দুলীয়াজানত উত্তৰণ কবি চক্ৰৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান চোতাল অনুষ্ঠিত

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দুলীয়াজানৰ জয়ানগৰস্থিত কাঞ্চন গগৈ আৰু পুত্ৰ বিশিষ্ট সমাজ কৰ্মী ধ্ৰুৱজ্যোতি গগৈৰ বাসগৃহত ১৭ নৱেম্বৰত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান চোতাল অনুষ্ঠিত হৈ যায় । ডিব্ৰুগড় জিলা কবি সন্মিলনৰ অন্যতম সক্ৰিয় শাখা উত্তৰণ কবি চক্ৰৰ উদ্যোগত সভাপতি বিনোদ বৰাৰ সভাপতিত্বত অনুষ্ঠিত চোতাল অনুষ্ঠানটি সঞ্চালনা কৰে কবি নীলকান্ত শইকীয়াই।

উত্তৰণৰ সদস্যা সকলৰ সমবেত সংগীত আৰু ছাত্ৰ দৰিন বৰুৱাই হেম বৰুৱাৰ কবিতাৰে আৰম্ভণি কৰা চোতাল অনুষ্ঠানটিত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ অৰ্দ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰে । চোতাল অনুষ্ঠানৰ আৰম্ভণিতে অনুষ্ঠানটি অনুষ্ঠিত কৰা গৃহস্থ কাঞ্চন গগৈক সদৌ অসম কবি সন্মিলনৰ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়। উত্তৰণ কবি চক্ৰৰ সম্পাদক দীপালী তামুলীয়ে আতঁধৰা অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন সদৌ কবি সন্মিলনৰ বিষয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা ৰাজুমণি বেজবৰুৱা, সম্পাদক পবিত্ৰ বৰঠাকুৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰূপ চাংমাই,জীৱ গগৈ ,ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি পবিত্ৰ গগৈ আৰু সম্পাদক প্ৰশান্ত কুমাৰ দত্ত, তিনিচুকীয়া জিলা কবি সন্মিলনৰ সম্পাদক পুলক গগৈ, শিক্ষাবিদ ড° অজিৎ শইকীয়া,ড° চিত্ৰজিৎ শইকীয়া, অসম নাট্য সন্মিলনৰ উপ সভাপতি ড° বসন্ত খনিকৰকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কবি সন্মিলনৰ দৰে অসমৰ এটা জাতীয় অনুষ্ঠানে চোতাল দৰে বৌদ্ধিক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা এটি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে গৃহস্থ ধ্ৰুৱজ্যোতি গগৈয়ে সলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন