যোৰহাট সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত ড° গীতিমণি হাটীমূৰীয়াৰ কাব্যগ্ৰন্থ ‘তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ’ব নোৱাৰোঁ’ আৰু প্ৰবন্ধ সংকলন ‘কাব্য -অনুষংগ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

যোৰহাট সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত ড° গীতিমণি হাটীমূৰীয়াৰ কাব্যগ্ৰন্থ ‘তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ’ব নোৱাৰোঁ’ আৰু প্ৰবন্ধ সংকলন ‘কাব্য -অনুষংগ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

জিতুল কুমাৰ গগৈ, যোৰহাটঃ ৭ নৱেম্বৰ তাৰিখে যোৰহাট সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত এক নান্দনিক আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ড° গীতিমণি হাটীমূৰীয়াৰ কাব্যগ্ৰন্থ ‘তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ’ব নোৱাৰোঁ’ আৰু প্ৰবন্ধ সংকলন “কাব্য -অনুষংগ” শীৰ্ষক গ্ৰন্থ দুখনি উন্মোচন হৈ যায়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত অসম আবৃত্তি মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি শান্তিছায়া শইকীয়াই সঞ্চালনা কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ। প্ৰবন্ধ সংকলন “কাব্য -অনুষংগ”ৰ উন্মোচন কৰে শিক্ষাবিদ তথা জাতীয় অভিধান প্ৰণেতা, যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° দেৱব্ৰত শৰ্মাই আৰু কাব্যগ্ৰন্থ “তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ’ব নোৱাৰোঁ” উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সহযোগী অধ্যাপিকা, বিশিষ্ট কবি, সাহিত্যিক ড° জ্যোতিৰেখা হাজৰিকাই। বন্তি প্ৰজ্বলনৰ পাছতে দলীয় আবৃত্তিৰে মঞ্চ মুকলি কৰে কাব্য কাননৰ আবৃত্তি শিল্পীসকলে। ইয়াৰ পাছতে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে কয় যে, অসমীয়া সাহিত্যৰ ভঁৰালত এই পদক্ষেপ এক নতুন সংযোজন। অসমীয়া সাহিত্যৰ বহুল প্ৰচাৰ, প্ৰসাৰ আৰু সমৃদ্ধিৰ বাবে ই-সংৰক্ষণ ব্যৱস্থাৰ অতি প্ৰয়োজন আছে। এই ক্ষেত্ৰত সংশ্লিষ্টসকলে উদ্যোগ ল’বলৈ তেওঁ আহ্বান জনায়। প্ৰবন্ধ সংকলন “কাব্য-অনুষংগ” উন্মোচন কৰি ড° দেৱব্ৰত শৰ্মাই কয় যে, সাহিত্যৰ সমালোচনাইহে প্ৰকৃততে সাহিত্যক গতিশীলতা দান কৰিব পাৰে। “কাব্য -অনুষংগ”ত সন্নিৱিষ্ট প্ৰবন্ধসমূহত ভিন্ন দৃষ্টিভঙ্গীৰ লগতে নতুন চিন্তাৰ উন্মেষ ঘটিছে। অসমীয়া সমালোচনা সাহিত্যৰ বাবে এয়া এক শুভ লক্ষণ। ইয়াৰ পাছতে কাব্যগ্ৰন্থৰ উন্মোচক ড° জ্যোতিৰেখা হাজৰিকাই কয় যে, অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভৰ গৌৰৱময় ক্ষণতে গীতিমণি হাটীমূৰীয়াৰ দুখনকৈ গ্ৰন্থ উন্মোচন হোৱাটো অসমীয়া ভাষা সাহিত্যৰ বাবেই আনন্দৰ বতৰা। কবি গৰাকীৰ কাব্য চিন্তাৰ মাজেৰে বাস্তৱ সমাজৰ ৰূপৰেখা ফুটি উঠাৰ লগতে নাৰী জীৱনৰ প্ৰত্যাহ্বান নেওচি লক্ষ্যপ্ৰাপ্তিৰ দিশত অগ্ৰসৰ হোৱাৰ ইংগিত দেখা যায়। উন্মোচনী সভাত কবিৰ দুটি কবিতা পাঠ কৰে হৃদয়জীতা বৰা আৰু শোভিত কমল বৰাই। বিশিষ্ট কবি, আবৃত্তিকাৰ নীহাৰিকা সোণোৱালে আঁত ধৰা অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, বৰ্তমানৰ প্ৰধান সম্পাদক পাৰভিজ হুছেইন, উপ-সভাপতি উজ্জ্বল পাওগাম, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া, যোৰহাট লেখিকা সমাৰোহ সমিতিৰ সভাপতি নীৰদা গগৈ বৰা, গায়ত্ৰী গগৈ, সদৌ অসম লেখিকা সংস্থাৰ সভাপতি মামণি গগৈ বৰুৱা, কবি উত্তম কুমাৰ বৰদলৈ, ইন্দিৰা পাওগাম, যোগমায়া গগৈ, বন্দনা সন্দিকৈ, আৰেচা বেগম, জুলী বৰুৱা, নিভা দত্ত ৰভী, জ্বলী বেগম, ভিক্টৰ ৰাজকুমাৰ, প্ৰাঞ্জল খাউণ্ড, জিণ্টু ফুকন, সূৰ্যকমল বণিয়া, অশান্ত ৰাতুল দত্তকে ধৰি শতাধিক কবি, অসম আবৃত্তি মঞ্চৰ সক্ৰিয় সদস্য প্ৰণৱ বৰপাত্ৰগোঁহাঞি, ড° বিভাজ্যোতি দত্তকে প্ৰমুখ্যে সদস্যসকল, স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰুমী কোঁচ, অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক ছাত্ৰী, অধ্যয়নৰত ছাত্ৰীসকলৰ লগতে শতাধিক সাহিত্য প্ৰেমী শ্ৰোতা দৰ্শক উপস্থিত থাকে। অনুষ্ঠানটিত বিশিষ্ট অতিথিসকলক লেখিকাৰ দুহিতা সৃষ্টিদীপা চৰাইমৰীয়াই অংকন কৰা একোখনকৈ ছবিৰে সম্ভাষণ জনোৱা হয়। লেখিকাৰ মনৰ ভাব প্ৰকাশ কৰাৰ পাছতে সঞ্চালকৰ মন্তব্য আৰু শলাগ জ্ঞাপনৰ অন্তত ৰাম গগৈৰ কালজয়ী কবিতা “আমি গৈ থাকো”ৰ আবৃত্তিৰে অনুষ্ঠানটিৰ সমাপ্তি পৰে।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস