পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ উদ্যোগত যোৰহাটত কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন

পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ উদ্যোগত যোৰহাটত কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন

জিতুল কুমাৰ গগৈ, যোৰহাটঃ তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি (তাইচাব) আৰু পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ যুটীয়া উদ্যোগত যোৰহাটত এখনি কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন কৰিছে।

মহাবীৰ লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জন্ম জয়ন্তীৰ লগত সঙ্গতি ৰাখি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ৮ আঘোণ, দেওবাৰে (২৪ নৱেম্বৰ) ঐতিহাসিক যোৰহাট মহানগৰৰ ৰাজমাও পুখুৰীৰ সমীপত থকা “জয়াভৱন”ৰ পুষ্পা গগৈ সোঁৱৰণী কক্ষত পুৱা ১০ বজাৰ পৰা ত্ৰিশ বছৰ ঊর্ধ্বৰ মহিলা সকলৰ মাজত সপ্তম বার্ষিক কবিতা আবৃত্তি প্রতিযোগিতাখনি অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত পুষ্পা গগৈৰ স্বৰচিত “নির্জনতাৰ চনকা হৃদয়” নামৰ কবিতাটি আবৃত্তিৰ বাবে আয়োজক সমিতিয়ে নিৰ্বাচন কৰা হৈছে বুলি লাচিত দিৱসৰ উদযাপন সমিতিৰ সভাপতি তৰুণ গগৈ, উপ-সভাপতি ধীৰেণ কুমাৰ গগৈ, যুটীয়া সম্পাদক ঘনশ্যাম গগৈ আৰু সুব্রত পাৰ্থিৱ বৰাই জনাইছে। যোগদান মাছুল ৩০ টকা দি উক্ত প্ৰতিযোগিতাখনিত যোগদান কৰিব পৰা প্ৰতিযোগিতাখনৰ বিষয়ে ইচ্ছুক প্ৰতিযোগীয়ে আৰু কিবা জানিব বিচাৰিলে ৯৪৩৫০৯৫৮৬৫ আৰু ৯৮৫৪১৮৮১৬৮ এই নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে লগতে জনাইছোঁ।

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন