‘চিৰন্তন সাহিত্যৰ দিন’ৰ উদ্যোগত “ৰাজপথৰ কবিতা“উন্মোচন

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ ১৯৯৮ চনৰ ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা “ৰাজপথৰ কবিতা’’ এইবেলিও “চিৰন্তন সাহিত্যৰ দিন’’ৰ উদ্যোগত পাণবজাৰৰ দি আচাম কো-অপাৰেটিভ বেংকৰ সন্মুখৰ পদপথত অনুষ্ঠিত হয়৷

মানৱতা,গণতন্ত্ৰ-সম্প্ৰীতিৰ চিন্তা চেতনা জগাই শুভ মূল্যবোধৰে আগুৱাই যোৱাৰ বাবে অনুষ্ঠিত এইবেলিৰ “ৰাজপথৰ কবিতা’’ৰ শুভ উদ্বোধন কৰে অসমৰ এগৰাকী বিশিষ্ট কবি,সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক জয়ন্ত কুমাৰ মান্তা দেৱে। উদ্বোধনী ভাষণ প্ৰসংগত তেখেতে কবিতাক সামাজিক ব্যাধিৰ বিৰোধিতাৰ অস্ত্ৰ বুলি উল্লেখ কৰি কয় যে যিয়ে মানুহক বেয়া ক’ব , বেয়া চাব, বেয়া নুশুনিবলৈ প্ৰেৰণা যোগায়৷

ৰাজপথৰ কবিতাত আজি অসমৰ বহু কেইগৰাকী বিশিষ্ট কবি ৰুদ্ৰসিংহ মটক, ৰত্নেশ্বৰ বসুমতাৰী, ইছমাইল হোছেইন, ডঃ আৰমেদা আহমেদ, নীলাভ সৌৰভ, নগেন মেধি, সমুদ্ৰ শৰ্মা, ভানুমতী পাঠক, প্ৰতুল কুমাৰ শৰ্মা, উত্তম কুমাৰ দত্ত, গজেন দাস, নিলীমা গোস্বামী শৰ্মা, অচিন্ত কৃষ্ণ শৰ্মা, মণিমুগ্ধ মহন্তই স্বৰচিত কবিতা পাঠ কৰে৷ হুমায়ুণ চৌধুৰীয়ে ডঃ ভূপেন হাজৰিকাৰ গীত পৰিবেশনে অনুষ্ঠানটোৰ সকলোৰে মন মোহিত কৰে৷ অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট কবি শংকৰ শইকীয়াই৷ সভাপতি বিশিষ্ট গল্পকাৰ প্ৰভাত দাসে সকলোৰে সহযোগিতাৰ বাবে সতীৰ্থ সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। সম্পাদক মুনীন্দ্ৰ মহন্তই আগলৈও সকলোৰে সহায় সহযোগ কামনা কৰি শলাগৰ শৰাই আগবঢ়ায়৷

  • Related Posts

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন