বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা
বাগদাদৰ বাইতুল হিকমাহ
— কুমাৰ বিভূতি, নগাঁও।
টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত বাগদাদ চহৰখন অষ্টম শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। আব্বাছী খিলাফতৰ সময়ত ই ৰাজধানী হৈছিল। প্ৰতিষ্ঠা হোৱাৰ কিছু সময়ৰ পিছতে বাগদাদ মুছলমান বিশ্বৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক, বাণিজ্যিক আৰু বৌদ্ধিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল। কিছুমান ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানকে ধৰি বহুজাতিক আৰু বহুধৰ্মীয় জনসংখ্যাক আতিথ্য প্ৰদান কৰাৰ বাবে চহৰখনে “জ্ঞানৰ চহৰ” হিচাপে বিশ্বব্যাপী খ্যাতি অৰ্জন কৰে। আব্বাচী যুগৰ বেছিভাগ সময়তে বাগদাদ মধ্যযুগৰ আটাইতকৈ ডাঙৰ চহৰ আছিল আৰু ইয়াৰ জনসংখ্যা আছিল দহ নিযুততকৈও অধিক। ১২৫৮ চনত মোগল সাম্ৰাজ্যই এই চহৰখন বহুলাংশে ধ্বংস কৰি পেলায়, যাৰ ফলত সঘনাই মহামাৰী আৰু একাধিক সাম্ৰাজ্যৰ উত্থানৰ বাবে শতিকাজুৰি ইয়াৰ ক্ৰমান্বয়ে অৱনতি ঘটে। ১৯৩৮ চনত ইৰাকক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ পিছত (মেছ’পটেমিয়াত পূৰ্বৰ ব্ৰিটিছ মেণ্ডেট) বাগদাদে ক্ৰমান্বয়ে আৰব সংস্কৃতিৰ উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পূৰ্বৰ কিছু সুনাম পুনৰ লাভ কৰে। বিভিন্ন অনুমান অনুসৰি ইৰাকৰ সৰ্ববৃহৎ চহৰ বাগদাদ যাৰ জনসংখ্যা ৬ বা ৭ মিলিয়নৰো অধিক।
আব্বাছী খিলাফতৰ সময়ত বুদ্ধি বৃত্তি আৰু অৰ্থনৈতিক উৎকৰ্ষৰ কেন্দ্ৰ হৈ উঠিছিল বাগদাদ। বিজ্ঞান চৰ্চাৰ তেওঁলোকৰ অধ্যয়নৰ অন্যতম উদাহৰণ বাগদাদৰ বিখ্যাত লাইব্ৰেৰী বাইতুল হিকমাহ। ইংৰাজীত যাক কোৱা হয় House of wisdom. প্ৰায় পঞ্চম শতিকাৰ পৰা নৱম শতিকালৈ এই লাইব্ৰেৰী সমগ্ৰ বিশ্বৰ ডাঙৰ লাইব্ৰেৰী আছিল। এই লাইব্ৰেৰীত সেই সময়ৰ ডাঙৰ ডাঙৰ পণ্ডিত সকলে ভিৰ কৰিছিল।
বাইতুল হিকমাহ ধাৰণাৰ সূচনা হয় বাগদাদ প্ৰতিষ্ঠাৰ সময়ত। আব্বাছীসকলৰ দ্বিতীয় খলিফা আল-মানচুৰে ইয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। উদ্দেশ্য আছিল ডামাস্কাক কেন্দ্ৰ কৰি উমাইয়াদসকলৰ প্ৰভাৱ একেবাৰে নাইকিয়া কৰা। আৰু এই অঞ্চলত ছাছানীসকলৰ ঠাইত ইছলামিক শক্তি সকলো কালৰ বাবে প্ৰতিষ্ঠা কৰা। আৰু ইয়াৰ প্ৰভাৱ আছিল আব্বাছীসকলৰ ঘৰে ঘৰে। যাৰ ফলত সাম্ৰাজ্যৰ অনেক ৰীতি-নীতি ৰৈ যায়। ছাছানীৰ অভিজাত্য সকলে কিতাপ জমা ৰখাৰ কাৰণে ঘৰ সাজি লৈছিল, যাৰ নাম গঞ্জ। আবাসীৰ এই প্ৰতিশব্দ খিজানা। আল-মানচুৰে বাগদাদত তেনেকুৱা কিছু কাম কৰিবলৈ বিচাৰিছিল।
খলিফাই আলেকজেণ্ড্ৰিয়াৰ লাইব্ৰেৰীৰ পৰাও অনুপ্ৰাণিত হৈছিল। তেওঁৰ ইচ্ছা আছিল বাগদাদত এনেকুৱা এটা সংগ্ৰহালয় গঢ়ি তোলা যাৰ নাম হব খিজানাট আল-হিকমাহ। (Library of wisdom.)৭৫০ চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ সপোন সত্যত পৰিণত কৰে খলিফা হাৰুণ আল ৰচিদে। ৭৮৬ চনত ক্ষমতা লাভ কৰাৰ পাছতেই তেওঁ ৰাজদৰবাৰত থকা লাইব্ৰেৰীৰ এটা অংশ জনসাধাৰণৰ কাৰণে মুকলি কৰে। সেই দায়িত্ব ইয়াহাইয়া আল বাৰমাকিৰ ওপৰত পৰে।
প্ৰাথমিক পৰ্যায়ত খলিফাৰ ককাদেউতাক আৰু দেউতাকৰ লগত থকা শিল্প সাহিত্য আৰু বিজ্ঞান বিষয়ৰ কিতাপবোৰে এই লাইব্ৰেৰীত ঠাই পায়। পাৰস্য ৰূপকথা, ছাছানিয়ান জ্যোতিৰ্বিদ্যাৰ লেখা আদি আৰবী ভাষালৈ অনুবাদ কৰা হয়। ইয়াৰ কাৰণে অনুবাদক আৰু ব্যাখ্যাকাৰ সকলক নিয়োগ কৰা হৈছিল। এই পৰ্যায়ত অৱশ্যে প্ৰাচীন পাৰস্য ভাষাৰ গ্ৰন্থসমূহহে কেৱল আৰৱীত অনুবাদ হৈছিল। হাৰুন আল ৰচিদৰ পুত্ৰ পৰৱৰ্তী খলিফা আল-মামুনৰ সময়ত এই লাইব্ৰেৰীয়ে চুড়ান্ত ৰূপ পায়। আল-মামুনে ৮১৩ চনৰ পৰা ৮৩৩ চন পৰ্যন্ত শাসন কৰিছিল। মূল ভৱনটো পৰিবৰ্ধন কৰি তাত তেওঁ এখন একাডেমী স্থাপন কৰে। এই একাডেমীৰ নামেই হৈছে বাইতুল হিকমাহ। ৮২৯ চনত আলমামুনে ইয়াতে এটি মানৱ নিৰীক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰে। লাইব্ৰেৰীটো ডাঙৰ কৰাত তেওঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। কিংবদন্তি মতে চিচিলিৰ ৰাজকীয় লাইব্ৰেৰীটো তেওঁ ইয়ালৈ লৈ আহিছিল। সেই সময়ৰ বিজ্ঞান আৰু গণিতৰ উচ্চ মানৰ পাণ্ডুলিপিও তাত পোৱা গৈছিল। আলমামুনে সেইবোৰ অনুবাদ কৰিবলৈ বিচাৰিছিল। এই কাৰণে চিচিলিত তেওঁ বাতৰি পঠাইছিল যে ৰজাই তাৰ উপদেষ্টা সকলৰ লগত লাইব্ৰেৰীৰ কিতাপখিনি সম্পৰ্কে আলোচনা কৰিব লাগে । তেওঁৰ মতামত আছিল যে লাইব্ৰেৰীত থকা এই কিতাপবোৰ তেওঁৰ পুৰ্বপুৰুষৰ কোনো কামত অহা নাছিল। সেইবিলাক খলিফাক দি দিয়াই ভাল বুলি ভাবি দি দিছিল। খলিফাই চাৰিশ উট পঠাই এই কিতাপবোৰ আনিছিল।
আলমামুনৰ মৃত্যুৰ পাছতে বাইতুল হিকমাহৰ অৱক্ষয় আৰম্ভ হয়। পৰৱৰ্তী খলিফা আলমুটানিৰ আব্বাছীসকলৰ দ্বিতীয় ৰাজধানী হিচাপে সামাবায়লৈ অনেক বস্তু লৈ যোৱা হয়। সম্ভৱতঃ ইয়াৰ পাছৰ পৰাই লাইব্ৰেৰীৰ উৎকৰ্ষ সাধনৰ কাৰণে বিশেষভাবে পদক্ষেপ নললে। অৱশ্যে জ্ঞানপিপাসু সকলৰ কাৰণে সেই লাইব্ৰেৰী কোনো কাৰণতেই হীন হোৱা নাছিল। ব্যক্তিগত উদ্যোগত ইয়াত অনুবাদকসকলে কাম কৰিছিল। বাইতুল হিকমাহ সম্পূৰ্ণ ৰূপে ধ্বংস হয় ত্ৰয়োদশ শতিকাত। বাৰশ আঠাৱন চনত ধুমুহাৰ দৰে সুমাই পৰে দুৰ্ধৰ্ষ মোগল বাহিনী। বাগদাদ তচনচ কৰি পেলায়। নিৰ্বিচাৰভাৱে নৰহত্যা কৰি টাইগ্ৰিছ নদীখন ৰক্তাক্ত কৰি তোলে। এসময়ৰ গৌৰৱ উজ্জ্বল বাগদাদ পুৰি ছাৰখাৰ কৰি তোলে মোগলে আৰু ইয়াৰ লগে লগে নিঃশ্চিহ্ন হৈ পৰে বাইতুল হিকমাহ। জ্যোতিৰ্বিদ আলকুচিয়ে কিছু কিতাপ ৰক্ষা কৰিবলৈ সক্ষম হয়।
বাইতুল হিকমাহৰ প্ৰকৃত প্ৰভাৱক লৈ কিছু বিতৰ্ক আছে। বহুতে কব বিচাৰে ইয়াৰ নামটো যিবোৰ অনুবাদৰ লগত জড়িত হৈ আছিল সেইবোৰৰ বহু অনুবাদৰ পাছত বাইতুল হিকমাহৰ কোনো ভূমিকা নাছিল। তথাপিও এটা কথা স্বীকাৰ কৰিবই লাগিব যে লাইব্ৰেৰী গঢ়াৰ চৰ্চা চাৰিওফালে ইয়াৰ প্ৰভাৱৰ পৰাই আৰম্ভ হয়। অনেক ধৰ্নাধ্য ব্যক্তিয়ে নিজা উদ্যোগত ব্যক্তিগত লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিবলৈ প্ৰেৰণা পাইছিল। অন্যান্য ৰাষ্ট্ৰ সমূহেও বাগদাদৰ এই আদৰ্শৰে জ্ঞান বিজ্ঞানৰ পৃষ্ঠপোষকতা কৰে। ইছলামিক জগতৰ নামজ্বলা বিজ্ঞানীসকলক আকৃষ্ট কৰিবলৈ গঢ়ি তোলা হৈছিল এক বিশাল লাইব্ৰেৰী। সেই গৌৰৱোজ্জল ইতিহাসৰ সাক্ষী হৈ আজিও যেন জ্ঞান পিপাসুসকলৰ মনত বাইতুল হিকমাহ উজ্জ্বলি আছে।
লেখকৰ ঠিকনাঃ
তুলসীমুখ, নগাঁও
ম’বাইলঃ ৯৪০১৭২৩৯৬৬