বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা

বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা


ঘড়ীটো

— কুমাৰ বিভূতি, নগাওঁ৷

অফিচটোত অৱহেলিত হৈ পৰি থকা ঘড়ীটোত ডাঠ মকৰাজালেৰে আবৃত হৈ আছিল। ঘড়ীটোৰ গুৰুত্ব কাৰো বাবে নাছিল। কিমান দিন কিমান বছৰ অঘড়ী হৈ অফিচটোৰ গুডামঘৰটোত পৰি আছিল তাৰো হিচাপ কাৰো হাতত নাই। এদিন সেই অঘড়ী ঘড়ীটোত চকু পৰিল বিভাগটোৰ এগৰাকী কণিষ্ঠ সহায়কৰ। ঐতিহ্য সংৰক্ষণৰ মন এটা লৈ ওৰেটো জীৱন পাৰ কৰা নৱকুমাৰে অৱহেলিত ঠাইখিনিৰ পৰা বুটলি আনি ফটা কাপোৰ এডোখৰেৰে মচি পৰিস্কাৰ কৰিলে। ঘড়ীটো পৰিষ্কাৰ কৰি থকাৰ সময়ত নৱকুমাৰে মন কৰিলে যে ঘড়ীটোৰ পাছফালে এডোখৰ কাগজ আঠা লগোৱা আছে। ভালদৰে চাই দেখিলে যে সেইখন ঘড়ীটো কিনাৰ কাগজ। চন ১৯৪২। জাপানত নিৰ্মিত ঘড়ীটো ১৯৪২ চনত কোনে কিনিছিল তাৰ তথ্য নাথাকিলেও ঘড়ীটোৰ প্ৰতি নৱকুমাৰৰ এক মায়া উপজিল। অফিচটোৰ বৰবাবুক ঘড়ীটো লৈ যাব পাৰিবনেকি বুলি সি সুধিলে। বৰবাবু মানুহজন অত্যন্ত সৎ। সুদীৰ্ঘ কাল অৱহেলিত হৈ পৰি থকা ঘড়ীটোৰ প্ৰতি বৰবাবুৱে কোনোদিনে মন কৰা নাছিল। হয়তো ঘড়ীটো অঘড়ী হোৱাৰ দিনো চাগৈ এলাপেচা নহয়। নৱকুমাৰে ঘড়ীটো নিম বুলি কোৱাত বৰবাবুৱে বহুপৰ চিন্তা কৰি ক’লে, ” ঘড়ীটো নিব বিচাৰিছা যদি নিয়া, মাথোঁ তাৰ আগতে তুমি ধূপ দুপেকেট দি থৈ যোৱা”। বৰবাবুৰ প্ৰস্তাৱক উপেক্ষা নকৰি নৱকুমাৰে লগে লগে দুপেকেট ধূপ কিনি আনি দি ঘড়ীটো লৈ অফিচৰ পৰা ওলাই আহিল। অফিচটোৰ পৰা ওলাই হাইৱে’ত উঠিয়েই নৱকুমাৰে ভাবিলে বন্ধ ঘড়ীটো সি এতিয়া কি কৰিব? ঘৰলৈ নিব নে ভাল কৰিবলৈ কোনোবা মেকানিকৰ ওচৰলৈ নিব? ক্ষণিকৰ বাবে মনটো খেলিমেলি লাগিলেও নৱকুমাৰে সদ্যহতে ঘড়ীটো মেকানিকৰ ওচৰলৈ নিয়াৰ কথাটোকে সিদ্ধান্ত ল’লে।
ঘড়ীটো যিহেতু জাপানত নিৰ্মিত এটি পেণ্ডুলাম ঘড়ী। গতিকে এনেধৰণৰ ঘড়ী ঠিক কৰা মেকানিক বিচাৰি পোৱাটোও ভাগ্যৰ কথা হ’ব। এই ভাবি নৱকুমাৰে চহৰখনৰ ঘড়ী ভালকৰা দোকানে দোকানে ঘূৰি ফুৰিবলগা হ’ল। তেনেতে চহৰখনৰ এখন পুৰণি ঘড়ী মেৰামতি কৰা দোকানলৈ গৈ খবৰ পালে যে এনেধৰণৰ ঘড়ী মেৰামতি কৰা এজন মানুহ বেংগলীপট্টিত আছে। তেওঁ যদি নোৱাৰোঁ বুলি কয় তেন্তে এই ঘড়ীটো ভাল কৰিব পৰা তেনে মানুহ আৰু নোলাব। নৱকুমাৰে কথাটো শুনি অকণো পলম নকৰি বেংগলীপট্টিৰ মেকানিক জনক বিচাৰি উলিয়ালে। তেওঁ ঘড়ীটো পিটিকিপাতাকি চাই ক’লে যে ঘড়ীটো ঠিক কৰিব পৰা যাব। মাত্ৰ তাৰ দুডাল স্প্ৰিংৰ প্ৰয়োজন হ’ব। ঘড়ীটোৰ ভিতৰৰ সা সৰঞ্জামখিনি খুলি ঘড়ীটোৰ বাহটো নৱকুমাৰক দি ক’লে যে খ্ৰীষ্টিয়ানপট্টিত এজন মানুহ আছে। ঘড়ীটো পলিচ কৰি আনকগৈ। লগতে ঘড়ীটোৰ আইনাখনো পৰিস্কাৰ কৰাই আনিব। নৱকুমাৰে তৎক্ষণাৎ খ্ৰীষ্টিয়ানপট্টিৰ মানুজনৰ ওচৰত ঘড়ীটো পলিচ কৰিবলৈ দি আইনাখনো পৰিস্কাৰ কৰি দিবলৈ ক’লে। মানুহজনে কামখিনি সুন্দৰকৈ কৰি নৱকুমাৰক দি ক’লে যে তেওঁৰ খৰচ পঞ্চাছ টকা হ’ল। নৱকুমাৰে সেই টকা আদায় দি ঘড়ীটো আৰু আইনাখন লৈ মেকানিকৰ ওচৰ পালে। ইতিমধ্যে ঘড়ীটো অঘড়ীৰ পৰা ঘড়ীলৈ সলনি হৈ উঠিছে। নৱকুমাৰৰ মুখত প্ৰাপ্তিৰ আনন্দ। মেকানিকজনক বিছটকা আদায় দি ঘড়ীটো লৈ বিশ্বজয়ৰ আনন্দ পোৱাৰ দৰে ঘৰলৈ উভতিল। অঘড়ী ঘড়ীটোক সঠিক ঘড়ীলৈ ৰূপান্তৰিত কৰি যিমান আনন্দ পালে তাতকৈ অধিক বিষাদৰ দিন আহিল নৱকুমাৰৰ জীৱনলৈ। ঘড়ীটো ঠিক কৰি আনি ড্ৰয়িংৰূমত এটা আঢ়ৈ ইঞ্চি দৈঘ্যৰ গজালত ওলোমাই দিলে। গুডামঘৰৰ পৰা অত্যাধুনিক ড্ৰয়িংৰূমৰ বেৰত ঘড়ীটো যেন জোখতকৈ অধিক শব্দ কৰি প্ৰতিটো ঘণ্টাৰ মূৰে মূৰে টং টংকৈ বাজিবলৈ লাগিল। পেণ্ডুলাম ঘড়ীটোৰ শব্দ ইমানেই অধিক যে নিশা হোৱাৰ লগে লগে ই সকলোৰে যেন নিদ্ৰা হৰণ কৰি তুলিছিল। ঘড়ীটো ঘৰলৈ আনি যিমান ভাল কথা শুনিব লাগিছিল তাৰ বিপৰীতে ঘৰৰ সকলোৰে পৰা নৱকুমাৰে ককৰ্থনাহে পাবলৈ লাগিল। কিয়নো প্ৰতিটো ঘণ্টাৰ মূৰে মূৰে টং টংকৈ বাজি উঠা এক অদ্ভূত শব্দ‌ই সকলোৰে টোপনিত আওল লগাইছিল। এনেকৈ কেইদিনমান যোৱাৰ পাছত খঙতে নৱকুমাৰে ঘড়ীটো লৈ ঘৰৰ পৰা ওলাই আহিল। উদ্দেশ্যঃ ঘড়ীটো কোনোবা এঠাইত দি দিব। কিন্তু দিব কাক? যিয়ে কিনিব সি যদি একেই বিৰক্তি পাই তাক আকৌ ককৰ্থনা কৰে। নানান চিন্তা কৰি বহি থাকোঁতেই নৱকুমাৰহতৰ ঘৰলৈ কামপুৰৰ এজন মানুহ আহিল। নৱকুমাৰৰ লগত বিভিন্ন কথা বতৰা পাতি থাকোতে নৱকুমাৰৰ হাতত সেইটো কি বস্তু বুলি সোধাত নৱকুমাৰে মোনাৰ পৰা উলিয়াই সযতনে ঘড়ীটো দেখুৱালে। ঘড়ী নহয় যেন আপুৰুগীয়া এক সম্পদহে। ঘড়ীটো সি ক’ৰপৰা কিনিছিল , কিমান টকাত কিনিছিল সুধিবলৈ ধৰিলে। লগতে এইটোও সুধিলে যে ঘড়ীটো কিনিব বিচাৰিলে সি বিক্ৰী কৰিবনেকি? নৱকুমাৰৰ যেন এক দুঃচিন্তাৰ অন্ত পৰিল। তাৰ মনত এটা বুদ্ধি খেলালে। সি এটা মিছা কথা ক’লে। ঘড়ীটো সি কলকাতাৰ পৰা কিনি আনিছিল আৰু ঘড়ীটোৰ মূল্য আছিল চাৰিহাজাৰ টকা। মানুহজন নৱকুমাৰৰ কথাত পতিয়ন গ’ল আৰু তেওঁ চাৰি হাজাৰ টকা দি ঘড়ীটো কিনি নিবলৈ বিচাৰিলে। নৱকুমাৰে ঘড়ীটো মানুহজনক বিক্ৰী কৰি একপ্ৰকাৰ স্বস্তিৰ নিশ্বাস এৰিলে।অফিচৰ পৰা ঘড়ীটো অনাৰ পৰা তাৰ মনত যি আনন্দ লাগিছিল, ঘৰ পোৱাৰ পাছত সেই আনন্দ বিষাদলৈ গতি কৰিছিল। তাৰ পাছত কামপুৰৰ মানুহজনক চাৰি হাজাৰ টকাত মিছা কথাৰে ঘড়ীটো বিক্ৰী কৰি সমস্যাটোৰ পৰা পাৰ পালেও আন এটা চিন্তাই জুমুৰি দি ধৰিলে।

  • Related Posts

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান শ্ৰেষ্ঠা অভিনেত্ৰী —অজন্তা তালুকদাৰ। (অৰ্পণঃ পৰম্পৰা, ৰীতি, বান্ধোন, দায়বদ্ধতাৰ কটকটীয়া অন্তৰকৰ মাজত জীৱন পাৰ কৰি নিজৰ সপোন জলাঞ্জলি দিয়া এখিনি নিষ্পেষিতা, অসহায়…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস