বলো বৰালৈ লালচালাম
— গীতিৰেখা দত্ত, কাজিৰঙা, দূৰভাষঃ ৮৬৩৮৬১৭২৮৪
মানুহজনৰ নাম বলো বৰা৷ বোকাখাতৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ব্যক্তি বলো বৰা কেৱল এটা ব্যক্তিসত্বাই নহয়৷ বলো বৰা জনগণৰ এক সবল কণ্ঠ৷ যি সময়ত মৰিয়াহোলাৰ জনতাক কেৱল সীমাবদ্ধ কৰি ৰখা হৈছিল ভোটবেংকৰ ৰাজনীতিত, ঠিক তেনে সময়ত এজাক নদীয়ে খেদা মানুহৰ সবল কণ্ঠ হৈ থিয় দিছিল আজীৱন কমিউনিষ্ট নেতা বলো বৰাই৷ কেইবা দশকৰ পূৰ্বৰ বিখ্যাত মৰিয়াহোলা আন্দোলনত সন্মুখৰ পৰা নেতৃত্বত দিয়া বলো বৰাই আজি চিৰদিনৰ বাবে চকু মুদিলে৷
আপোচবিহীন সংগ্ৰামী বলো বৰাই ইচ্ছা কৰাহেতেঁন, বহু কিবাই কৰিব পাৰিলেহেঁতেন৷ কিন্তু, ছদ্মবেশী কমিউনিষ্ট হ’ব নোৱাৰিলে বলো বৰা৷ আমৃত্যু সংগ্ৰামী সত্বা কঢ়িয়াই ফুৰাৰ পাছতো বলো বৰা নাছিল কোনো বৌদ্ধিক পৰিমণ্ডলৰ মুধাফুটা বিদ্বজ্জন৷ নাছিল কোনো বিদ্বৎ সমাজৰ বাকপটু বক্তা; যিয়ে কোনো গুৰু গম্ভীৰ কণ্ঠেৰে বুদ্ধিজীৱীৰ চকুত চমক লগাব, টেলিভিছনৰ পৰ্দা ফালিব অথবা সাংবাদিকৰ সময় কাঢ়িব৷ তেওঁৰ কথাৰে কোনো বাতৰি কাকতৰ পৃষ্ঠা নভৰিল৷ তেওঁৰ কামৰ বিষয়ে কোনো জনসভাত চৰ্চা নহ’ল৷ অৱশ্যে কোনোধৰণৰ তোষামোদৰ কাৰণেও তেওঁ কোনোদিন অপেক্ষা কৰা নাছিল৷ কিন্তু তেওঁৰ এটা কণ্ঠ আছিল৷ সবল কণ্ঠ৷ সেই কণ্ঠেৰে অৱশ্যেই তেওঁ কথা কয় জন প্ৰতিনিধিৰ সমুখত জনগণৰ এজন হৈ৷ গাঁৱৰ হালোৱা-হুজুৱা চহা মানুহবোৰে, গাঁৱৰ ল’ৰা-ছোৱালীবোৰে, পুৰুষ-নাৰী সকলোৱে ৰ-লাগি শুনে৷ তেওঁৰ কণ্ঠত মানুহবোৰে নিজকে বিচাৰি পায়৷ তেওঁৰ কথাৰ শেষত সকলোৱে “হয় হয়’’ বোলে, কাৰণ মানুহজনে এই মানুহবোৰৰ কথা, পথাৰ-সমাৰৰ কথা, হাজিৰা কৰি খোৱা সকলৰ মজুৰিৰ কথাকেই কয়৷ চিন্তা আৰু ভাগৰত ডিঙি শুকাই কৰ্কৰীয়া মৰা মানুহবোৰৰ মুখলৈ এঢোক পানী আহে৷ হয়, তেওঁলোকৰ কথা ক’বলৈ তেওঁলোকৰ হকে মাত মাতিবলৈ তেওঁলোকৰ চিন্তা কৰিবলৈ মানুহ এজন আছে৷
মানুহজনৰ আছিল একেটাই মাথোঁন চোলা৷ বগা চোলা৷ সেইটোকে তেওঁ দিন-ৰাতি, জাৰ-জহ সকলোতে পিন্ধিছিল। বছৰ বাগৰে৷ ঋতুকালীন উৎসৱৰ দৰে হোৰা-হোৰে মানুহবোৰে উদুলি-মুদুলি হৈ আদৰ্শ কিনা-বেচাৰ বজাৰ মেলে৷ তেওঁৰ আশে-পাশে সকলোতে নেতাৰ দৰ-দাম উঠে৷ জাউৰী উঠে নতুন নেতাৰ৷ চিকচিকীয়া কথাৰ ফুলজাৰি সৰে৷ কিন্তু, এই যে মানুহজন, তেওঁৰ এটাই মাথোঁন চোলা। ডিঙিৰ সিৰ ফুলাই প্ৰলোভনৰ ৰাজনীতি তেওঁ কোনোদিনেই কৰিব নাজানিলে৷ সেয়ে হয়তো প্ৰত্যক্ষ ৰাজনীতিত ভেল্কিবাজীৰ চমকত তেওঁ টিকিব নোৱাৰিলে৷ অথচ তেওঁ নেতা৷ জননেতা৷ এজন ৰাজনৈতিক মানুহ৷ শাসকৰ ভুল-শুদ্ধ বিচাৰ কৰিব জনা মানুহ৷ তেওঁ ৰাজনীতিৰ বাটেৰে গৈ ঘূৰি চায় সদায় গাঁৱৰ খেতিয়ক মানুহবোৰৰ শুকান মুখবোৰ৷ কাষ চাপি যায় মথাউৰিত ভেটি উচন হোৱা মানুহবোৰৰ কাষলৈ৷ তেওঁ সমদল উলিয়ায়৷ জাক জাক মানুহৰ সমদল৷ মানুহৰ পক্ষত মানুহৰ মিছিলৰ সমূখত তেওঁ আগবাঢ়ে ৷ বানপানীত থাউনি হেৰুওৱা মানুহবোৰ আৰু সৰ্বস্বান্ত হোৱা মানুহবোৰৰ ভূমি অধিকাৰ বিচাৰি স্মাৰকপত্ৰ তুলি দিয়ে চৰকাৰৰ প্ৰতিনিধিৰ হাতত৷
টকা-সিকাৰ বেহা চলি ৰাজনীতি গৰম হৈ থকাৰ সময়চোৱাত তেওঁ খালী জেপ আৰু উদং পকেটেৰে ৰৈ থাকে সাধাৰণ মানুহবোৰৰ কাষত গঞাৰ সাহস হৈ৷ এজন তৃণমূল ৰাজনৈতিক নেতা হিচাপে তেওঁ পাৰিলেহেতেন আদৰ্শক বিক্ৰী কৰি ৰাজনীতিৰ জখলাৰে বগুৱাবাই শিখৰত উঠি ব্যক্তিগত মুনাফাৰে লেটি লৈ পিছলৈ ঘূৰি নাচাবলৈ৷ কিন্তু, তেওঁ তেনে কৰিব নোৱাৰিলে৷ কাৰণ তেওঁৰ আছিল এটাই মাথো চোলা৷ মাৰ্ক্সবাদৰ আদৰ্শেৰে সী লোৱা সেই একেটি চোলা৷ আজন্ম সেই চোলাৰ গৰাকী হৈ ৰ’ল তেওঁ৷ সেয়ে ৰৈ গ’ল গাঁৱৰ মানুহবোৰৰ কাষত৷ তেওঁলোকৰ বাস্তৱ সমস্যাবোৰৰ কাষত সমাধানৰ সূত্ৰ বিচাৰি৷ তেওঁ ৰৈ গ’ল বৃহত্তৰ কুৰুৱাবাহীৰ দীঘলীয়া ইতিহাসৰ দলিল হৈ৷ তেওঁ ৰৈ গ’ল সাধাৰণ মানুহবোৰৰ কাষত তেওঁলোকৰ কণ্ঠ হৈ৷
লাহে লাহে গাঁওখন সলনি হ’ল মানুহজনৰ চকুৰ সমূখতে৷ শিল্পচৰ্চা চিন্তাচৰ্চাৰ সুঁতি সলনি হ’ল৷ এই যে গাঁৱৰ মানুহবোৰৰ কাৰণে তেওঁলোকৰ ওচৰত ৰৈ যোৱা মানুহজন, একেটি চোলাকে পিন্ধি ৰৈ থাকিল গাঁওখনত অকলশৰে নিৰ্বাক বিষণ্ণ এজোপা গছ হৈ মৰীয়াহোলা বিপ্লৱৰ কথা সোঁৱৰি৷ ভূমিপট্টা সংকল্পৰ কথা পাগুলি৷ বৃহত্তৰ কুৰুৱাবাহীৰ হকে চিন্তা কৰা, সামন্তীয় জাত-পাত-ধৰ্মৰ উৰ্দ্ধত গৈ প্ৰগতিশীল চিন্তাৰ সঠিক মাত্ৰা কুৰুৱাবাহীত তুলি ধৰা মানুহজন গাঁওখনত অকলশৰে ৰৈ ৰৈ অৱশেষত আজি গ’লগৈ আৰু কোনোদিনে ঘূৰি আহিব নোৱাৰা বাটটোৰে৷ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ আজীৱন সবল নেতা বলো বৰাৰ বৃক্কজনিত ৰোগত আজি দেহাৱসান ঘটে৷
বলো বৰা আছিল অভিনেতা, নাট্যকাৰ, নাটপৰিচালক, সুবক্তা, সমাজকৰ্মী, আজীৱন চি.পি.আই দলৰ ৰাজনৈতিক নেতা৷ বলো বৰা আছিল এক শক্তিশালী সাৰ্বিক কণ্ঠ৷ সমাজ-সংস্কৃতি-ৰাজনীতিলৈকে প্ৰসাৰিত এই কণ্ঠ ৰুদ্ধ হ’ল আজি অসময়তে৷ তেখেতলৈ লালচালাম৷