ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত
যোৰহাটত প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগঃজাৰ্চি উন্মোচন
জিতুল কুমাৰ গগৈ, যোৰহাটঃ নৱপ্ৰজন্মক টেনিছ বল ক্ৰিকেটৰ পৰিবৰ্তে ডিউছ বল ক্রিকেটৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ যোৰহাটৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু যোৰহাটৰ বৰ্তমানৰ ক্ৰিকেটাৰ সকলক লগত লৈ গঠন কৰা ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত যোৰহাটত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা। অহা ২৫ অক্টোবৰৰ পৰা যোৰহাট ষ্টেডিয়ামত মুঠ ন’টা দলৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হ’ব ক্ৰিকেট প্ৰতিযোগিতাখন। আই পি এল আৰ্হিত টুৱেন্টি টুৱেন্টি ফৰ্মেতত অনুষ্ঠিত হ’বলগীয়া প্ৰিমিয়াৰ লীগ প্রতিযোগিতাখনত ইতিমধ্যেই খেলুৱৈৰ অক্সন যোৱা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায়। আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে উল্লেখ কৰে আয়োজক সমিতিৰ সভাপতি দয়াল কৃষ্ণ দত্তই। সংবাদমেলত দত্তই লগতে কয় যে, এই প্ৰতিযোগিতাৰ অক্সনত যোৰহাট, তিতাবৰ, মৰিয়নিৰ ক্ৰীড়া সস্থাৰ স্বীকৃতিপ্ৰাপ্ত মুঠ ২০৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। বিভিন্ন দলৰ স্বত্বাধিকাৰী সকলে মুঠ ১৫০ গৰাকী ক্ৰিকেটাৰক ক্ৰয় কৰিছে আৰু এই প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা প্ৰাৰম্ভিক পৰ্য্যায়ত হৈছিল যদিও যোৰহাট জিলা ক্ৰীড়া সন্থা, চিটি বযজ ক্লাবৰ সহযোগত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ উপৰিও কিছু স্পন্সৰ লাভ কৰিছে বুলি লগতে জনাই। এই প্ৰতিযোগিতাত মুঠ ডেৰ লক্ষ টকাৰ প্ৰাইজমানি প্ৰদান হ’ব লগীয়া প্ৰতিযোগিতাখনত চেম্পিয়ন দলক ৭০ হাজাৰ, ৰানাৰ্ছ আপ দলক ৫০ হাজাৰ টকা প্ৰদান কৰাৰ লগতে মেন অফ দা মেচ, মেন অফ দা চিৰিজ, বেষ্ট বেষ্টচমেন, বেষ্ট বলাৰ আদি ট্ৰফীও প্ৰদান কৰিব। মুঠ ১০ লাখ টকা বাজেট লৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু প্ৰত্যেক দিনাই দুখনকৈ খেল অনুষ্ঠিত হ’ব। এখন খেল পুৱা ৮.৩০ বজাত আৰু আনখন দুপৰীয়া ১২.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা ১২ নৱেম্বৰ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দল সমূহ হৈছে ক্ৰমে যোৰহাট ফেলকন, জয়হিন্দ ৱাৰীৰছ, ৰেডিয়েন্ট ৰাইনজ, যোৰহাট চুপাৰ জায়েন্ট, লিকান ৱাৰীৰছ, মৰিয়নি টাইটানছ, কাইনেটিক কিংছ, ৰেডিয়েন্ট ষ্ট্ৰাইকাৰ, আৰু ইলাইট ইগলছ। আজিৰ সংবাদমেত ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ সম্পাদক টুচেনফা বুঢ়াগোহাঁই, প্ৰাক্তন ৰঞ্জী খেলুৱৈ নৰেন সভাপণ্ডিত, দেবৰ্ষী শৰ্মা, শংকৰ জ্যোতি শ্ৰুতিকৰ, উৎপল বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। আনহাতে আজিৰ সংবাদমেলৰ পাছতে অংশগ্ৰহণ কৰিব লগীয়া ন’টা দলৰ জাৰ্চি সমূহ উন্মোচন হয় প্ৰত্যেকটো দলৰ স্বত্বাধিকাৰী আৰু খেলুৱৈ সকলৰ উপস্থিতিত বিশিষ্ট ব্যক্তি সকলে। খেল উপভোগৰ বাবে দৰ্শকে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব বুলিও আয়োজক সমিতিয়ে জনাইছে।