৯ ডিচেম্বৰৰ পৰা যোৰহাটত জিলা কৃষি বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত ‘কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া’ আৰম্ভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ অহা সোমবাৰৰ পৰা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে ‘কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া’ (Farmers’ Registry) শীৰ্ষক এটি কাৰ্যসূচী আৰম্ভ কৰিছে। এই কৃষক পঞ্জীয়ন কাৰ্যসূচী যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়, তিতাবৰস্থিত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়, প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত ‘পঞ্জীয়ন কেন্দ্ৰ’ত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব বুলি যোৰহাট জিলা কৃষি বিষয়া দেৱজিৎ দত্তই এক বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে। অহা ৯ ডিচেম্বৰৰ পৰা তিনিটা পৰ্যায়ত এই প্ৰক্ৰিয়া সম্পন্ন হ’ব। তাৰে প্ৰথম পৰ্যায় ৯ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ, দ্বিতীয় পৰ্যায় ১৬ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ আৰু তৃতীয় পৰ্যায়ত হ’ব অহা ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰিলৈ সম্পন্ন হ’ব। কৃষকসকলে নিজৰ নাম পঞ্জীয়নৰ বাবে নিজৰ আধাৰ কাৰ্ড, আধাৰ পঞ্জীকৃত ম’বাইল ফোন (Aadhaar registered mobile phone) আৰু নিজৰ নাম থকা মাটিৰ জমাবন্দী অনাতো বাধ্যতামূলক। উল্লেখযোগ্য যে, আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে ‘কৃষক পঞ্জীয়ন’ (Farmers’ Registry) কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত হোৱাতো বাঞ্চনীয় বুলি লগতে জনাইছে।

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ