বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা
আহক আমি মাতৃভাষাৰ শলিতা জ্বলাওঁ
— কুমাৰ বিভূতি, নগাঁও।
অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি আহিছে। এই কথাই আমাক উৎফুল্লিত কৰি ৰখাৰ পাছতো এজন অভিভাৱক হিচাপে ছোৱালীজনীক নামভৰ্তি কৰিবলৈ গৈ বিবুধিত পৰোঁ। যিখিনি সময়ত ইংৰাজী মাধ্যমে সমগ্ৰ বিশ্বতে খলকনি তুলিছে বুলি আমাৰ মনত ভাৱ(!) হয় , সেইখিনি সময়ত নিজৰ সন্তানক কোন মাধ্যমত পঢ়ুৱাম সেই কথা ভাবি থমকি ৰোৱাৰ প্ৰয়োজন আছে জানো? দেখাত কথাটো বৰ সহজ যেন লাগিলেও বৰ সহজ নহয়। মই যিদৰে দোদ্যলতাত পৰিছোঁ তদ্ৰুপ হাজাৰ হাজাৰ অভিভাৱক এই সমস্যাৰে ভাৰাক্ৰান্ত। সমস্যা এটাইঃ সন্তানটোক কোনখন বিদ্যালয়ত পঢ়াব আৰু কোন মাধ্যমত পঢ়াব? এটা কথা অৱশ্যেই অৱগত কৰি ৰখা ভাল যে মই মোৰ সন্তানক কোন মাধ্যমত পঢ়ুৱাম সেই কথা সন্তান ওপজাৰ বহু বছৰ পূৰ্বতে নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ।
যি কি নহওক আজিৰ লেখাৰ প্ৰসংগ যিহেতু অলপ বেলেগ, গতিকে মাতৃভাষা মাধ্যমৰ সপক্ষে বা বিপক্ষে মতামত দিয়াৰ পূৰ্বেই দুটা প্ৰসংগৰ জেৰ টানিছোঁ। বিজ্ঞান আৰু গণিত বিষয়টো ইংৰাজী মাধ্যমত নপঢ়িলে যিসকলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰ বুলি যিসকলে ভয় খাইছে তেওঁলোকৰ জ্ঞাতাৰ্থে মাত্ৰ দুটা কথা অৱগত কৰিছোঁ। ভাৰতৰ প্ৰথম ন'বেল বঁটা বিজয়ী বিজ্ঞানী চি ভি ৰমনে কৈছিল- " আমি বিজ্ঞান মাতৃভাষা মাধ্যমত পঢ়ুৱাব লাগে। নহ'লে বিজ্ঞান বিষয়টো মুষ্টিমেয় মানুহৰ কচৰৎহে হৈ থাকিব। যʼত সাধাৰণ মানুহে ভাগ ল'ব নোৱাৰিব।" আকৌ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু মিছাইল মানৱ খ্যাত ড• এ. পি . জে আব্দুল কালামক এবাৰ সোধা হৈছিল। আপুনি ইমান মহান বিজ্ঞানী কেনেকৈ হ'ব পাৰিলে? তেখেতে কৈছিল, "মই বিজ্ঞান বিষয়টো মাতৃভাষা তামিলত পঢ়িছিলোঁ। এই দুটা কথা অভিভাৱকসকলে ক্ষন্তেক মনতে পাগুলি থাকক আৰু তৎক্ষণাৎ মোৰ মনলৈ অহা আন এষাৰ কথা অৱগত কৰোঁ।
ইংৰাজী মাধ্যম প্ৰীতিত ডুবি থকা অসমীয়া মানুহক মাতৃভাষা মাধ্যমৰ কথা সুঁৱৰাই দিবলগীয়া সময় আহিছে। ২০১৭ বৰ্ষৰ সাদিন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে কোৱা তলৰ কথাখিনি প্ৰতি গৰাকী অসমীয়াই বুজি উঠিলে অসমীয়া ভাষাৰ সংকট নহয়। “আমি সকলোৱে মাতৃভাষাক প্ৰাধান্য দিয়া উচিত । ঘৰ , বাহিৰ , মন্দিৰ , মছজিদ আদি সকলোতে আমি মাতৃভাষাত কথা কব লাগে । এজন অসমীয়াই আন এজন অসমীয়াক লগ পোৱাৰ সময়ত কিয় বেলেগ ভাষাত কথা পাতিব লাগে ? অসমীয়া ভাষাতে কথা পতা উচিত । প্ৰকৃততে আমাৰ এক দুৰ্বলতা আছে ইংৰাজীৰ প্ৰতি । ইংৰাজে শাসন কৰি ইয়াৰ পৰা অকল ধনেই নহয় , ইয়াৰ পৰা মগজুও লৈ গল। সেয়ে আমি তেওঁলোকৰ ভাষা সংস্কৃতি অনুকৰণ কৰিব বিচাৰো । আমি শ্বেইক্সপীয়েৰকহে অনুসৰণ কৰিব খোজো । কিন্তু তাৰ বিপৰীতে শংকৰদেৱক অনুকৰণ কৰিব নোখোজো”
মাতৃভাষা মাধ্যমৰ সপক্ষে যুক্তি বিচাৰি আমি বিভিন্ন সময়ত বিভিন্নজনৰ মতামত বিচাৰোঁতে পোৱা তথ্য উল্লেখ কৰিছোঁ। অৱসৰ প্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ মোহন দাসে গৌৰৱেৰে কয় যে “মোৰ ল’ৰাটো আৰু ছোৱালীজনী অসমীয়া মাধ্যমৰ স্কুলৰ পৰাই ওলাইছে৷ অসমীয়াত পঢ়িলে যে ইংৰাজী ভালদৰে নাজানিব, বহুতৰে সেই ভ্ৰান্ত ধাৰণা আঁতৰ কৰিব লাগে৷ মাতৃভাষাত অধ্যয়ন কৰাসকলে নিজে পঢ়ি,বুজি লৈ আগবাঢ়ি যাব পাৰে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে কোনো এটা বিষয়তে ঘৰুৱা টিউচন নোলোৱাকৈ দুয়ো আগুৱাই গৈছে৷ ল’ৰাই একেবাৰতে IIT আৰু IIM ৰ পৰা ওলাই প্ৰতিষ্ঠা লাভ কৰাটোও মই তাৰ অসমীয়া মাধ্যমত পঢ়াৰ ফল বুলিয়েই ক’ম৷ কাৰণ, ইংৰাজীত পঢ়াহেঁতেন তাৰ তেজত নথকা ভাষা এটাৰে নিজে সকলো আয়ত্ত কৰিব নোৱাৰিলেহেঁতেন৷ অন্ততঃ টিউচন লাগিলহেঁতেন৷ হাইস্কুলৰ পাছত HS পঢ়াৰ লগে লগে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোচিং লৈছিল আৰু তাৰ লগে লগে প্ৰান্তিকত প্ৰবন্ধ লিখা, সাতসৰীত গল্প, প্ৰবন্ধ লিখাও অব্যাহত ৰাখিছিল৷ কটনত পঢ়া দুয়োটা বছৰতে ‘কটনিয়ান’ত তাৰ গল্প দুটা ওলাইছে৷ ইত্যাদি৷ কথাখিনি একান্ত ব্যক্তিগত হ’লেও, অসমীয়াত অধ্যয়ন কৰিলে যে ভাল ফল দেখুৱাব নোৱাৰে, সেই কথা নস্যাৎ কৰিবলৈহে কথাখিনি ক’লোঁ৷যি কি নহওক, আমি অসমীয়া ভাষাক যুগমীয়া কৰি ৰাখিব লাগিব৷” হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত ২য় স্হান প্ৰাপ্ত ,নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ।বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদিপ বৰাই জনাইছে যে সাম্প্ৰতিক বিশ্বায়নে আমালৈ এনে এটি সন্ধিক্ষণ আনি দিছে যে এই সময়ত আমি আটায়ে পাশ্চাত্যৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈছোঁ। কিন্তু এই সময় এফালেদি নিজ ভাষা ৰক্ষাৰো সময়। মই অত্যন্ত গৰ্বিত যে মই স্কুলীয়া শিক্ষা অসমীয়া মাধ্যমত গ্ৰহণ কৰিছোঁ। অসমীয়া ভাষা আমাৰ ভাষা। জন লকে কৈছিল শিশুমনবোৰ উকা পৃষ্ঠাসদৃশ। এই উকা মন-মগজুত সিহঁতে কুসুমকোমল কল্পনাৰে পখিলা খেদাৰ সপোন দেখে আৰু সেই সপোনেই শিশুটিক পৰৱৰ্তী সময়ত বাট বুলিবলৈ সহায় কৰে। মাতৃভাষা মাতৃদুগ্ধৰ দৰে নিৰ্বিকল্প। ইয়াতকৈ আৰু সুন্দৰ প্ৰসংগ কি থাকিব পাৰে! আমি জনাবোৰে, বুজাবোৰে যদি শিশুটিয়ে সভ্যতাৰ যাত্ৰাপথত খোজ দিবলৈ লওঁতেই অযথা আন এটি ভাষা তাৰ ওপৰত জাপি দিওঁ, সিহঁতচোন পংগু হৈ যাব! সেয়ে আইৰ মুখৰ ভাষাতেই পঢ়ি বাকী ভাষাবোৰো আয়ত্ত কৰোৱাত শ্ৰদ্ধাৰ অভিভাৱকসকলে গুৰুত্ব দিয়ক। আমি প্ৰত্যেকেই নিজৰ আইলৈ মনত পেলালে কিমান মমতাময়ী আজলী আইজনীৰ মুখখন ভাঁহি উঠে দুচকুত; তেনেকৈয়ে ভাষাটোও আমাৰ আই। ভাষা থাকিলেহে আমি থাকিম, অসমখন থাকিব। আহক স্বমাধ্যমত নিজৰ সন্তানক পঢ়োৱাৰ সংকল্প লওঁ।” চিকিৎসা বিজ্ঞানৰ ছাত্ৰ পূবেৰুণজ্যোতি বৰুৱাই অৱগত কৰে যে “আইৰ মুখৰ ভাষাৰ গুৰুত্ব: একোটা জাতিৰ জাতীয়তাবোধৰ প্ৰথম তথা প্ৰধান সম্পদটো হৈছে নিজৰ মাতৃভাষা আৰু মাধ্যম । কিন্তু বৰ্ত্তমান সময়ত ভাষাটোলৈ নামি অহা বিভিন্ন ভাবুকিবোৰে প্ৰায়ে জাতিটোক বিশৃংখল কৰি পেলাইছে। অসমীয়া কেৱল এক ভাষাই নহয়,ই হ’ল মোৰ দৰে প্রতিজন অসমীয়াৰ স্বাভিমান।শিক্ষাজীৱন আৰম্ভ কৰিছিলোঁ নিজৰ মাতৃভাষা মাধ্যমত ।নিজৰ মাতৃভাষা মাধ্যমত পঢ়িয়ো সুখ্যাতিৰে প্ৰতিটো ঢাপতে উত্তীৰ্ণ হৈ বৰ্তমান ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান ,তথা ৭৫ বছৰত ভৰি থোৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে আজি মই গৰ্বিত। এজন অসমীয়া মাধ্যমৰ ছাত্ৰ হিচাপে আজি মই কব পাৰোঁ যে যিকোনো বিভাগৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও হেঙাৰ হ’ব নোৱাৰে।আমি একো অসুবিধা পোৱা নাছিলোঁ। কিন্তু আজিকালি এচাম লোকে নিজৰে ভাষা-মাধ্যমটোক অৱহেলা কৰা দেখি হতাশ হওঁ। সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ যে,স্বমাধ্যমত শিক্ষাৰ্থীক পঢ়ুওৱাক।ভয় কৰিব লগা একো নাই।অলপ যত্নৰ প্ৰয়োজন।চিকিৎসক,বিজ্ঞানী, সৰ্বভাৰতীয় পৰীক্ষাত সফলতাও লাভ কৰিব লগতে নিজৰ ভাষাটোকো দীৰ্ঘজীৱন দিব। কাৰণ আমি নিজে নিজৰ ভাষাটো নাৰাখিলে কোনেও নাৰাখে।ভাষা-শিক্ষা-সংস্কৃতিৰ বুনিয়াদ ।নৱৰূপ জাতীয় বিদ্যাপীঠৰ পৰা আমি সেইবোৰ সুন্দৰকৈ পাইছিলোঁ। তেনে ধৰণৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় অসমৰ সকলো প্ৰান্ততে আছে। সুবিধাকণ আপুনিও ল’ব জানিব লাগিব ।” ইংৰাজী সন্মান বিষয়ত অধ্যয়নৰত স্নাতকোত্তৰ মহলাৰ ছাত্ৰী আটলান্টা গোস্বামীয়ে কয় যে “আপোনাৰ মোৰ উন্নতিৰ পথত মাতৃভাষাই কেতিয়াও বাধাৰ প্ৰাচীৰ হৈ থিয় নিদিয়ে। নিজক লৈ গৌৰৱ কৰিব পৰাকৈ জীৱনত হয়তো এতিয়ালৈকে তেনে কোনো কাম কৰিব পৰা নাই, তথাপি এচাম মানুহৰ কিছুমান ভ্ৰান্ত ধাৰণাক হয়তো মোৰ বোধেৰে প্ৰত্যাহ্বান জনাব পৰাকৈ কিছু পৰিমাণে মই সক্ষম।শিক্ষাজীৱন আৰম্ভ কৰিছিলোঁ জাতীয় বিদ্যালয়ত। সেই সময়ছোৱাত একেবাৰেই ধাৰণা নাছিল ,এই যে মা-দেউতাই স্ব-মাধ্যমৰ বিদ্যালয় এখনত নামভৰ্তি কৰি দিছে আৰু ভৱিষ্যতে এই কথা লৈ মই এদিন গৌৰৱ কৰিম। কিছু বুজা হোৱাৰে পৰা বহু মানুহৰ ঠাট্টা – মস্কৰাৰ সন্মুখীন হৈছিলোঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ বাবে। সেই ষষ্ঠ শ্ৰেণীৰ পৰা নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত স্কুলীয়া শিক্ষা আৰম্ভ কৰাৰ পৰাই মনত কোনোবাখিনিত এটা জেদ সোমাইছিল, মনতে ভাবি লৈছিলোঁ সেই এচাম মানুহক প্ৰমাণ কৰি দেখুৱাম যে অসমীয়া মাধ্যমত পঢ়িও ইংৰাজী ভাষা আয়ত্ব কৰিবলৈ আমি সক্ষম। তেতিয়াৰ পৰাই ভাবিছিলোঁ এদিন ইংৰাজীক সন্মানীয় বিষয় হিচাপে লৈ পঢ়িম। নৱৰূপ জাতীয় বিদ্যাপীঠত পঢ়ি থকা দিনকেইটাত নিজকে যেন নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ; সেই ৰাতিপুৱা প্ৰাত:সভাৰ বাধ্যতামূলক ইংৰাজী বক্তৃতা, ‘স্পকেন ইংলিছ’ৰ ক্লাছবোৰে দৰাচলতে আমাক সমৃদ্ধ কৰিলে। এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ, পুনৰ মই উচ্চতৰ মাধ্যমিক শিক্ষা অসমীয়া মাধ্যমতেই গ্ৰহণ কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইংৰাজীক সন্মানীয় বিষয় হিচাপে লৈ মই মোৰ স্নাতক পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰিলোঁ। বৰ্তমান মই University of Science and Technology Meghalaya ত মোৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছোঁ ইংৰাজীক সন্মানীয় বিষয় হিচাপে লৈ। সেই যে অসমীয়া মাধ্যমত পঢ়ি আহিলোঁ,সেই কথা লৈ আজিলৈকে লাজত পৰা নাই অথবা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতেই হওক বা আন কোনো ক্ষেত্ৰতেই হওক কোনো বাধাৰ সন্মুখীন হোৱা নাই। নিজকে কেনেদৰে আগুৱাই নিব পাৰে , সেই পথ আপুনি নিজেই বিচাৰি ল’ব জানিব লাগিব ।আপোনাৰ উন্নতিৰ পথত স্বভাষা আৰু স্ব-মাধ্যমে কাহানিও হেঙাৰ হৈ থিয় নিদিয়ে…নিৰ্ভয়ে আপুনি নিজৰ সন্তানক স্বমাধ্যমৰ বিদ্যালয়ত নামভৰ্ত্তি কৰাব পাৰে ।
এঢাপ ওপৰলৈ যদি আমি যাব খোজোঁ তেন্তে দেখিম যে ইংৰাজী মাধ্যমতকৈ অসমীয়া মাধ্যমত পঢ়া শুনা কৰা বহু ল’ৰা ছোৱালীয়ে বৰ্তমান সময়ত বিশ্বত খলকনি লগাই আছে। সৰু কালচোৱাত আনৰ ভাষা এটা শিকি সেই ভাষাত গণিত, বিজ্ঞান বুজিবলৈ বা শিকিবলৈ যিমান কষ্ট কৰিবলগীয়া হয় তাৰ বিপৰীতে নিজৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰিলে সেই কথাবোৰ অতি সহজেই বুজিব পৰা যায়। ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ধাৰণাভিত্তিক জ্ঞানতকৈ মাতৃভাষা মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বেছি। এটা মাত্ৰ সৰু উদাহৰণ দিব খোজোঁ। উনত্ৰিশ বুলি ক’লে ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ এজনে পতকৈ দুই দহ ন বুলি চিন্তা কৰিব নোৱাৰে। ইংৰাজীতো Twenty nine বুলি কবলৈ যাওঁতে হয়তো তাক সংখ্যাটো ইংৰাজীত কৈ দিব লাগিব। কিন্তু মাতৃভাষা মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী সকলে উনত্ৰিশ বুলি কোৱা লগে লগে Twenty nine আৰু দুই দহ ন ৰ ধাৰণাটো স্পষ্টকৈ দি পাৰে। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়ি বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰত নিজা প্ৰতিভাৰে দপদপাই থকা কীৰ্তিমানসকলৰ তালিকা অতি দীঘলীয়া। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিশিষ্ট বিজ্ঞানী জীতেন্দ্ৰনাথ গোস্বামী এটা মাত্ৰ উদাহৰণ। চৰকাৰী মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা গোস্বামীয়ে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, গুজৰাট বিশ্ববিদ্যালয়, ৱাশ্বিংটন বিশ্ববিদ্যালয়, হাষ্টন লুনাৰ এণ্ড প্লেনেটেৰী ইনষ্টিটিউট আৰু মেক্স প্লাংক ইনষ্টিটিউটত গৱেষণা কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি তোলে। একেদৰে তিনিচুকীয়া জিলাৰ একেবাৰে ভিতৰুৱা এক অঞ্চল টঙনা ন গাওঁ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰা ড° ৰুবুল মাউট বৰ্তমান সময়ৰ এক চৰ্চিত নাম। সেই সৰু অকণমানি গাঁওখনৰ পৰা বৰ্তমান আৰ্মহাষ্টস্থিত মাচাছ্যুচেটছ বিশ্ববিদ্যালয়ত জিন সম্পাদনা গৱেষণাৰে সমগ্ৰ বিশ্বতে খলকনি লগোৱা ৰুবুল মাউট বিশ্ববাসীৰ বুকুত এক অসম গৌৰৱ। ৰুবুল মাউতৰ কীৰ্তি কাহিনী ইয়াত মাত্ৰ এশভাগৰ এক অংশহে উল্লেখ কৰা হৈছে। আন এগৰাকী কীৰ্তিমান নগঞা ৰুক্মী দত্ত। নগাঁৱৰ দৰে সৰু চহৰ এখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ৰুক্মী দত্ত বৰ্তমান অষ্ট্ৰেলিয়াৰ ছিডনীস্থিত ইউনিভাৰ্ছিটি অৱ নিউ চাউথ ৱেলছৰ এগৰাকী অধ্যাপক। একেদৰে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত পঢ়া শুনা কৰি বৰ্তমান অষ্ট্ৰেলিয়াৰ দ্যা ইউনিভাৰ্ছিটি অফ্ চিডনীত তথা মেক্ কুৱাৰী ইউনিভাৰ্ছিটি, চিডনীত কৰ্মৰত হৈ আছে ডঃ প্ৰাৰ্থনা দেৱী, যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অধ্যয়ন কৰা তথা বৰ্তমান NSW department of climate change, energy, the environment and water বিভাগৰ অধ্যক্ষ ড° দুষ্মন্ত দত্ত , নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ তথা বৰ্তমান টেলি সংযোগ কোম্পানীৰ Technical Analyst হিচাপে টেলষ্ট্ৰাত কৰ্মৰত প্ৰণৱ জ্যোতি শইকীয়া, মাতৃভাষা মাধ্যমত অধ্যয়ন কৰি অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে বঙাইগাঁৱৰ এগৰাকী অসমীয়া যুৱক, samsung কোম্পানীৰ গৱেষক নিলোৎপল চৌধুৰী, অষ্ট্ৰেলিয়া,চীন, আমেৰিকা, চিংগাপুৰ আদি বিভিন্ন দেশত কাম কৰি অভিজ্ঞতাৰে পুষ্ট বৰ্তমান ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মুখ্য যোগাযোগ সহায়ক ৰূপম লহকৰ, টাইৱানত কৰ্মৰত গৌৰাংগলাল দাস , যোৰহাট বাল্য ভৱনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দেৱাঞ্জন বৰঠাকুৰকে ধৰি বহুত অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে বিশ্বৰ বুকুত উজলি আছে। আন এগৰাকী কীৰ্তিমান বিক্ৰমজিত চৌধুৰী, যি কম্পিউটাৰ অভিযান্ত্ৰিক বিজ্ঞানত স্নাতকোত্তৰ পাঠ্যক্ৰমত তেজপুৰ বিশ্ববিদ্যালয়ৰ সোণৰ পদক প্ৰাপ্ত আৰু গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত PhD কৰি আছে। তদুপৰি তেওঁ কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক।
বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ৪.৯ অনুচ্ছেদত কোৱা হৈছে– ‘উঠি অহা ল’ৰা-ছোৱালীয়ে কথাবোৰ ঘৰুৱা ভাষা, মাতৃভাষাতে ভালকৈ বুজে৷ গতিকে, য’ত সম্ভৱ হয় তাতে পঞ্চম শ্ৰেণীলৈ, পাৰিলে অষ্টম শ্ৰেণী বা পিছলৈ শিক্ষাৰ মাধ্যম হ’ব ঘৰুৱা ভাষা, মাতৃভাষা, স্থানীয় ভাষা৷ ইয়াৰ পাছত ঘৰুৱা ভাষা, স্থানীয় ভাষা য’ত সম্ভৱ হয় ভাষা হিচাপে শিকোৱা হ’ব৷ এইটো ৰাজহুৱা আৰু ব্যক্তিগত উভয় বিদ্যালয়ে কৰিব৷’ একেটা অনুচ্ছেদতে কোৱা হৈছে– ‘বিজ্ঞানকে ধৰি সকলো পাঠ্যপুথি ঘৰুৱা ভাষাত উপলব্ধ কৰা হ’ব৷ যিসকলৰ ভাষা আৰু মাধ্যম একে নহয়, সেইসকলৰ বাবে শিক্ষকসকলে দ্বিভাষিক পদ্ধতি ব্যৱহাৰ কৰিব৷’ নতুন শিক্ষা নীতিয়েও মাতৃভাষা মাধ্যমৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।
ইমানৰ পাছতো অভিভাৱকসকলে মনত কোনো দ্বিধা নাৰাখি নিজৰ সন্তানক মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাব পাৰে। মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি সফল হোৱা কীৰ্তিমানৰ তালিকা ইমানেই দীঘলীয়া যে লিখি থাকিলে শেষেই নহ’ব। মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা মানে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাৰেই পুনৰ ক’ব পাৰি স্বদেশ আৰু স্বজাতিৰ মংগল মন্দিৰৰ সিংহদ্বাৰ মাতৃভাষা। সেয়েহে আহক আমি সকলোৱে মিলি মাতৃভাষাৰ শলিতা জ্বলাওঁ আৰু ভৱিষ্যৎ জীৱনটো উজলাই তোলাৰ সংকল্প লওঁ।
অতিৰিক্ত সংযোজনঃ ভাৰতবৰ্ষৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱে মাতৃভাষা মাধ্যমৰ ওপৰত অধিক গুৰুত্ব দিছিল। তেখেতে মাতৃভাষাত অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰাৰ সম্পৰ্কে কৈছিল এনেদৰেঃ দেশৰ ৮ ৰাজ্যৰ ১৪ অভিযান্ত্ৰিক মহাবিদ্যালয়ে নিৰ্বাচিত বিভাগসমূহত আঞ্চলিক ভাষাত পাঠ্যক্ৰম আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক অভিনন্দন আৰু আদৰণি জনাইছো। মই সন্তোষ পাইছো যে নতুন শিক্ষা নীতিখনৰে সুৰ মিলাই সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE) এ ১১ টা স্থানীয় ভাষা—হিন্দী, মাৰাঠী, তামিল, তেলেগু, কানাড়া, গুজৰাটী, মালায়ালম, বাঙালী, অসমীয়া, পঞ্জাৱী আৰু ওড়িয়া ত বি. টেক পাঠ্যক্ৰমৰ অনুমোদন জনাইছে। ই সঠিক পদক্ষেপ বুলি মই দৃঢ় বিশ্বাসী। কাৰিকৰী আৰু বৃত্তিমুখী পাঠ্যক্ৰম আগবঢ়োৱাকে প্ৰমুখ্য কৰি অধিক শৈক্ষিক প্ৰতিষ্ঠানে আঞ্চলিক ভাষাসমূহত পাঠ্যক্ৰম আগবঢ়াবলৈ অৱশ্যেই পদক্ষেপ গ্ৰহণ কৰিব লাগে, যি পদক্ষেপ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আশীৰ্বাদস্বৰূপ হৈ উঠিব।
ভাষা যে আমাৰ জীৱনৰ এটা অভিন্ন অংশ, সেই কথা আমি সকলোৱে জানো। আমাৰ মাতৃভাষা বা আমাৰ স্থানীয় ভাষা আমাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ সৈতে আমাৰ নাভিৰজ্জুৰ সম্পৰ্ক আছে। ই এনে এটা ভাষা যাৰ সৈতে আমি আমাৰ শিশু অৱস্থাৰপৰা পৰিচিত আৰু ইয়াৰে আমাৰ এটা গভীৰ আবেগিক বান্ধোন আছে। ভাৰত ইয়াৰ বৰ্ণাঢ্য ভাষিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সৰ্বজনবিদিত আৰু ইয়াত শ-শ ভাষা আৰু কেইবা হাজাৰ উপভাষা বিদ্যমান। আমাৰ ভাষিক বৈচিত্ৰ্য হৈছে আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যৰ এটা আধাৰশিলা। শেহতীয়া ভাষা পিয়লটো অনুসৰি, আমাৰ ১৯,৫০০ ভাষা বা উপভাষা আছে। দৰাচলতে, আমাৰ দেশৰ ১০,০০০ বা ততোধিক লোকে ১২১ টা ভাষা কয়। আমাৰ সমকালীন ঐতিহ্যৰ এই ভাণ্ডাৰ যে এতিয়াও আমাৰ বৰ্ণাঢ্য আৰু গৌৰৱময় অতীতৰ অনুভূতিৰে সংপৃক্ত হৈ আছে, তাত কোনো সন্দেহ নাই।
“যদি ইংৰাজী কৃতবিদ্যই উপেক্ষা কৰে, যি তেওঁলোকে কৰিছে আৰু আনকি এতিয়াও অব্যাহত আছে, কিছুৱে কৰাৰ দৰে, তেওঁলোকৰ মাতৃভাষা সম্পৰ্কে অজ্ঞ হ’লে, ভাষিক উপবাস স্থায়ী হ’ব”, বুলি মহাত্মা গান্ধীয়ে কৈছিল।
ৰাষ্ট্ৰ সংঘৰ মতে, প্ৰতি দুসপ্তাহত, এটা ভাষাৰ অন্তৰ্ধান হয়, যাৰ সৈতে সমগ্ৰ সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যও জাহ যায়। তদুপৰি, বিশ্বখনত কোৱা আনুমানিক ৬০০০ ভাষাৰ অতি কমেও ৪৩% বিপদাপন্ন হৈ পৰিছে। ভাষিক বৈচিত্ৰ্যৰ বাবে সৰ্বজনবিদিত ভাৰতৰ ১৯৬ টা ভাষা বিপদাপন্ন। এই পৰিসংখ্যা উদ্বেগজনক। সেয়েহে, আমাৰ ভাষাসমূহক সুৰক্ষিত কৰিবলৈ আমি সমন্বিত প্ৰচেষ্টা আৰোপ আৰু পদক্ষেপ গ্ৰহণ কৰাটো একান্ত প্ৰয়োজনীয়। আমাৰ স্থানীয় ভাষাসমূহক সুৰক্ষিত কৰিবলৈ আৰু মাতৃভাষাত শিক্ষা গ্ৰহণক প্ৰোৎসাহনৰ অৰ্থে এটা বহুমাত্ৰিক পদ্ধতি অৱলম্বন কৰাটো প্ৰয়োজনীয়।
মই জনাবলৈ পাই সুখী যে আমাৰ ভাষাসমূহক সংৰক্ষণ আৰু সুৰক্ষিত কৰিবলৈ আমি এলানি পদক্ষেপ গ্ৰহণ কৰিছো। আমাৰ নতুন শিক্ষা নীতিয়ে অতি কমেও ৫ম মান আৰু ৮ম মানলৈকে বাঞ্ছনীয় আৰু তাৰ পাছতো সম্ভৱ হ’লে মাতৃভাষা/ স্থানীয় ভাষা/ আঞ্চলিক ভাষা/ ঘৰুৱা ভাষাত শিক্ষা গ্ৰহণৰ প্ৰতি উৎসাহ যোগাইছে। সমগ্ৰ বিশ্বখনৰ বহু অধ্যয়নত প্ৰতীয়মান হৈছে যে শিক্ষা গ্ৰহণৰ প্ৰাৰম্ভিক স্তৰত মাতৃভাষাত শিক্ষাদানে শিশুৰ আত্মমর্যাদাবোধত উদ্দীপনা যোগাই আৰু তেওঁলোকৰ সৃজনীশীলতাৰ বৰ্ধন ঘটায়। সেয়েহে, আঞ্চলিক ভাষাসমূহত শিক্ষাদানে শিশুহঁতক বহু ধৰণেৰে লাভান্বিত আৰু তেওঁলোকক এটি উজ্জ্বল ভৱিষ্যতৰ অভিমুখে ধাৱমান কৰিব।
শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰা আন এটি প্ৰশংসনীয় পদক্ষেপ হৈছে বিপদাপন্ন ভাষাসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ অৰ্থে আঁচনি (SPPEL) ৰ জৰিয়তে আমাৰ ভাষাসমূহৰ সংৰক্ষণত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো। এই আঁচনিখনৰ অধীনত, বিপদাপন্ন হোৱা বা অদূৰ ভৱিষ্যতে বিপদাপন্ন হৈ পৰাৰ সম্ভাৱনা থকা ভাষাসমূহৰ প্ৰলেখন (documentation) আৰু সংগ্ৰহ (archiving) সম্পন্ন কৰা হৈছে। অকল চৰকাৰখনৰ এই পদক্ষেপৰাজিয়েই ইপ্সিত পৰিৱৰ্তন সাধন কৰিব নোৱাৰে। আমাৰ সুৰীয়া ভাষাসমূহ সুৰক্ষিত কৰিবলৈ তথা আমাৰ ভৱিষ্যৎ প্ৰজন্মসমূহৰ বাবে সংযোগৰ এই যোগসূত্ৰ সুদৃঢ়কৰণৰ অৰ্থে জনসাধাৰণৰ অংশগ্ৰহণ অপৰিহাৰ্য্য। এটা কথা মনত ৰখাটো প্ৰয়োজনীয় যে প্ৰতিটো ভাষাই হৈছে প্ৰমূল্যবোধ, ৰীতি-নীতি, পৰম্পৰা, পন্থা, আখ্যান, আচৰণ আৰু নিয়ম-নীতিৰ কৃষ্টিগত ভাণ্ডাৰ তথা প্ৰবাদ, বাণী, নীতিবচন আৰু উপভাষাৰে পৰিপূৰ্ণ। জনসাধাৰণে নিজ-নিজ মাতৃভাষাত মত-বিনিময় কৰিবলৈ সংকোচ কৰাটো মই প্ৰায়েই প্ৰত্যক্ষ কৰি আহিছো। মোৰ দৃঢ় বিশ্বাস এয়ে যে আমি আমাৰ মাতৃভাষাত বাৰ্তালাপ কৰাৰ ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰা উচিত আৰু কেৱল ঘৰতেই নহয়, বৰঞ্চ সম্ভৱপৰ সকলো স্থানতে আমাৰ মাতৃভাষাতেই অৱশ্যেই মত-বিনিময় কৰিব লাগে। মাথো ব্যাপকভাৱে ব্যৱহাৰৰ জৰিয়তেহে ভাষাসমূহ সমৃদ্ধ হ’ব আৰু বৰ্তি থাকিব। মই মাতৃভাষাত শিক্ষাগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ অৰ্থ এইটো নহয় যে মই আন ভাষাসমূহ শিকিব নালাগে বুলি পৰামৰ্শ আগবঢ়াইছো। দৰাচলতে, মই প্ৰায়েই কৈ আহিছো যে প্ৰত্যেকেই যিমানদূৰ সম্ভৱ সিমান বেছি ভাষা শিকাটো উচিত, কিন্তু মাতৃভাষাত গভীৰ দখল থকাটো প্ৰয়োজনীয়। আজিৰ ক্ৰমবৰ্ধমান আন্তঃসংযুক্ত বিশ্বত, ভিন্ন ভাষাত ব্যুৎপত্তিয়ে সুযোগ প্ৰদান কৰে। তদুপৰি, আমি প্ৰতিটো ভাষা শিকাৰদ্বাৰা, আন সংস্কৃতিৰে আমাৰ সংযোগ গভীৰ হয়। সেয়েহে, শৈক্ষিক প্ৰতিষ্ঠান আৰু পিতৃ-মাতৃয়ে শিশুহঁতক অতিকমেও এটা ৰাষ্ট্ৰীয় আৰু এটা আন্তঃৰাষ্ট্ৰীয় ভাষা শিকিবলৈ অৱশ্যেই উৎসাহিত কৰিব লাগে। উল্লেখযোগ্য যে মাতৃভাষাত শিক্ষা গ্ৰহণে শিক্ষাৰ্থীৰ আগ্ৰহ আৰু বোধগম্যতাৰ স্তৰ বৃদ্ধি কৰিব। আন ভাষাত বিষয় এটি বুজিবলৈ, শিক্ষাৰ্থীসকলে প্ৰথমে সেই ভাষাটো শিকিব আৰু ব্যুৎপত্তি লাভ কৰিব লাগিব, যি ক্ষেত্ৰত বহু চেষ্টা প্ৰয়োজনীয় হৈ উঠে। পিছে, মাতৃভাষাত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত তেনে কথা নাথাকে। মাতৃভাষাসমূহত অভিযান্ত্ৰিক, চিকিৎসা শাস্ত্ৰ আৰু আইনৰ দৰে সকলো বৃত্তিমুখী আৰু পেছামুখী পাঠ্যক্ৰম আগবঢ়োৱাৰ দিনটো প্ৰত্যক্ষ কৰিবলৈ মই আশাৰে বাট চাইছো। ইয়াৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপ প্ৰশংসনীয়। আমাৰ উচ্চ শিক্ষাত মাতৃভাষাটোৰ ব্যৱহাৰ হৈছে আমাৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। আমি একেলগে আমাৰ ভাষাসমূহ সমৃদ্ধ আৰু সুদৃঢ় কৰো আহক।
লেখকৰ ঠিকনাঃ
গাওঁ/ডাকঃ তুলসীমুখ
জিলাঃ নগাঁও (অসম)
ম’বাইলঃ ৯৪০১৭২৩৯৬৬