখে এদিন প্ৰাণ কাঢ়ি নিব। আৰু মানুহে সেই নভবা কাণ্ডটোৱে হৈ উঠিল ২০১৯ চনত। কাছোৱাৰি চৰাইটোৰ কাষতে ক্ষত-বিক্ষত অৱস্থাত পোৱা যায় মাৰ্ভিনৰ শৰীৰ। পাছলৈ নিশ্চিত হয় যে কাছোৱাৰি চৰাইটোৱেই মাৰ্ভিনক হত্যা কৰিছিল।
ইণ্ডোনেছিয়াৰ পশ্চিম পাপুয়া প্ৰদেশৰ প্ৰাদেশিক প্ৰতীকপটতো কাছোৱাৰি চৰায়েৰে সজোৱা দেখা যায়।

  • Related Posts

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙা

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙাঃ ড° মনচুন জ্যোতি গগৈৰ গৱেষণা‘এক্স’যোগে মুখ্যমন্ত্ৰীৰ অভিনন্দন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “বিগ ফাইভ”ৰ এক অনন্য বাসস্থান হিচাপে খ্যাতি লভা বিশ্ব ঐতিহ্য ক্ষেত্ৰ…

    নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশকৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

    নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশকৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা বিপজ্জনক অৰণ্য — মানস প্ৰতিম দত্ত, পৰিৱেশকৰ্মী। বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে প্ৰকৃতিক ভালপায়। অৰণ্য অন্বেষণৰ সপোন দেখে। অৰণ্যত অৱসৰৰ দিন কটোৱাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস