বোকাখাতত অহা বৰ্ষৰ ২২ ৰ পৰা ২৬ মাৰ্চলৈ পাঁচ দিনীয়া ‘বোকাখাত গ্ৰন্থমেলা ২০২৫’ ৰ আয়োজন, উদযাপন সমিতি গঠন

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ
বোকাখাতৰ বৌদ্ধিক সমাজৰ সহযোগিতাত ২০২৫ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হ’ব বোকাখাত গ্ৰন্থমেলা-২০২৫৷ ২০২৫ বৰ্ষৰ ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাৰ আজি প্ৰথমখন বৈঠক অনুষ্ঠিত হয়৷ এই উপলক্ষে প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাতৰ উদ্যোগত বৃহত্তৰ বোকাখাতৰ সচেতন নাগৰিকক লৈ আজি বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগণত এখন উদযাপন সমিতি গঠন কৰা হয়।

প্ৰস্তাৱিত ‘বোকাখাত গ্ৰন্থমেলা ২০২৫’ ৰ এগৰাকী আহ্বায়ক পল্লৱ হাজৰিকাই আঁত ধৰা প্ৰস্তুতি সভাত সভাপতিমণ্ডলী হিচাপে সভাপতিত্ব কৰে সাহিত্যিক পেঞ্চনাৰ তথা বিশিষ্ট কবি দিলীপ ফুকন, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট সাহিত্যিক তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নিজৰা বৰঠাকুৰ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাত শাখাৰ সভাপতি আনিছুৰ ৰহমান, অসম সাংস্কৃতিক মহাসভা, বোকাখাত আঞ্চলিকৰ সভাপতি মনোৰঞ্জন সেন, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উপদেষ্টা অমৰ কাকতিয়ে৷ সভাপতি মণ্ডলীৰ হৈ সভাখন পৰিচালনা কৰে দিলীপ ফুকনে।

যুটীয়া মুখ্য সমন্বয়ক ড° বিদ্যুৎ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰে। সভাত উদ্দ্যেশ্য সন্দৰ্ভত সামগ্ৰিক আলোকপাত কৰে অন্যতম যুটীয়া সমন্বয়ক সোণেশ্বৰ নৰহে। তেখেতে কয়, প্ৰয়াস অধ্যয়ন চক্ৰই বিগত ২৫টা বছৰে কচৰতৰ মাজেৰে বোকাখাতৰ বৌদ্ধিক সমাজত যি অৱদান আগবঢ়াই আহিছে সেয়া অনাগত দিনতো অব্যাহত ৰাখিবলৈ প্ৰয়াস কৰিব৷ বোকাখাতৰ জনগণৰ মানস সন্তান প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত অনুষ্ঠিত কৰিবলগীয়া গ্ৰন্থমেলা-২০২৫ৰ বাবে সকলো জনগণকে টঙালি বান্ধিবলৈ আহ্বান জনায়৷ সভাত সদ্যঘোষিত অসম চৰকাৰৰ ‘পৰিৱেশ মিত্ৰ বঁটা ২০২৪’ৰ প্ৰাপক উত্তম শইকীয়া আৰু সদ্য সাহিত্যিক পেঞ্চন প্ৰাপক দিলীপ ফুকন, দেশৰ ২২ টা ৰাজ্যিক ভাষাত ৫০০ৰো অধিক ৰেডিঅ’ চেণ্টাৰত নাটক প্ৰচাৰৰ কৃতিত্ব লাভ কৰা ঋতুপৰ্ণ দাস, সাহিত্যিক বঁটা লাভ কৰা মিনতি দলে, জ্যেষ্ঠ ৰাষ্ট্ৰীয় আৰবিটাৰ হিচাপে স্বীকৃতি লাভ কৰা ধ্ৰুৱজ্যোতি সাহা, চৰাই আৰু প্ৰকৃতিৰ বাবে বঁটা লাভ কৰা আবিদুৰ ৰহমানলৈ আজিৰ গ্ৰন্থমেলা প্ৰস্তুতি সভাক উপহাৰ বুলি প্ৰকাশ কৰে আৰু উপস্থিত ৰাইজে এজাউৰি হাত চাপৰিৰে শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰে। সভাত উপস্থিত দিলীপ ফুকন আৰু উত্তম শইকীয়াক এটিকৈ গ্ৰন্থৰ টোপোলা আৰু ফুলৰ তোৰাৰে সম্বৰ্ধনা জনোৱা হয়। নুমলীগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈক সভাতে সম্বৰ্ধনা প্ৰদান কৰে। সভাত সভাপতি মণ্ডলীৰ লগতে আৰু বক্তব্য প্ৰদান কৰে ক্ৰমে মিণ্টু সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট প্ৰকৃতিকৰ্মী উত্তম শইকীয়া, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লোকশিল্পী তথা ঢোলৰ ওজা ধনেশ্বৰ শইকীয়া, অৱসৰপ্ৰাপ্ত বেংক বিষয়া অমৃৎ নাথ, বিশিষ্ট সংগীত শিল্পী বিজয় শৰ্মা, বিশিষ্ট সমাজকৰ্মীদ্বয় নৱজ্যোতি ৰাজখোৱা আৰু দেৱজিৎ বৰা আদিয়ে। উল্লেখ্য যে বোকাখাতত সাংবাদিকতাৰ বাটকটীয়া তথা আপকুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰদ্বাৰা সংগৃহীত এসময়ৰ উল্লেখনীয় আলোচনী ‘চোভিয়েট দেশ’ (অসমীয়া) আৰু ‘চোভিয়েট লেণ্ড’ (ইংৰাজী), ৰাছিয়াৰ ভষ্টক পাবলিকেশ্যন আৰু কলকাতাৰ প্ৰগ্ৰেছিভ বুক পাব্লিকেচনৰ প্ৰকাশিত বহু সংখ্যক গ্ৰন্থ প্ৰয়াত শইকীয়াৰ পুত্ৰ উত্তম শইকীয়াই আজিৰ সভাতে বোকাখাত জাতীয় বিদ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কলিয়াবৰৰ গীতিকাৰ, সুৰকাৰ নয়ন শইকীয়াৰ লিখিত আৰু ৰচিত গীতটি গ্ৰন্থমেলাৰ শীৰ্ষ গীত হিচাবে গ্ৰহণ কৰা হয়। সভাতে দিলীপ ফুকনক সভাপতি, কাৰ্যকৰী সভাপতি ড° ৰুবী বৰা, উপ-সভাপতি অজিত গগৈ আৰু ক্ৰমে ড° বিদ্যুৎ শইকীয়া, শশাংক ধৱল শইকীয়া, সুব্ৰত পুৰকায়ষ্ঠক সম্পাদক হিচাবে লৈ গ্ৰন্থমেলাৰ উদযাপন সমিতিখন গঠন কৰা হয়। গ্ৰন্থমেলাত ৫ খন একাংকিকা আৰু ৫ খন পূৰ্ণাংগ ৫ খন অনুষ্ঠিত হোৱাৰ কথাও ঘোষণা কৰা হয়। অনুষ্ঠানত গ্ৰন্থমেলা প্ৰস্তুতিৰ আহ্বায়ক মণ্ডলী, প্ৰয়াস অধ্যয়ন চক্ৰৰ বিষয়ববীয়া, সদস্য, বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ইনজু আহমেদ, বিদ্যালয়ৰ একাংশ শিক্ষক শিক্ষয়িত্ৰী, বিশিষ্ট শিল্পী, কবি, নাট্যকৰ্মী, লেখক, সাংস্কৃতিককৰ্মী, সমাজকৰ্মী, একাংশ স্থানীয় সাংবাদিককে ধৰি বোকাখাতৰ ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বোকাখাত গ্ৰন্থমেলা ২০২৫ ৰ মুখ্য সমন্বয়কদ্বয় ড° বিদ্যুৎ বৰুৱা আৰু সোণেশ্বৰ নৰহে সহায় সহযোগেৰে সামগ্ৰিকভাৱে বোকাখাত গ্ৰন্থমেলা ২০২৫ সফল কৰি তুলিবলৈ ৰাইজলৈ আহ্বান জনায়। পৰবৰ্তী ১৪ ডিচেম্বৰ শনিবাৰে বিয়লি ২ বজাত পূৰ্ণ সমিতি গঠন আৰু উপসমিতিৰ আহ্বায়ক মণ্ডলী গঠন কৰাৰ কথা ঘোষণা কৰে। অসমৰ জাতীয় সংগীতেৰে সভাৰ সামৰণি মাৰে।

  • Related Posts

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন