বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা দেউৰী-চুতীয়া সাহিত্য সভা গঠন

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বোকাখাত বনগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্রত সোমবাৰে বোকাখাতৰ ১২ খন চুতীয়া জাতি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক সদস্যৰে এখন সাধাৰণ সভা আহ্বান কৰা হয়। উক্ত সভাত কমাৰগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন সন্মিলনৰ সভাপতি প্ৰতাপ বৰাক জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি, কুৰুৱাবাহী পৰঙনীয়াৰ শিক্ষক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল বৰাক কাৰ্যকৰী সভাপতি, বেচৰকাৰী সংস্থা বোকাখাতৰ গ্ৰাছৰ সম্পাদক, সমাজ কৰ্মী তথা ব্যবসায়ী ইন্দ্ৰেশ্বৰ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৫ জনীয়া এখন পূৰ্ণাংগ জিলা চুতীয়া জাতি সন্মিলনৰ সমিতি গঠন কৰা হয়।
উক্ত সভাতে বোকাখাত জিলা দেউৰী-চুতীয়া সাহিত্য সভাৰ সমিতিখনো গঠন কৰা হয়। এই সমিতিত ক্ৰমে সভাপতি কুৰুৱাবাহীৰ দুলাল বৰা, কাৰ্যকৰী সভাপতি আহুগাঁৱৰ প্ৰদীপ কুমাৰ বৰা আৰু সাধাৰণ সম্পাদকৰ পদত বাদুলীপাৰৰ শৰৎ শইকীয়া নিৰ্বাচিত হৈ ৩১ জনীয়া পূর্ণাঙ্গ সমিতি খন গঠন কৰা হয়। এই সভাত চুতীয়া উন্নয়ন পৰিষদৰ পৰা আৱণ্টিত ৪০ লাখ টকাৰ বাজেট প্ৰস্তুত কৰা হয়। তদুপৰি, চুতীয়া জাতিৰ নিবনুৱা সকলৰ কাৰিকৰী আৰু পশু পালনৰ প্ৰশিক্ষণৰ ব্যবস্থা হাতত লোৱা, চুতীয়া গাঁও সমূহত চুতীয়াৰ কলা-কৃষ্টি, ভাষা আদি চিনাকী কৰোৱা, আগন্তুক সময়ত সমষ্টিৰ সকলো চুতীয়া লোক সকলৰ উন্নতিৰ বাবে এক আঁচনি প্ৰস্তুত কৰা হৈছে আৰু সেই অনুযায়ী কামত আগবঢ়াৰ পৰিকল্পনা লোৱাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়। প্ৰতাপ বৰাই পৰিচালনা কৰা সভাখনিত আহ্বায়ক যতীন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে। সভাখনিত দেউৰী-চুতীয়া সাহিত্য সভা, অসমৰ সভাপতি তথা উন্নয়ন পৰিষদৰ সদস্য প্ৰতাপ চন্দ্র নেওগ আৰু সম্পাদক যতীন শইকীয়া, আন এজন উন্নয়ন পৰিষদৰ সদস্য চন্দ্র গগৈৰ লগতে চুতীয়া জাতিৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

  • Related Posts

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন