সংবিধান দিৱস বিশেষ

সংবিধান দিৱসৰ চিন্তাঃ সংবিধানপ্ৰদত্ত অধিকাৰ কাঢ়ি আনিব নোৱাৰিলে অচিৰেই ভিক্ষাৰী জাতিলৈ পৰিণত হ’ব অসমীয়া

— ধ্ৰুৱজ্যোতি সাহা৷

০১৫ চনৰ পৰা প্ৰতিবছৰে ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে যদিও এই সময়ৰ পৰাই যেন ভাৰতবৰ্ষত সংবিধান বেছিকৈ অসুৰক্ষিত হৈ পৰিছে৷ বিশ্বৰ আটাইতকৈ বৃহৎ কলেৱৰৰ ভাৰতবৰ্ষৰ সংবিধানখন অসুৰক্ষিত হোৱাৰ মূল বিষয়টোৱেই বৰ্তমানৰ চৰকাৰী ব্যৱস্থাটো৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, স্বয়ং ঈশ্বৰৰ নামত শপত লৈ জনগণক সুৰক্ষা প্ৰদানৰ শপত লোৱা জনগণৰ তথাকথিত নেতাৰ বাবেই সংবিধানৰ আলমত জীয়াই থকা গণতান্ত্ৰিক দেশখনৰ জনগণ আজি অসুৰক্ষিত হৈ পৰিছে৷ কোনোবাই মনৰ ভাৱ প্ৰকাশ কৰিবলৈ গ’লেই চৰকাৰী এজেন্সী লগাই কাৰাগাৰৰ অন্ধ কুঠৰীলৈ নিক্ষেপ কৰা হয়৷ মুঠতে ইন্দিৰা গান্ধীয়ে ভাৰতীয় ইতিহাসত কলংকিত অধ্যায়ৰ সূচনা কৰি যেনেকৈ জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল, সেই একেই জৰুৰীকালীন অৱস্থা বৰ্তমান অঘোষিত ৰূপত চলি আছে সমগ্ৰ দেশত৷

আমি সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰ পৰিচালনাৰ মূল আধাৰ এই সংবিধান ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান সভাই গ্ৰহণ কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰা হয়। ড° বি আৰ আম্বেদকাৰৰ নেতৃত্বৰ খচৰা কমিটীয়ে ২ বছৰ ১১ মাহ ১৮ দিনীয়া প্ৰচেষ্টাত সম্পূৰ্ণ কৰে দেশৰ সংবিধান। ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী হোৱাৰ সময়ত সংবিধানত মুঠ ৩৯৫টা অনুচ্ছেদ ৮টা অনুসূচী আৰু ২২টা সূচী আছিল৷ অৱশ্যে বৰ্তমান ৪৪৮টা অনুচ্ছেদ, ১২ টা অনুসূচী আৰু ২৫ টা ভাগ আছে৷ ২০১৫ চনৰ আগলৈকে ২৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে উদযাপন কৰি অহা হৈছিল যদিও ভাৰত চৰকাৰে গেজেট অধিসূচনাৰ জৰিয়তে ২০১৫ চনৰ পৰা এই ২৬ নৱেম্বৰ দিনটো দেশত সংবিধান দিৱস হিচাপে ঘোষণা কৰে৷ সাধাৰণ অৰ্থত সংবিধান দিৱস হৈছে গণতান্ত্ৰিক মূল্যবোধৰ উদযাপন। অৰ্থাৎ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট গণতান্ত্ৰিক নীতিসমূহৰ উদ্‌যাপনেই হৈছে সংবিধান দিৱসৰ মহত্ব। কিন্তু, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত গণতান্ত্ৰিক মূল্যবোধ ৰৈছেগৈ নে এই প্ৰশ্নটোৱে গণতান্ত্ৰিক ভাৱাপন্ন প্ৰতিগৰাকী ব্যক্তিকে চিন্তিত কৰি তোলে৷

দেশৰ সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰথম শাৰীটোত কোৱা হৈছে “We, the people of India”, আমি ভাৰতৰ নাগৰিক৷ ভাৰতৰ সংবিধানৰ সকলো অধিকাৰ আৰু শাসন ক্ষমতা জনগণৰ ওচৰত আছে আৰু সংবিধানখন জনগণৰ সাৰ্বভৌম অধিকাৰৰ ওপৰত আধাৰিত৷ অৰ্থাৎ এইখন দেশৰ নাগৰিকে লাভ কৰিব লাগিব সমতা, স্বাধীনতা, ন্যায়ৰ অধিকাৰ। কাৰণ, ভাৰতৰ সংবিধান জনগণৰ সংবিধান। সংবিধানৰ ভাগ তিনিত স্পষ্টকৈ উল্লেখ আছে সকলো নাগৰিকে লাভ কৰিব লাগিব সমান অধিকাৰ৷ কিন্তু, এই মৌলিক অধিকাৰ আজিৰ তাৰিখত সুৰক্ষিত নহয়৷ চৰকাৰী পৃষ্ঠপোষকতাতে জাতি-ভেদ্যতাৰ প্ৰসংগ বেয়াকৈ জনগণৰ মূৰত সোমোৱাবলৈ যত্ন কৰা হৈছে৷ আনহে নালাগে, আমাৰ অসম মূলকতে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯ ৰ ১(ক)ত উল্লেখ থকা বাক্‌ স্বাধীনতা আজি নোহোৱা হৈছে৷ সংবিধানৰ গণ্ডীত থাকি যদি কোনোবাই চৰকাৰী দুষ্কাৰ্যৰ বিৰুদ্ধাচৰণৰে ছবি আঁকে, তেতিয়াও জেলত, কোনোবাই কবিতা লিখিলেও জেলত অথবা কোনোবাই মুকলিকৈ মনৰ ভাৱ প্ৰকাশ কৰিলেও জেলত৷ শাসনৰ নামত কেকোঁৰাচেপা দিয়া চৰকাৰী ব্যৱস্থাটোৱে জনগণৰ ওপৰত চলোৱা শাৰীৰিক, মানসিক অত্যাচাৰৰ চৰম সীমাত আহি পৰাৰ পাছতো গণতান্ত্ৰিক চেতনাসম্পন্ন মানুহে মাত মাতিব নোৱাৰা এক পৰিৱেশৰ সূচনা হৈছে৷

আমি যদি লক্ষ্য কৰোঁ তেন্তে দেখা পাম, আজি কেইবছৰমানৰ পৰা অসমত এটাও গণতান্ত্ৰিক প্ৰতিবাদ হোৱা নাই৷ দুই-একে চেগাচোৰোকাকৈ কৰিছে যদিও এক ভীতিগ্ৰস্ততাই অনবৰতে খেদি ফুৰিছে তেওঁলোকক৷ এটা সময়ত অখিল গগৈ বুলি ক’লে অসমৰ সৰ্বস্তৰৰ লোকে সমৰ্থন কৰিছিল, আজি অখিল গগৈ কাগজৰ বাঘ হ’ল৷ চৰকাৰী আৱেষ্টনীৰ মাজত থকা অখিল গগৈয়ে ৰাজনৈতিক বক্তব্যৰে কেৱল মাজে-মধ্যে নিজৰ অস্তিত্ব বৰ্তাই থকা হ’ল৷ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ে সকলোৱে জানেই৷ নেতা সৃষ্টি কৰি শাসকীয় দলৰ নেগুৰত ধৰাৰ বাট মুকলি কৰা এটা সংগঠনৰ ৰূপত প্ৰতিষ্ঠা হ’ল৷ জাতীয়তাবাদৰ ধ্বজাবাহক আছু আজি বিবৃতি দিয়া নিয়মমাফিক সংগঠন হ’ল৷ মূল্যবৃদ্ধি, নিবনুৱা সমস্যাই জনগণক কোঙা কৰি পেলাইছে, ছাত্ৰৰ ওপৰত পুলিচৰ সন্ত্ৰাস, চৰকাৰী পক্ষৰ বিভিন্ন অন্যায়ত সাধাৰণ জনতা তিষ্ঠিব নোৱাৰা হৈছে, অথচ এসময়ৰ অসমৰ কণ্ঠ আছু আজি সুখ নিদ্ৰাত৷ মানুহৰ কাৰণে চিন্তা কৰা ড° হীৰেন গোহাঁইৰ কথা আজি কোনেও নুশুনে৷ বাওঁপন্থীসকল সমাজৰ উত্তৰণৰ অভিশাপ, বাওঁপন্থী এটা গালি, অশ্লীল শব্দ বুলি শাসকে অহৰহ প্ৰচাৰ কৰি আছে যদিও সেয়া নস্যাৎ কৰিবলৈ ড° হীৰেন গোহাঁইয়েই হওক অথবা আন বাওঁপন্থীসকলেই হওক সময়ৰ লগত ফেৰ মাৰি একো কৰিবলৈ যত্ন কৰা নাই৷ মানুহক জাগ্ৰত কৰাৰ দায়িত্ব ল’বলৈ কিয় মনোৰঞ্জন তালুকদাৰ, বিবেক দাস আদিয়ে কচৰৎ কৰা নাই সেয়াও আজি এক বহুমূলীয়া প্ৰশ্ন৷ কিয় নৱপ্ৰজন্মৰ মাজত ১৫ টকীয়া আলু ৩৫ টকীয়া হোৱা, পিঁয়াজৰ দামে কন্দাই তোলা, লাখ কোটি টকাৰ ঋণৰ বোজাৰ বিষয়ে এইসকলে সঠিককৈ প্ৰকাশ কৰা নাই সেয়া কোনেও নাজানে৷ ‘বিপ্লৱ হ’লে ক’বা, আমিও বিপ্লৱ কৰিবলৈ যাম’ জাতীয় অসুস্থ কথা এটা বুকুত বান্ধি যেন সকলো অপেক্ষাৰত৷ এনেকুৱা নহয় যে সাধাৰণ জনগণৰ অন্তৰত চৰকাৰী ব্যৱস্থাটোৰ বিৰুদ্ধে ক্ষোভ নাই৷ আছে৷ কিন্তু, কোন আহিব আগবাঢ়ি৷ আগবাঢ়ি আহিলেই সঁচাই-মিছাই ৰোষত পৰিব৷ আৰক্ষী-মেলিটেৰী লগাই অত্যাচাৰ কৰিব৷ ই ডি, চি বি আইৰ দ্বাৰা হাৰাশাস্তি কৰিব৷ অথবা পোহনীয়া সংবাদ মাধ্যমৰ দ্বাৰা চৰিত্ৰহনন কৰিব৷ তাৰ উপৰি নিজৰ ১৫০০ টকীয়া ব্যৱস্থাটো আছেই৷ মুঠৰ ওপৰত কোনেও মাত মাতিব নোৱাৰিব৷ সংবিধানৰ অন্যতম গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত অনুচ্ছেদ ২১ অনুযায়ী মৰ্যাদাসম্পন্নভাৱে জীয়াই থকাৰ অধিকাৰ আজি নোহোৱা হৈছে৷ কেৱল হিতাধিকাৰী হৈ গৰিমাপূৰ্ণ জীৱন এটা উদ্‌যাপন কৰিব নোৱাৰি বুলি জানিও হিন্দু-মুছলমান, অসমীয়া-অনা অসমীয়া হৈ আছে মানুহবোৰ৷

আমি সেই আশা কৰাটো ভুল হ’ব যে চৰকাৰখনে আমাৰ অধিকাৰক মান্যতা দি সংবিধান সুৰক্ষিত কৰিব৷ বৰং যি সকলৰ কথা জনতাই দীৰ্ঘদিন ধৰি শুনি আহিছে অন্ততঃ সেইসকলে সাধাৰণ খাটিখোৱা জনতাক একত্ৰিত কৰাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত ল’ব লাগিব৷ বুজাই তুলিব লাগিব যে সংবিধানৰ অনুচ্ছেদ ২১ (ক) অনুযায়ী ৬ৰ পৰা ১৪ বছৰৰ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক নাইকিয়া কৰিবৰ বাবেই অসমত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰা হৈছে৷ বুজাই তুলিব লাগিব চৰকাৰী স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থাৰ বাবে যে শাসকগোষ্ঠীয়েই দায়ী৷ শিক্ষা, স্বাস্থ্যৰ লগত কোনো ধৰণৰ আপোচ নকৰিবলৈ জনগণক শিক্ষিত কৰি তুলিব লাগিব৷ জনগণেও মনত পেলাব লাগিব ১৭৮৯ চনৰ পৰা ১৭৯৯ চনলৈকে সংঘটিত ফৰাচী বিপ্লৱৰ কথা, মনত পেলাব লাগিব ৰুছ বিপ্লৱৰ কথা৷ কেনেকৈ অত্যাচাৰী শাসন ব্যৱস্থা উফৰাই পেলাইছিল সাধাৰণ জনতাই৷ প্ৰয়োজন সাপেক্ষে ইতিহাস অধ্যয়ন কৰি হ’লেও মনত পেলাব লাগিব ১৭৭৩ চনত আইন প্ৰণয়নেৰে গোঁজে গঁজালি মেলাৰ পাছতো কেনেকৈ ভাৰত ভূমিৰ পৰা ইংৰাজক খেদি পঠিওৱা হৈছিল৷ মহাবীৰ লাচিতৰ তেজ থকা অসমীয়াই মনত পেলাব লাগিব মাতৃভূমিৰ সুৰক্ষাৰ কাৰণে কিমান পৰাক্ৰমৰে মোগলৰ স’তে পূৰ্বজসকলে যুঁজ দিছিল৷ জনগণৰ ঐক্যবদ্ধ ৰূপৰ দ্বাৰাহে দেশৰ নাগৰিকক সমতা, স্বাধীনতা, ন্যায়ৰ অধিকাৰ প্ৰদান কৰিবলৈ ৰাষ্ট্ৰযন্ত্ৰক বাধ্য কৰিব পাৰি৷ কিন্তু, মনত ৰখা উচিত যে অধিকাৰ উপহাৰ হিচাপে নাপায়৷ অধিকাৰ কাঢ়ি আনিব লাগে৷ হিতাধিকাৰী হৈ থাকিলে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি৷ কৰ্ম আৰু কাৰ্যৰ জৰিয়তে হিতাধিকাৰী হৈ থাকি এলেহুৱা হৈ পৰা অসমীয়াই সংবিধানপ্ৰদত্ত অধিকাৰ কাঢ়ি আনিবলৈ যত্ন কৰিব লাগিব৷ অন্যথা অচিৰেই ভিক্ষাৰী জাতিলৈ পৰিণত হ’ব অসমীয়া জাতি৷

লেখকৰ ফোনঃ ৯১০১৩০২৩৩১

  • Related Posts

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান শ্ৰেষ্ঠা অভিনেত্ৰী —অজন্তা তালুকদাৰ। (অৰ্পণঃ পৰম্পৰা, ৰীতি, বান্ধোন, দায়বদ্ধতাৰ কটকটীয়া অন্তৰকৰ মাজত জীৱন পাৰ কৰি নিজৰ সপোন জলাঞ্জলি দিয়া এখিনি নিষ্পেষিতা, অসহায়…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস