যোৰহাটত ভাষা গৌৰৱ সপ্তাহৰ শুভ উদ্ধোধন

যোৰহাটত ভাষা গৌৰৱ সপ্তাহৰ শুভ উদ্ধোধন

জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমীয়া ভাষা-সাহিত্যৰ পৌৰাণিক ক্ৰমধাৰাক সাৰথি কৰি অসমীয়া ভাষাক কেন্দ্ৰীয় কেবিনেটে যোৱা ৩ অক্টোবৰত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে। এই ঐতিহাসিক ক্ষণত অসমীয়া ভাষাৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা ৯ নৱেম্বৰলৈকে “ভাষা গৌৰৱ সপ্তাহ” উদযাপন কৰা হৈছে।

ইয়াৰ অংশস্বৰূপে আজি যোৰহাট জিলা পুথিভঁৰালৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত “ভাষা গৌৰৱ সপ্তাহ”ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে মূল বক্তাৰ ভাষণ প্ৰদান কৰি অসমীয়া ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ধন্যবাদ জ্ঞাপন কৰে।

অসমীয়া ভাষাৰ এই প্ৰাপ্তিৰ শুভ ক্ষণত বক্তাগৰাকীয়ে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা মহান সাহিত্যিক, মনিষী, পুৰোধা পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসম আৰু অসমীয়াৰ বাবে এয়া গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। ভাৰত চৰকাৰে প্ৰদান কৰা এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ ফলত অসমীয়া ভাষাৰ ভৱিষ্যৎ সুৰক্ষিত হ’ল বুলিও বক্তাগৰাকীয়ে মন্তব্য কৰে।

অনুষ্ঠানত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, উপঃসভাপতি মহেন্দ্র নাথ হাজৰিকা, শ্রীমন্ত শঙ্কৰদেৱ সংঘ যোৰহাট জিলা সমিতিৰ সভাপতি খগেন ফুকন আৰু বিশিষ্ট লেখক আকাশ দ্বীপ্ত ঠাকুৰে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা সপ্তাহজোৰাকৈ উদযাপন কৰিবলৈ লোৱা “ভাষা গৌৰৱ সপ্তাহ” পদক্ষেপৰ ভূয়ঁসী প্ৰশংসা কৰাৰ লগতে অসমীয়া ভাষাই লাভ কৰা এই ঐতিহাসিক প্ৰাপ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ বাবে লোৱা পদক্ষেপত শলাগ জ্ঞাপন কৰি আজিৰ সভাতে প্ৰস্তাৱ গ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতাসূচক পত্ৰ প্রেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বন্তি প্রজ্বলনেৰে আৰম্ভণি হোৱা অনুষ্ঠানত যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আদৰণি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ণ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, জিলা – প্ৰশাসনৰ বিষয়া- কৰ্মচাৰী প্ৰমুখ্যে ভালেসংখ্যক গণ্য – মান্য ব্যক্তি উপস্থিত থাকে।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস