কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
কবিৰ চাইকেল
— মনালিছা শইকীয়া, বোকাখাত।
চাইকেলৰ সৈতে জীৱনৰ বহু কথাই জড়িত হৈ আছে। সৰুকালত সদায় আবেলি দেউতাৰ চাইকেলখন চলাবলৈ বাট চাই থকা সময়খিনি আছিল অতিকে মধুৰ। চকুৰ পলকতে সেই আপুৰুগীয়া সময়খিনি শেষ হৈছিল। বাৰে বাৰে পৰি, হাত ভৰিৰ ছাল ছিগি, চাইকেলৰ চেইন পেলাই, মডগাৰ্দ ভাঙি, হেণ্ডেল বেঁকা কৰি চাইকেল চলাব পৰা হৈছিলোঁগৈ। দেউতাই গালি পাৰি পাৰি চাইকেলখনৰ সন্মুখত বহিলৈ হেণ্ডেল পোন কৰা ছবিখন মনত আজিও জীৱন্তহৈ আছে। জণ্ডিছ আক্ৰান্ত দাদাৰবাবে দৰৱ আনিবলৈ বুলি প্ৰায় দুই কিলোমিটাৰ বাট দাদাৰ চাইকেলখন লৈ যাব পৰা হৈছিলোঁ। নেপালী গাঁৱৰ মাজেদি গৈ বৰবৌৰ ঘৰৰ পৰা দাদালৈ বুলি জণ্ডিছৰ দৰৱ আনিছিলোঁগৈ। প্ৰচণ্ড গৰমৰ দিন আছিল সেইবোৰ। গাড়ী মটৰ নথকা,সেৰেঙা জনবসতিৰ হাবি জংঘলেৰে ভৰা বাট বোৰত দিনতে বাঘ ওলাব যেন অনুভৱ হৈছিল। সাৰথি আছিল চাইকেলৰ টিলিঙাতো। অহৰহ সেইটো বজাই বজাই ঘৰ পাইছিলোঁহি। তাৰ পিছতো বহুকথা , বহু কাহিনী চাইকেলৰ সৈতে সংপৃক্ত হৈ আছে। নিজা ববীয়াকৈ এখন চাইকেল কিনা, ফাগুনৰ বতাহ জাকৰ লগত বিপৰীত গতিত গৈ ফেৰ মৰা, ৰ'দ আৰু বতাহৰ সাধুটো আওৰাই নিজক ৰ'দঘাই কৰাৰ কথাবোৰ সাধুকথা হ'ল। জীৱনৰ সুদীৰ্ঘ এছোৱা সময় চাইকেলখন সাৰথিহৈ ৰ'ল। মনত পৰে এবাৰ তেজপুৰৰ পৰা পুলকদা আহিছিল। ধনশিৰি মুখ দেখুৱাম বুলি চাইকেলতে লৈ গৈছিলোঁ। মাজুলীৰ পৰা ৰুণু আহিছিল। চাইকেলেৰেই বোকাখাত দৰ্শন কৰোৱাইছিলোঁ। বহু বন্ধুৰ সৈতে নিশ্চিন্তভাৱে চাইকেল যাত্ৰা কৰিছিলোঁ দূৰ দূৰণিৰ ঠাইলৈ। মুঠতে চাইকেল হৈছিল জীৱনৰ অন্যতম বিশ্বস্ত সংগী। মুঠতে জীৱনত চাইকেল সম্পৰ্কীয় বহু কথা আছে। চাইকেলক লৈ বহু কাহিনীও আছে। এই সকলোবোৰৰ ভিতৰত কবি বন্ধু অতুল পাৱৰ চাইকেল যাত্ৰা আটাইতকৈ ৰোমাঞ্চকৰ আছিল।
অতুল পাৱ। মিছিং জনজাতি অধ্যুষিত বংকোৱাল অঞ্চলৰ এজন প্ৰগতিবাদী কবি। কৃষক কবি। পথাৰত হাল বাই, মাটি চহ কৰি কবিতাৰ কৰ্ষণ কৰা এজন অনুভৱী কবি অতুলৰ লগত চিনাকী হৈছিলোঁ তাৰ কবিতাৰ যোগেদি। বহু কবিতাৰ অনুষ্ঠানত আমি একেলগে কবিতা গাইছিলোঁ, কবিতাৰ চৰ্চা কৰিছিলোঁ। এইজন চহা কবিয়ে বংকোৱালৰ পৰা চাইকেল লৈ নিজৰ প্ৰকাশিত কবিতা বিচাৰি প্ৰায়ে আমাৰ ঘৰলৈ মাহেকে পষেকে আহিছিল। তাৰ বিশ্বাস আছিল প্ৰকাশ হোৱা কবিতাবোৰ মই সামৰি থ'ম। অৱশ্যে সেয়া কৰিছিলোঁও মই। মোৰ সহস্ৰ কামৰ মাজতো বাতৰি কাকত আৰু আলোচনী বোৰ চাই অতুলৰ কবিতাবোৰ বৰ আদৰেৰে সামৰি থৈছিলোঁ। বহুদূৰ বাট চাইকেল চলাই অহা অতুলৰ গাত কেতিয়াবা পথাৰৰ বোকা লাগিয়ে আছিল। কেচাঁ ঘাম আৰু পথৰুৱা বোকাৰ গোন্ধ মিহলি ফুৰফুৰীয়া কবিতা এটা জপনাখন খুলি সোমাই অহা দেখিলেই মনটো অজানিতে কবিতাৰে জীপাল হৈ পৰিছিল। এগিলাছ চৰ্বত,একাপ ডাঠ গাখীৰ চাহ, দুটামান গৰম লুচি, আচাৰ আৰু আলুভাজি তাৰ বৰ প্ৰিয় আছিল। খাই থাকোঁতেই কথাৰ জোলোঙাতো খুলি দিছিল সি। অজস্ৰ কথা। সময়খিনি কবিতাৰ চৰ্চাৰে জীপাল হৈ উঠিছিল। কাকত আলোচনীত প্ৰকাশ হোৱা নিজৰ কবিতাটো ছপা আখৰত চাবলৈকে অতদূৰ বাট চাইকেললৈ আমাৰ ঘৰলৈ অহা অতুল নিজেই এটা কবিতা। এজন মাটিৰ কবি। চাইকেলখন তাৰ সাৰথি। কেতিয়াবা তাৰ হাতত ফুটাকড়ি এটাও নাছিল। কাকতখনৰ পইচা কিটাও দিব নোৱাৰিছিল। তাৰবাবে মনত খং, দুখ বা সহানুভূতি জাগি উঠাৰ সলনি আবেগৰহে বা বলিছিল। অভাৱগ্ৰস্ত কবিজনে নিজৰ কবিতাটো পঢ়ি চাই হাতৰ নোটবুক খনত কাকতৰ নাম আৰু তাৰিখটো লিখি কাকতখন পুনৰ মোৰ ওচৰতে থৈ গৈছিল। কবিতাবোৰ সযতনে থৈ দিবলৈ সঁকিয়াই দিছিল।
কবিবন্ধু অতুল পাৱ আজি আমাৰ মাজত নাই। তাৰ চিন্তা চেতনাৰ কৰ্ষণৰ ফচলবোৰে আজিও তাক আমাৰ মাজত জীয়াই ৰাখিছে। মৃত্যুৰ অলপ দিনৰ আগত আহি মোৰ ওচৰৰ পৰা তাৰ কবিতাবোৰ লৈ গৈছিলহি। কিতাপ এখন উলিয়াম বুলি কৈছিল। সেইদিনা সি চাইকেল নহয় এখন নতুন বাইক লৈ আহিছিল। গৌৰৱেৰে কৈছিল চাইকেল খন অলপ এৰিছো বুজিছ! বৰ ভাল লাগিছিল মনটো। অতদূৰ চাইকেল চলাই কাকতত প্ৰকাশ হোৱা কবিতা চাবলৈ অহা এজন কবিৰ অকণমান আৰ্থিক উন্নতি হৈছে। নিজৰ জেপত দুটকা সাঁচি পৰিয়ালটোৰবাবে অকণমান সকাহ আনিছে। পথাৰে তাৰ জীৱনলৈ পৰিবৰ্তন আনিছিল। কিন্তু সেয়া তেনেই খন্তকীয়া আছিল। দুখৰ মেটমৰা বোজা কঢ়িয়াই কঢ়িয়াই অকণমাণ সুখৰ মুখ দেখা অতুল বেছিদিন কবিতাৰ চৰ্চা কৰিবলৈ জীয়াই নাথাকিল। নতুন বাইকখন লৈ উৰাৰ সপোন দেখা অতুল দুৰন্ত গতিত উৰি উৰি এদিন অকস্মাৎ আকাশত বিলীন হ'ল।