যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট পূৰ্ণগতিত
যোৰহাট চুপাৰ জায়েন্ট আৰু যোৰহাট ফেলকনৰ জয়লাভ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ ক্ৰমাৎ আকষণীয় ৰূপলৈ আহিছে যোৰহাট প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাখনে। যোৰহাট ষ্টেডিয়ামত ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত চলি থকা প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১) ক্ৰিকেট প্ৰতিযোগিতাখনৰ মঙলবাৰে অনুষ্ঠিত হয় দুখন খেল। তাৰে প্ৰথমাৰ্ধত অনুষ্ঠিত খেলখনত যোৰহাট চুপাৰ জায়েন্টে ৫ উইকেটত আৰু দ্বিতীয়খনত যোৰহাট ফেলকন দলে ৭ ৰানত জয়লাভ কৰে। ৰেডিয়েন্ট ৰাইন’জ আৰু যোৰহাট চুপাৰ জায়েন্ট দলৰ মাজত অনুষ্ঠিত প্ৰথম খেলখনত টছত জিকি প্ৰথমে বেটিং লৈ ৰাইন’জ দলে ১৭ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৬৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চুপাৰ জায়েন্ট দলে ১১.৩ অ’ভাৰত ৫টা উইকেটৰ বিনিময়তে ৬৮ ৰান কৰি বিজয় সাব্যস্ত কৰে। এই খেলখনত চুপাৰ জায়েন্ট দলৰ দিপাংকৰ পাচনিয়ে ৩ অ’ভাৰত ৭ ৰান খৰচ কৰি ৩টা উইকেট লাভ কৰাৰ লগতে মেন অব দা মেছ সন্মানো অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে ৰেডিয়েন্ট ষ্ট্ৰাইকা আৰু যোৰহাট ফেলকন দলৰ মাজত অনুষ্ঠিত দ্বিতীয়খন খেলত ফেলকন দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অ’ভাৰত প্ৰাণ্টু কলিতাৰ অপৰাজিত ৩৮ ৰানৰ সহায়ত ৭টা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ষ্ট্ৰাইকাৰ দলে ৰোহিত যাদৱৰ ৪৫ ৰানৰ সহায়ত ১৯.৫ অ’ভাৰত ১২১ ৰান সংগ্ৰহ কৰোতেই আটাইকেইটা উইকেট পতন ঘটাত ৫ ৰানত পৰাজয় স্বীকাৰ কৰে। খেলখনত ফেলকন দলৰ হৈ ৰাজা লামাই ৪ অ’ভাৰত ৩টা উইকেট লাভ কৰাৰ লগতে ৰাজাই মেন অব দা মেছ সন্মানো অৰ্জন কৰে। উল্লেখ্য যে, মুঠ ৯টা দলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ মঙলবাৰৰ খেললৈকে যোৰহাট ফেলকন দলে লীগৰ ৬খন খেলৰ ৪খনত জয়, এখন পৰাজয় আৰু এখন ড্ৰ খেলি মুঠ ৯ পইণ্টেৰে বৰ্তমানলৈকে শীৰ্ষস্থানত থকাৰ লগতে কাইনেটিক কিংছে ৪খন খেল খেলি ৩ খনত জয় আৰু এখনত পৰাজিত হৈ ৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে। যোৰহাট চুপাৰ জায়েণ্টে, জয়হিন্দ ৱাৰিয়ৰ্ছ আৰু ৰেডিয়েন্ট ৰাইন’জ এই দল তিনিটাই ৫ পইণ্টকৈ, ইলাইট ঈগলছে ৪ পইণ্ট, ৰেডিয়েণ্ট ষ্ট্ৰাইকাৰেৱ ৩ পইণ্ট, মৰিয়নি টাইটানে ২ পইণ্ট আৰু লাইকেন ৱাৰিয়ৰ্ছে ১ পইণ্ট অৰ্জন কৰি থকা প্ৰতিযোগিতাখনত দুটা দলে এখনকৈ আৰু ৬টা দলে দুখনকৈ খেল খেলিবলৈ বাকী আছে।